গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

পিএমজিকেৱাই-IIIৰ অধীনত বিতৰণৰ বাবে ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা খাদ্য সামগ্ৰী উঠোৱাৰ কাম আৰম্ভ কৰিছে ২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে

৮০ কোটিতকৈ অধিক হিতাধিকাৰীক বিতৰণৰ বাবে ৫.৮৮ লাখ মেট্ৰিক টনতকৈ অধিক খাদ্য সামগ্ৰী যোগান ধৰা হৈছে

প্ৰব্ৰজিত এনএফএছএ হিতাধিকাৰীসকলক ৱান নেচন কাৰ্ড ৱান ৰেচন কাৰ্ড প্লেনৰ অধীনত সুবিধা আগবঢ়াবলৈ পৰামৰ্শ দিলে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিতাধিকাৰীসকলক খাদ্য সামগ্ৰী যোগানৰ বাবে ২৬,০০০ কোটি টকা আৱণ্টন কৰা হৈছে

লাক্ষাদ্বীপে মে’-জুন মাহৰ সকলো খাদ্য সামগ্ৰী উঠোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা কেৱল এই আঁচনিৰ অধীনত মে’ মাহৰ আৱণ্টিত সামগ্ৰী উঠাইছে

Posted On: 04 MAY 2021 5:26PM by PIB Guwahati

দেশত পুনৰ ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা সমস্যা লাঘৱ কৰিবলৈ ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত ভাৰতৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে মে’ আৰু জুন মাহৰ বাবে আঁচনিখন ৰূপায়ণৰ কাম আৰম্ভ কৰিছে৷ ইয়াৰ জৰিয়তে এনএফএছএৰ অধীনত দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক এই অভূতপূৰ্ব সংকটৰ সময়ত খাদ্য সামগ্ৰী যোগান ধৰা হ’ব৷

এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে ভাৰত খাদ্য নিগমে ইতিমধ্যে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগানৰ কাম আৰম্ভ কৰিছে৷ ৩ মে’, ২০২১লৈকে ২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৫.৮৮লাখ মেট্ৰিক টন খাদ্য যোগান ধৰিছে৷ লাক্ষাদ্বীপে মে’-জুন মাহৰ সকলো খাদ্য সামগ্ৰী উঠোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা কেৱল এই আঁচনিৰ অধীনত মে’ মাহৰ আৱণ্টিত সামগ্ৰীহে উঠাইছে৷

বাকী থকা ৰাজ্য ক্ৰমে পাঞ্জাব, চণ্ডীগড়, গোৱা, মধ্যপ্ৰদেশ, মনিপুৰ, নাগালেণ্ড, ওড়িশা আৰু পুডুচেৰীত অনাগত দিনত এই আঁচনিৰ অধীনত খাদ্য সামগ্ৰী উঠাব৷

প্ৰব্ৰজিত এনএফএছএ হিতাধিকাৰীসকলক ৱান নেচন কাৰ্ড ৱান ৰেচন কাৰ্ড প্লেনৰ অধীনত সুবিধা আগবঢ়াবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক পৰামৰ্শ দিয়া হৈছে৷

ভাৰত চৰকাৰে এই আঁচনিৰ বাবে প্ৰয়োজনীয় সকলো ধন ব্যয় কৰিব, ইয়াৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে কোনো ব্যয় কৰিব নালাগে৷

এই বিশেষ আঁচনিৰ অধীনত দেশত প্ৰায় ৮০ কোটি এনএফএছএ দুয়োটা শাখাৰ হিতাধিকাৰী ক্ৰমে-অন্ত্যোদয়া অন্ন যোজনা (এএৱাই) আৰু অগ্ৰাধিকাৰমূলক পৰিয়াল(পিএইচএইচ)ক নিৰ্ধাৰিত সামগ্ৰীৰ উপৰি প্ৰতিজন লোকৰ বিপৰীতে মাহত অতিৰিক্ত ৫ কেজি চাউল/আটা প্ৰদান কৰা হ’ব৷

****

DJN/MS/DB



(Release ID: 1716045) Visitor Counter : 165