প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আইএনএৰ বৰ্ষীয়ান সৈনিক ললিত ৰাম জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

Posted On: 09 MAY 2021 1:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএনএৰ বৰ্ষীয়ান সৈনিক ললিত ৰাম জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটত শ্ৰী মোদীয়ে কয়,
"আইএনএৰ বৰ্ষীয়ান সৈনিক ললিত ৰাম জীৰ দেহাৱসানত মই শোকস্তব্ধ হৈছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ তেওঁৰ ত্যাগ আৰু অৰিহণা আমি কেতিয়াও পাহৰিব নোৱাৰো। তেওঁৰ সৈতে মতবিনিময়ৰ দিনবোৰ সোঁৱৰণ কৰিছো। তেওঁৰ দৰে মহান ব্যক্তিয়ে ভাৰতৰ ইতিহাসত উল্লেখনীয় প্ৰভাৱ পেলাই থৈ গ’ল।"

***

DS/VJ/AK/MS



(Release ID: 1717666) Visitor Counter : 112