কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

আইডিবিআই বেংক লিমিটেডৰ কৌশলগত পুনঃবিনিয়োগ আৰু ব্যৱস্থাপনা নিয়ন্ত্ৰণৰ হস্তান্তৰত কেবিনেটৰ অনুমোদন

Posted On: 05 MAY 2021 4:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আইডিবিআই বেংক লিমিটেডৰ ব্যৱস্থাপনা নিয়ন্ত্ৰণৰ হস্তান্তৰকে ধৰি কৌশলগত পুনঃবিনিয়োগত নীতিগত অনুমোদন জনালে। সংশ্লিষ্ট শ্বেয়াৰহ’ল্ডিঙৰ সীমা ভাৰত চৰকাৰৰদ্বাৰা বিভাজন কৰা হ’ব আৰু এলআইচিয়ে আৰবিআই ৰ সৈতে আলোচনা মৰ্মে লেন-দেনৰ সংৰচনাৰ সময়ত সিদ্ধান্ত ল’ব।

ভাৰত চৰকাৰ (GoI) আৰু এলআইচি এ একেলগে আইডিবিআই বেংকৰ ইকুইটিৰ ৯৪% ৰোধিক লাভ কৰিছে (ভাৰত চৰকাৰ ৪৫.৪৮%, এলআইচি ৪৯.২৪%)। সম্প্ৰতি এলআইচি হৈছে ব্যৱস্থাপনা নিয়ন্ত্ৰণৰ সৈতে আইডিবিআইৰ প্ৰম’টাৰ আৰু ভাৰত চৰকাৰ হৈছে সহ-প্ৰম’টাৰ।

এলআইচিয়ে আইডিবিআই বেংক লিমিটেডৰ সৈতে থকা ইয়াৰ শ্বেয়াৰহ’ল্ডিং হ্ৰাস কৰিব পাৰে বুলি এলআইচি ব’ৰ্ডে এটা প্ৰস্তাৱ পাৰিত কৰে। ইয়াৰ অৰ্থে এলআইচিয়ে ইয়াৰ শ্বেয়াৰ পৰিত্যাগ তথা চৰকাৰখনৰদ্বাৰা পৰিকল্পিত কৌশলী শ্বেয়াৰ বিক্ৰীৰ পোষকতা কৰে। এলআইচিৰ এই অভিপ্ৰায়ৰ আঁৰত আছে বিবেচনা মূল্য, মাৰ্কেট আউটলেট, আইনী চৰ্ত আৰু পলিচী হ’ল্ডাৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি ব্যৱস্থাপনা নিয়ন্ত্ৰণ পৰিত্যাগ কৰা।

এলআইচি ব’ৰ্ডৰ এই সিদ্ধান্ত তদুপৰি বেংকটোত ইয়াৰ শ্বেয়াৰ হ্ৰাসৰ অৰ্থে ইয়াৰ প্ৰতি নিয়ামক ৰায়ৰ সৈতে সামঞ্জস্যপূৰ্ণ।

এই অনুমোদনৰ ফলত এই সম্ভাৱনাই দেখা পোৱা গৈছে যে আইডিবিআই বেংক লিমিটেডৰ বৰ্ধন আৰু বাণিজ্যিক সম্ভাৱনাৰ অনুকূল উন্নয়নৰ অৰ্থে কৌশলী ক্ৰেতাই পুঁজি, নতুন প্ৰযুক্তি আৰু উত্তম ব্যৱস্থাপনা অনুশীলনৰ উদ্ৰেক ঘটাব আৰু এলআইচি আৰু চৰকাৰী সাহাৰ্য্য/পুঁজিৰ ওপৰত কোনো ধৰণৰ নিৰ্ভৰশীলতা অবিহনে অধিক ব্যৱসায় সৃষ্টি কৰিব। লেন-দেনৰপৰা চৰকাৰী ইকুইটিৰ কৌশলী পুনঃবিনিয়োগৰ জৰিয়তে সম্পদৰাজি চৰকাৰৰ জন কল্যাণকামী আৰ্থিক উন্নয়ন কাৰ্যক্ৰমসমূহত উপযোগী হৈ উঠিব।

****

DS/SB



(Release ID: 1716419) Visitor Counter : 201