প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-৯ৰ পৰিপ্ৰেক্ষিতত জন-স্বাস্থ্য সম্পৰ্কীয় সতৰ্কতামূলক ব্যৱস্থাপনাৰ সমীক্ষা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ক’ভিডে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিৰ ৰাজ্য তথা জিলা ভিত্তিক পৰ্যালোচনা

স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিসৰ সম্প্ৰ্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক বিধি-নিৰ্দেশনা আদিৰে সহায় আগবঢ়াবলৈ নিৰ্দেশ

ঔষধৰ পৰ্যাপ্ততা পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

টীকাকৰণ অভিযানৰ অগ্ৰগতিৰ বুজ ল’লে

টীকাকৰণৰ গতি স্তিমিত নকৰাতো নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক সঁকীয়ালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 06 MAY 2021 2:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত ক’ভিডে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিৰ বিস্তৃত পৰ্যালোচনা কৰে। বিভিন্ন ৰাজ্য তথা জিলাসমূহত ক’ভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ বিস্তৃত তথ্য প্ৰধানমন্ত্ৰীৰ ওচৰত অৱগত কৰা হয়। দেশৰ ১২খনতকৈয়ো অধিক ৰাজ্যত ১লাখতকৈয়ো অধিক লোক ক’ভিডৰ সমক্ৰমণত আক্ৰান্ত হৈ সক্ৰিয় ৰোগী হিচাপে চিকিত্সাধীন হ’বলগীয়া হোৱাৰ তথ্য প্ৰধানমন্ত্ৰীক দিয়া হৈছে। অধিক হাৰত সংক্ৰমণৰ কবলত পৰা জিলাসমূহৰ তথ্যও প্ৰধানমন্ত্ৰীৰ ওচৰত দাঙি ধৰা হৈছে।

ইফালে, ৰাজ্যসমূহে সম্প্ৰসাৰণ কৰা স্বাস্থ্য আন্তঃগাঁথনিৰ সবিশেষ তথ্যও প্ৰধানমন্ত্ৰীক অৱগত্ কৰা হৈছে। এই প্ৰসংগত যাৱতীয় বিধি-নিৰ্দেশনাকে ধৰি ৰাজ্যসমূহক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

তত্কালীন আৰু বিস্তৃত পৰিসৰৰ ক’ভিড-সংক্ৰমণ আৱদ্ধকৰণৰ ব্যৱস্থাৱলী সুনিশ্চিতকৰণ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰে আলোচনা কৰা হয়। ক’ভিড আক্ৰা্ন্তৰ হাৰ ১০%ৰ অধিক হোৱা কিম্বা ‘আইচিইউ’সমূহৰ অক্সিজেনৰ ব্যৱস্থা সম্বলিত হোৱা বা নোহোৱা ৬০% বিচনা ভৰি পৰা জিলাসমূহক চিনাক্ত কৰাৰ বাবে গোঁহাৰি জনাই  ৰাজ্যসমূহলৈ এক বিধি-নিৰ্দেশনা জাৰি কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে বিশেষ ভাবে উল্লেখ কৰে।

ঔষধৰ পৰ্যাপ্ততা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই প্ৰসংগত ‘ৰেমডিচিভিৰ’কে ধৰি প্ৰয়োজনীয় ঔষধসমূহৰ উত্পাদনৰ হাৰ দ্ৰুত গতিত বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীক তথ্য অৱগত কৰা হৈছে।

আনহাতে,  দেশত অব্যাহত থকা ক’ভিডৰ টীকাকৰণ অভিযানৰ অগ্ৰগতি তথা আগন্তুক কেইটামাহত প্ৰতিষেধকৰ উত্পাদনৰ হাৰ বৃদ্ধি কৰাৰ বাবে যুগুতোৱা পৰিকল্পনাৰো সমীক্ষা কৰে প্ৰধানমন্ত্ৰীয়ে। এই পৰ্যন্ত ১৭.৭ কোটি পালি প্ৰতিষেধক ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীক তথ্য দাঙি ধৰা হৈছে।

আজিৰ সভাত ৰাজনাথ সিং, অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, ড০ হৰ্ষ বৰ্দ্ধন, পিয়ুষ গোৱেল, মনসুখ মাণ্ডৱীয়াকে ধৰি আন বহুকেইগৰাকী মন্ত্ৰী আৰু শীৰ্ষ বিষয়া উপস্থিত আছিল।

*****

DS/AKJ/KB



(Release ID: 1716594) Visitor Counter : 185