স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২৪ ঘণ্টাত ৩লাখতকৈ অধিক ৰোগীৰ আৰোগ্যৰ ধাৰাবাহিকতা অব্যাহত আছে

সমগ্ৰ দেশত ২৯.১৬কোটিতকৈ অধিক ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে

Posted On: 03 MAY 2021 11:08AM by PIB Guwahati

আজি দেশত ক’ভিড পৰীক্ষাই ২৯.১৬কোটিৰ সীমা অতিক্ৰম কৰিছে৷ আজিৰ তাৰিখত ২৯,১৬,৪৭,০৩৭টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইফালে, ভাৰতৰ সামগ্ৰিক আৰোগ্য ৰোগীৰ সংখ্যা আজি ১,৬২,৯৩,০০৩জন হৈছে৷

বিগত ২৪ ঘণ্টাত ৩,০০,৭৩২জন ৰোগীৰ আৰোগ্যৰে ৰাষ্ট্ৰীয় আৰোগ্য হাৰ ৮১.৭৭% হৈছে৷

নতুন আৰোগ্য ৰোগীৰ ৭৩.৪৯%ই ১০খন ৰাজ্যৰ৷

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ ৰেখা নিম্নগামী হোৱাৰ বিপৰীতে দৈনিক পজিটিভিটিৰ হাৰ এতিয়া ২১.১৯% হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৩,৬৮,১৪৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, কেৰালা, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান আৰু বিহাৰকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৩.৭৮%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৬,৬৪৭জন, কৰ্ণাটকত ৩৭,৭৩৩জন আৰু কেৰালাত ৩১,৯৫৯ লোক নতুনকৈ আক্ৰান্ত হৈছে৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৩৪,১৩,৬৪২গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৭.১৩%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ৬৩,৯৯৮জন বৃদ্ধি পালে৷

১২খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰপ্ৰদেশ, কেৰালা, ৰাজস্থান, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, তামিলনাডু, পশ্চিমবংগ, বিহাৰ আৰু হাৰিয়ানাত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৮১.৪৬% আছে৷

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই ১.১৩% হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৩,৪১৭জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৭৪.৫৪%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৬৯জন লোকৰ মৃত্যু হোৱাৰ লগতে দিল্লীত ৪০৭জন  আৰু উত্তৰপ্ৰদেশত ২৮৮জনৰোগীৰ মৃত্যু হৈছে৷

৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী, লাক্ষাদ্বীপ আৰু অৰুণাচলপ্ৰদেশ৷

*****



(Release ID: 1715713) Visitor Counter : 201