মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
২০২১ ৰ মে’ মাহত অনুষ্ঠিতব্য সকলো অফলাইন পৰীক্ষা স্থগিতকৰণ
प्रविष्टि तिथि:
03 MAY 2021 7:20PM by PIB Guwahati
ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত, শিক্ষা মন্ত্ৰালয়ে ২০২১ ৰ মে’ মাহত অনুষ্ঠিতব্য সকলো অফলাইন পৰীক্ষা স্থগিতকৰণৰ আহ্বান জনাইছে।
কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা আগবঢ়াই অহা সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বোধি এখনি পত্ৰত, উচ্চ শিক্ষাৰ সচিব শ্ৰী অমিত খাড়েয়ে শিক্ষানুষ্ঠানসমূহক ২০২১ ৰ মে’ মাহত অনুষ্ঠিতব্য সকলো অফলাইন পৰীক্ষা স্থগিতকৰণৰ আহ্বান জনায়। অৱশ্যে, অনলাইন পৰীক্ষা আদি অনুষ্ঠিত কৰিব পৰা যাব পাৰে।
পত্ৰখনিত তদুপৰি উল্লেখ যে ২০২১ ৰ জুনৰ প্ৰথমটো সপ্তাহতে উক্ত সিদ্ধান্তটো পৰ্যালোচনা কৰা হ’ব।
এই শিক্ষানুষ্ঠানসমূহক লগতে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ কাৰোবাক কোনো সহায়ৰ প্ৰয়োজন হ’লে, তেওঁক তাৎক্ষণিকভাৱে সম্ভাৱ্য সহায় আগবঢ়োৱাটো নিশ্চিত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হয় যাতে প্ৰভাৱিতজনে সোনকালেই বেদনাৰপৰা মুক্ত হৈ উঠিব পাৰে। সকলো শিক্ষানুষ্ঠানকে যোগ্য লোকসকলক ভেকচিন গ্ৰহণৰ প্ৰতি উৎসাহিতকৰণ আৰু সুৰক্ষিত হৈ থাকিবলৈ প্ৰত্যেকেই ক’ভিড-১৯ ৰ যথোচিত আচৰণ মানি চলাটো নিশ্চিত কৰিবলৈয়ো পৰামৰ্শ আগবঢ়োৱা হৈছে।
*****
MC/KP/AK/SB
(रिलीज़ आईडी: 1715831)
आगंतुक पटल : 216