প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ত শ্ৰী গুৰু টেগ্ বাহাদুৰ জীক প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে

‘গুৰুদ্বাৰা শিস গঞ্জ চাহিব’তো প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থনা

प्रविष्टि तिथि: 01 MAY 2021 8:49AM by PIB Guwahati

৪০০সংখ্যক ‘প্ৰকাশ পূৰব’ত শ্ৰী গুৰু টেগ্ বাহদুৰ জীক প্ৰণিপাত জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে:

“ ‘প্ৰকাশ পূৰব’ৰ এই বিশেষ উপলক্ষত মই শ্ৰী গুৰু টেগ্ বাহাদুৰ জীক প্ৰণিপাত জনাইছো। সাহস আৰু দৰিদ্ৰ-নিপীড়িতজনৰ প্ৰতি আগবঢ়োৱা সেৱাৰ নিদৰ্শনৰ বাবে তেওঁ পৃথিৱীজুৰি শ্ৰদ্ধা আদায় কৰি আহিছে। অন্যায়, উত্পীড়ণৰ ওচৰত নতশিৰ হ’বলৈ তেওঁ অস্বীকাৰ কৰি আহিছিল। তেওঁৰ পৰম ত্যাগে অসংখ্যাজনক শক্তি আৰু অনুপ্ৰেৰণা যোগাই আহিছে”।

প্ৰধানমন্ত্ৰীয়ে ‘গুৰুদ্বাৰা শিস গঞ্জ চাহিব’তো আজি প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় “আমি শ্ৰী গুৰু টেগ্ বাহাদুৰ জীৰ জীৱন, আদৰ্শ আৰু পৰম ত্যাগৰ কথা কাহানিও পাহৰিব নোৱাৰিম”।

***

DS/KB


(रिलीज़ आईडी: 1715271) आगंतुक पटल : 368
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam