PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 03 MAY 2021 5:51PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

 

 

বিগত ২৪ ঘণ্টাতো ৩লাখতকৈ অধিক লোকৰ আৰোগ্যৰ ধাৰাবাহিকতা অব্যাহত আছে

  • আজি দেশত ক’ভিড পৰীক্ষাই ২৯.১৬কোটিৰ সীমা অতিক্ৰম কৰিছে৷ আজিৰ তাৰিখত ২৯,১৬,৪৭,০৩৭টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইফালে, ভাৰতৰ সামগ্ৰিক আৰোগ্য ৰোগীৰ সংখ্যা আজি ১,৬২,৯৩,০০৩জন হৈছে৷
  • ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই ১.১৩% হৈছে৷
  • ০৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী, লাক্ষাদ্বীপ আৰু অৰুণাচলপ্ৰদেশ৷

অধিক তথ্যৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1715615

 

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিনামূলীয়াকৈ ১৬.৫৪ কোটি ভেকচিন ড’যোগান ধৰিছে

ভাৰত চৰকাৰে (আজি পুৱা ৮ বজালৈকে) ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিনামূলীয়াকৈ পেলনীয়া ভেকচিনসহ মুঠ ১৬.৫৪ কোটি ভেকচিন ড’জ যোগান ধৰিছে৷ এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত ৭৫লাখতকৈ অধিক ভেকচিন ড’জ আছে৷ তদুপৰি, অহা ৩দিনৰ ভিতৰত নতুনকৈ অতিৰিক্ত ৫৯,৭০,৬৭০টা ভেকচিন ড’জ ৰাজ্যসমূহে লাভ কৰিব৷

অধিক তথ্যৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1715621

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত পৰ্যাপ্ত চিকিৎসা কৰ্মীৰ সংখ্যা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত কৰ্তৃত্ব দিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে আজি দেশৰ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে পৰ্যাপ্ত মানৱ সম্পদৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে৷ এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিবোৰে ক’ভিড যুদ্ধত পৰ্যাপ্ত চিকিৎসা কৰ্মী বৃদ্ধিত অৰিহণা যোগাব৷

অধিক তথ্যৰ বাবেঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1715667

শতিকাৰ ভিতৰতে সৰ্ববৃহপ্ৰত্যাহ্বানৰ মোকাবিলা কৰি ২০অক্সিজেন এক্সপ্ৰেছে সম্পূৰ্ণ কৰিলে নিজৰ যাত্ৰা, ৭৬টা টেংকাৰত কঢ়িয়ালে প্ৰায় ১,১২৫ মেট্ৰিকটন এলএমঅ’

 

সকলো বাধা নেওচি আৰু নতুন সমাধান সন্ধানৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেই ইয়াৰ যাত্ৰা অব্যাহত ৰাখি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যলৈ তৰল মেডিকেল অক্সিজেন(এলএমঅ’) যোগানেৰে সকাহ দিছে৷ এতিয়ালৈকে ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যলৈ ৭৬টা টেংকাৰযোগে প্ৰায় ১,১২৫ মেট্ৰিকটন অক্সিজেন সৰবৰাহ কৰিছে৷ ইতিমধ্যে ২০ অক্সিজেন এক্সপ্ৰেছে যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু ৭খন এক্সপ্ৰেছ প্ৰায় ৪২২ মেট্ৰিকটন লৈ যাত্ৰা কৰি আছে৷

অধিক তথ্যৰ বাবেঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1715644

সমগ্ৰ দেশখনতে আয়ুষ ৬৪ উপলব্ধতা বৃদ্ধিৰ অৰ্থে পদক্ষেপ গ্ৰহণ আয়ুষ মন্ত্ৰালয়ৰ

ক’ভিড-১৯ ৰ চিকিৎসাত পলিহাৰ্বেল আয়ুৰ্বেদিক মেডিচিন আয়ুষ-৬৪ ৰ পুনঃপ্ৰকাশ হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। দৰাচলতে মেলেৰিয়াৰ চিকিৎসাৰ অৰ্থে ১৯৮০ ত আয়ুষ-৬৪ যুগুত কৰা হৈছিল আৰু ই সকলো নিয়ামক প্ৰয়োজনীয়তা আৰু মানদণ্ড আৰু ফাৰ্মাক’প’য়েল ষ্টেণ্ডাৰ্ড পৰিপূৰণ কৰে।

