স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ভাৰত চৰকাৰে এই পৰ্যন্ত ১৬.৩৩কোটি পালি প্ৰতিষেধক বিনামূলীয়াকৈ যোগান ধৰিছে

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিতৰণ কৰিব পৰাকৈ এতিয়াও মজুত আছে ১কোটি পালি প্ৰতিষেধক

আগন্তুক ৩টা দিনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অতিৰিক্ত ভাবে লাভ কৰিব ১৯লাখৰো অধিক পালি প্ৰতিষেধক

Posted On: 30 APR 2021 12:23PM by PIB Guwahati

ক’ভিড মহামাৰীৰ বিৰুদ্ধে অব্যাহত যুঁজৰ বাবে যুগুতোৱা পৰীক্ষণ, অনুসৰণ, চিকিত্সা আৰু ক’ভিড-যথোচিত আচৰণকে ধৰি পাঁচদফীয়া ৰণকৌশলৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে টীকাকৰণ। ভাৰত চৰকাৰে ক’ভিড-১৯ বিৰোধী যুঁজখনক সন্মুখৰ পৰা নেতৃত্ব দিছে। ক’ভিড-১৯ মহামাৰীৰ নিয়ন্ত্ৰণ আৰু প্ৰবন্ধনৰ লক্ষ্যৰে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

ভাৰত চৰকাৰে এই পৰ্যন্ত(আজি পুৱা ৮বজা পৰ্যন্ত) দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১৬.৩৩কোটি(১৬,৩৩,৮৫,০৩০)পালি প্ৰতিষেধক যোগান ধৰিছে।

ইয়াৰে, বিনষ্ট হোৱাকে ধৰি মুঠ ১৫,৩৩,৫৬,৫০৩পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত বিতৰণ কৰিব পৰাকৈ ১কোটি(১,০০,২৮,৫২৭)পালি প্ৰতিষেধক এতিয়াও মজুত আছে।

ইফালে, আগন্তুক ৩টা দিনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অতিৰিক্ত ভাবে প্ৰায় ২০লাখ(১৯,৮১,১১০)পালি প্ৰতিষেধক লাভ কৰিব।

****

MV/KB



(Release ID: 1715255) Visitor Counter : 206