প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান পৰিষদৰ সভাপতি শ্ৰীমান উৰ্ছুলা ভন ডাৰ লায়েনৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 03 MAY 2021 2:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপিয়ান পৰিষদৰ সভাপতি শ্ৰীমান উৰ্ছুলা ভন ডাৰ লায়েনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নত অব্যাহত থকা ক’ভিডজনিত পৰিস্থিতি সন্দৰ্ভত মতবিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইউৰোপিয়ান ইউনিয়ন আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক ভাৰতৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁলোকে উল্লেখ কৰে যে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বই যোৱা বছৰৰ জুলাইৰ সন্মিলনৰে পৰা নতুন গতি লাভ কৰিছে। নেতা দুগৰাকীয়ে সহমতত উপনীত হয় যে অহা ৮ মে’, ২০২১ত ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ বৈঠক ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সুযোগ হ’ব।

*****

DS/MS



(Release ID: 1715772) Visitor Counter : 170