ৰেল মন্ত্ৰালয়

দিল্লীয়ে আজি ২৪৪ টন আৰু অক্সিজেন লাভ কৰিব, ইয়াৰ লগে লগে দিল্লীত ২৪ ঘণ্টাত মুঠ অক্সিজেনৰ যোগান ৪৫০ মেট্ৰিক টন হ'বগৈ, যাৰ যোগান আজি পুৱা আৰম্ভ হৈছিল

দেশত এতিয়ালৈকে ২৭খন অক্সিজেন এক্সপ্ৰেছে নিজৰ অভিযান সম্পূৰ্ণ কৰিলে আৰু ১০৩টা টেংকাৰত ১৫৮৫ টনতকৈ অধিক যোগান ধৰা হয়

তেলেংগানাই ৬০ মেট্ৰিক টন আৰু পায়

৬খন অক্সিজেন এক্সপ্ৰেছ ৩৩টা টেংকাৰত ৪৬৩ মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন লৈ হাৰিয়ানা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু দিল্লী অভিমুখে ৰাওনা

জাৰি অভিযানৰ অধীনত লক্ষ্ণৌলৈ গৈ থকা অক্সিজেন এক্সপ্ৰেছে প্ৰায় ১১৭ টন, ফৰিদাবাদলৈ গৈ থকা অক্সিজেন এক্সপ্ৰেছে প্ৰায় ৭৯ টন আৰু জবলপুৰলৈ ৰাওনা হোৱা অক্সিজেন এক্সপ্ৰেছে প্ৰায় ২৩ টন অক্সিজেনৰ যোগান ধৰিব

শতিকাৰ সবাতোকৈ ডাঙৰ সংকটৰ মুখামুখি হোৱা দেশৰ অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ ৰে'লৱেই নিৰন্তৰভাৱে কাম কৰি আছে

Posted On: 04 MAY 2021 4:53PM by PIB Guwahati

ভাৰতীয় ৰে'লৱেই প্ৰত্যাহ্বান দূৰ কৰি আৰু নতুন উপায় চিনাক্ত কৰি দেশব্যাপি বিভিন্ন ৰাজ্যৰ তৰল চিকিৎসা অক্সিজেনৰ চাহিদা অনুসৰি সক্ৰিয়ভাৱে কাম কৰি আছে আৰু অক্সিজেনৰ যোগান ধৰি আছে। ৰে'লৱেই এতিয়ালৈকে বিভিন্ন ৰাজ্যত ১০৩টা টেংকাৰত প্ৰায় ১৫৮৫ মেট্ৰিক টন চিকিৎসাৰ ব্যৱহাৰৰ বাবে অক্সিজেনৰ যোগান ধৰিছে। ২৭খন অক্সিজেন এক্সপ্ৰেছে নিজৰ যাত্ৰা ইতিপূৰ্বে সম্পূৰ্ণ কৰাৰ বিপৰীতে আৰু ৬খন অক্সিজেন এক্সপ্ৰেছে ৩৩টা টেংকাৰত ৪৬৩ মেট্ৰিক টন অক্সিজেন লৈ নিজৰ গন্তব্য স্থানলৈ গতি কৰিছে।

ভাৰতীয় ৰে'লৱেই ৰাজ্যসমূহৰ চাহিদা অনুসৰি যথাসম্ভৱ মাত্ৰাত অক্সিজেনৰ যোগান ধৰাক লৈ নিজৰ সম্পূৰ্ণ সংকল্পবদ্ধতাৰে কাম কৰি আছে।

দিল্লীৰ বাবে হাপা আৰু মুন্দ্ৰাৰ পৰা ২৪৪ মেট্ৰিক টন অক্সিজেন লৈ ২খন আৰু অক্সিজেন এক্সপ্ৰেছ ৰাওনা হৈছে, যি আজি দিল্লী পোৱাৰ সম্ভাৱনা আছে। এই দুয়োখন এক্সপ্ৰেছ দিল্লী পোৱাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত ৪ মে', ২০২১লৈকে দিল্লীয়ে লাভ কৰা মুঠ অক্সিজেনৰ মাত্ৰা ৪৫০ মেট্ৰিক টন হ'বগৈ।

ৰে'লৱেৰ দ্বাৰা আজি যোগান ধৰা মুঠ ৩৮২ মেট্ৰিক টন অক্সিজেনৰ ভিতৰত ২৪৪ টন কেৱল দিল্লী পাবহি যি আজিৰ দেশব্যাপি যোগানৰ ৬৪%।

তেলেংগানায়ো দ্বিতীয়খন অক্সিজেন এক্সপ্ৰেছ লাভ কৰিলে য'ত অংগুলৰ পৰা ৬০.২৩ মেট্ৰিক টনৰ যোগান ধৰা হৈছে।

বোকাৰোৰ পৰা ৰাওনা হোৱা অক্সিজেন এক্সপ্ৰেছে লক্ষ্ণৌত আজি ৭৯ টন অক্সিজেনৰ যোগান ধৰিব।

ভাৰতীয় ৰে'লৱেই এতিয়ালৈকে দেশত মুঠ ১৫৮৫ মেট্ৰিক টন তৰল মেডিকেল অক্সিজেনৰ যোগান ধৰিছে, য'ত ১৭৪ মেট্ৰিক টন মহাৰাষ্ট্ৰক, ৪৯২ মেট্ৰিক টন উত্তৰ প্ৰদেশক, ১৭৯ মেট্ৰিক টন মধ্যপ্ৰদেশক, ৪৬৪ মেট্ৰিক টন দিল্লীক, ১৫০ মেট্ৰিক টন হাৰিয়ানাক আৰু ১২৭ মেট্ৰিক টন তেলেংগানাক কৰা যোগান অন্তৰ্ভুক্ত আছে।

****

 

DJN/MKV


(Release ID: 1716046)