প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিএম-কিষাণ কর্মসূচীৰ আওতাত অষ্টম কিস্তিৰ আর্থিক সুযোগ-সুবিধা ১৪ মে'ত হস্তান্তৰিত কৰিব প্রধানমন্ত্রীয়ে
प्रविष्टि तिथि:
13 MAY 2021 1:15PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ মে') দিনৰ ১১টাত ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত প্রধানমন্ত্রী কিষাণ সন্মান নিধি (পিএম-কিষাণ) কর্মসূচীৰ অষ্টম কিস্তিৰ আর্থিক সুযোগ-সুবিধা হস্তান্তৰিত কৰিব। কর্মসূচীৰ অষ্টম পর্যায়ত ৯ কোটি ৫০ লক্ষৰ অধিক সুফলভোগী কৃষক পৰিয়ালৰ বেঙ্ক একাউন্টলৈ ১৯,০০০ কোটি টকাৰ অধিক হস্তান্তৰিত কৰা হ'ব। এই উপলক্ষে প্রধানমন্ত্রীয়ে কেইবাজনো সুফলভোগী কৃষকৰ সৈতে মতবিনিময় কৰিব। অনুষ্ঠানত কেন্দ্রীয় কৃষিমন্ত্রী উপস্থিত থাকিব।
পিএম-কিষাণ কর্মসূচী সম্পর্কে
পিএম-কিষাণ কর্মসূচীৰ আওতাত যোগ্য কৃষক পৰিয়ালসমূহক বার্ষিক ৬ হাজাৰ টকাৰ আর্থিক সুবিধা দিয়া হয়। চাৰিটা মাহিলী কিস্তিত তিনিবাৰ ২ হাজাৰ টকাকৈ আর্থিক সুবিধা দিয়া হয়। কর্মসূচীৰ আওতাত প্রদেয় অর্থ পোনপটীয়াকৈ সুফলভোগীসকলৰ বেঙ্ক একাউন্টত জমা হয়। এতিয়ালৈকে সুফলভোগী কৃষক পৰিয়ালসমূহৰ বেঙ্ক একাউন্টত কর্মসূচীৰ মাধ্যমত ১ লক্ষ ১৫ হাজাৰ কোটি টকাৰ অধিক হস্তান্তৰিত কৰা হৈছে।
*********
DS/AK
(रिलीज़ आईडी: 1718348)
आगंतुक पटल : 282
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam