স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৮ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ যোগান ধৰিছে

এতিয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০লাখতকৈ অধিক ড’জ মজুত আছে

অহা তিনি দিনত অতিৰিক্ত ৭লাখ ড’জ লাখ কৰিব

Posted On: 11 MAY 2021 10:28AM by PIB Guwahati

ক’ভিড মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পাঁচটা কৌশলৰ অন্যতম হৈছে টিকাকৰণ৷ ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰি দেশজোৰা টিকাকৰণ অভিযানলৈ সহায় আগবঢ়াই আহিছে৷

যোৱা ১ মে’, ২০২১ৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ ক’ভিড-১৯ ভেকচিন প্ৰদানৰ গতি ত্বৰান্বিত কৰিবলৈ বিশেষ কৌশল অৱলম্বন কৰা হৈছে৷ এই কৌশলে এইটো স্পষ্ট কৰিছে যে প্ৰতি মাহত কোনো প্ৰস্তুতকৰ্তাই প্ৰস্তুত কৰা ভেকচিনৰ ৫০% ভাৰত চৰকাৰে ক্ৰয় কৰে৷ সেই অনুসৰি প্ৰতি মাহে ভাৰত চৰকাৰে ৰাজ্যসমূহক পূৰ্বৰ দৰেই বিনামূলীয়াকৈ যোগান ধৰি আহিছে৷

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১৮,০০,০৩,১৬০ কোটি ভেকচিন ড’জ বিনামূলীয়াকৈ যোগান ধৰিছে৷ ইয়াৰে ভিতৰত ইতিমধ্যে নষ্ট হোৱা ভেকচিনকে ধৰি মুঠ ১৭,০৯,৭১,৪২৯টা ড’জ ব্যৱহাৰ কৰা হৈছে৷

এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০,৩১,৬৯১টা ভেকচিন ড’জ মজুত আছে৷ তদুপৰি, অহা তিনি দিনত অতিৰিক্ত ৭লাখ ড’জ লাখ কৰিব৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image00131Y0.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020NMQ.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image0037Q95.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image004997H.jpg

 

******

 

MV/M

HFW/COVID Vaccine doses to States/11thMay 2021/1/DB



(Release ID: 1717654) Visitor Counter : 213