অধিক তথ্যৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1715692

 

বিদেশৰ পৰা অনুদান হিচাপে আগবঢ়োৱা ক’ভিড-১৯ৰ বিশেষ সাহায্য সামগ্ৰীৰ আমদানীক ‘আইজিএছটি’ৰ পৰা সাময়িক ৰেহাই দান

ক’ভিড-১৯মহামাৰীৰ পৰিপ্ৰেক্ষিতত ক’ভিড সম্পৰ্কীয় চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ বাবে প্ৰযোজ্য হোৱাকৈ বুনিয়াদী শুল্ক তথা স্বাস্থ্য উপকৰ ৰেহাই দি কেন্দ্ৰীয় চৰকাৰে ৪/২০ দিনাংক ৩ মে’, ২০২১ৰ অধিনত এক অধিসূচনা জাৰি কৰিছে৷ এই নিৰ্দেশনা ৩০জুন, ২০২১ পৰ্যন্ত বাহাল থাকিব। ইতিমধ্যে আমদানী কৰা অথচ নিৰ্দেশনা জাৰি কৰা দিন অৰ্থাত আজি পৰ্যন্ত মোকলাই নিনিয়া সামগ্ৰীসমূহৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

অধিক তথ্যৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1715668

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

 

কেৰালাঃ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কাইলৈৰ পৰা কেৰালাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ কেৱল অত্যাৱশ্যকীয় সেৱাহে ৰাজ্যখনত অনুমতি দিয়া হৈছে৷  ৰাজ্যিক কেবিনেটে আজি অহা দেওবাৰৰ পাছতহে ৰাজ্যখনত লকডাউন ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কালি কেৰালাত ৩১,৯৫০জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত আছে৷ ৰাজ্যখনত বৰ্তমান ৩,৩৯,৪৪১গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ২৮.৩৭শতাংশ৷

 

তামিলনাডুঃ তামিলনাডুত শনিবাৰে ২৮,৭৬৮জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ১৫৩জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ১,২০,৪৪৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত ৬০লাখতকৈ অধিক লোকে ভেকচিন লৈছে৷

 

কৰ্ণাটকঃ ৰাজ্যখনত কালি ৩৭,৭৩৩জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ২১৭জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত ক’ভিড আক্ৰান্ত মুঠ সংখ্য ১৬লাখতকৈ অধিক হোৱাৰ বিপৰীতে বৰ্তমান ৪,২১,৪৩৬জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ চূড়ান্ত বৰ্ষত অধ্যয়ণৰত নাৰ্ছিং, ফাৰ্মাচী, ফিজিঅ’থেৰাপী, হস্পিটেল মেনেজমেণ্টৰ শিক্ষাৰ্থী, আয়ুষ চিকিৎসক আৰু দন্ত চিকিৎসকসকলক ক’ভিডৰ যুঁজত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

 

অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত কালি ২৩,৯২০জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৮৩জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত কালিলৈকে ৬৬.৯৬লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে ওড়িশাৰ পৰা ৰাজ্য চৰকাৰে বিমানযোগে ১২০ মেট্ৰিকটন অক্সিজেন আনিব৷ তদুপৰি, অক্সিজেনৰ যোগান বৃদ্ধিৰ ক্ষেত্ৰত আন কেতবোৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে৷

 

তেলেংগানাঃ তেলেংগানাত দেওবাৰে ৫,৬৯৫জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৪৯জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৮০,১৩৫জন ৰোগী চিকিসাধীন হৈ আছে৷

অসমঃ দেওবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰা মতে ৰাজ্যখনত ২,৩৮৫জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে বছৰটোৰ ভিতৰতে সৰ্বাধিক ৩০জন ৰোগীৰ মৃত্যু হৈছে৷
 

মনিপুৰঃ বিগত ৪৮ঘ্ণ্টাত ৰাজ্যখনত ৫৭৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মুঠ টিকাকৰণ কৰা লোকৰ সংখ্যা ২,০৭,৭৬৫জন হৈছে৷


মেঘালয়ঃ দেওবাৰে মেঘালয়ত এদিনতে সৰ্বাধিক ৩২১জন নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ১,৮২১জন ৰোগী চিকিসাধীন হৈ আছে৷ কালি নতুনকৈ ৫জন ৰোগীসহ মৃত্যুৰ সংখ্যা ১৭৯লৈ বৃদ্ধি পাইছে৷


নাগালেণ্ডঃ দেওবাৰে নাগালেণ্ডত ২১৬জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৩জন ৰোগীৰ মৃত্যু হৈছে৷  বৰ্তমান ৰাজ্যখনত ১,৫২৯জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰে’লৱেই ডিমাপুৰ ষ্টেচনত ১৬খনকৈ বিচনাযুক্ত ১০টা ডবা স্থাপন কৰিছে৷

 

ত্ৰিপুৰাঃ বৰ্ধিত আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নতুন নৈশ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ কালি ৰাজ্যখনত ২৪৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

ছিকিমঃ শনিবাৰ আৰু দেওবাৰে ৪৮৯জন নতুন আক্ৰান্তসহ ছিকিমত চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা ১,৮০৮জনলৈ বৃদ্ধি পায়৷ দুজন ৰোগীৰো মৃত্যু হৈছে৷

মহাৰাষ্ট্ৰঃ ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ এই নিষেধাজ্ঞা আৰোপৰ ফলত ক’ভিডৰ হটবেড হিচাপে পৰিগণিত মুম্বাইত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে৷ ক’ভিড-১৯ টিকাকৰণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ৷

গুজৰাটঃ দেওবাৰে পূৰ্বৰ তুলনাত গুজৰাটত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পায়৷ কালি ৰাজ্যখনত ১২,৯৭৮জন আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫৩জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত ৩০জুন, ২০২১লৈকে শস্য ঋণৰ সুদ ৰেহাই দিয়া বুলি মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ঘোষণা কৰে৷

ৰাজস্থানঃ ৰাজ্যখনত দেওবাৰে ১৮,২৯৮জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫৯জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্য চৰকাৰে চীন আৰু ৰাছিয়াৰ পৰা অক্সিজেন কনচেনট্ৰেটৰ ক্ৰয়ৰ কাম আৰম্ভ কৰিছে৷ চৰকাৰে দুটা পৰ্যায়ত চীনপৰা ১০,০০০ আৰু ৰাছিয়াৰ পৰা ১,১০০ কনচেনট্ৰেটৰ ক্ৰয় কৰিব৷

মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলাখনৰ উচ্চ পজিটিভিটি থকা জিলাসমূহত বিশেষ গুৰুত্ব দিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে৷

চত্তীশগড়ঃ চত্তীশগডত এতিয়ালৈকে ৫৬,২২,৯৩৩টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷  ৭,৪৪,৬০২জন লোক আক্ৰান্ত হোৱা ৰাজ্যখনত বৰ্তমান ১,২১,০৯৯জন ৰোগী চিকিৎসাধীন হৈ আছে৷  
গোৱাঃ ২৯ এপ্ৰিলৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা লকডাউন ৩ মে’ৰ পুৱালৈকে অব্যাহত থাকিব আৰু ইয়াৰ সময় বৃদ্ধি কৰা নহয়৷ কিন্তু ১০ মে’লৈকে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৰাজ্যখনত ২,০৩০জন নতুন আক্ৰান্ত আৰু ৫২জন ৰোগীৰ মৃত্যু হৈছে৷

 

FACTCHECK

 

******



(Release ID: 1715778) Visitor Counter : 189