স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১০০দিন সম্পূৰ্ণ হোৱা ভাৰতৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে সামৰি লোৱা সৰ্বমুঠ লোকৰ সংখ্যা ১৪.১৯ কোটিতকৈ অধিক হৈছে

বিগত ২৪ ঘণ্টাত ২.১৯লাখ ৰোগী আৰোগ্য হৈছে

বিগত ২৪ ঘণ্টাত ৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো ক’ভিড-১৯ ৰোগীৰ মৃত্যু হোৱা নাই

Posted On: 26 APR 2021 10:42AM by PIB Guwahati

কালি ১০০দিন সম্পূৰ্ণ হোৱা ভাৰতৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে সামৰি লোৱা সৰ্বমুঠ লোকৰ সংখ্যা ১৪.১৯ কোটিতকৈ অধিক হৈছে৷

আজি পুৱা ৭ বজালৈকে ২০,৪৪,৯৫৪টা পৰ্বৰ জৰিয়তে মুঠ ১৪,১৯,১১,২২৩টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯২,৯৮,০৯২গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৬০,০৮,২৩৬গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,১৯,৮৭,১৯২গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৬৩,১০,২৭৩গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৪,৯৮,৭২,২০৯গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৭৯,২৩,২৯৫গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৪,৮১,০৮,২৯৩জন লোকক প্ৰথম ড’জ আৰু ২৪,০৩,৬৩৩জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৫৮.৭৮%ই আঠখন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত প্ৰায় ১০ লাখ লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ১০০তম দিন(২৫ এপ্ৰিলত)ত দেশত ৯,৯৫,২৮৮জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ১১,৯৮৪টা পৰ্বৰ জৰিয়তে ০৬,৮৫,৯৪৪গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ০৩,০৯,৩৪৪জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,৪৩,০৪,৩৮২জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৬২% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৭৮,৮৪১জন ৰোগী আৰোগ্য হৈছে৷ ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৬%লৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ২,১৯,২৭২জন ৰোগী আৰোগ্য হৈছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৮.৯৮শতাংশই ১০খন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত দেশত ৩,৫২,৯৯১জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, পশ্চিমবংগ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৪.৫%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৬,১৯১জন, উত্তৰপ্ৰদেশত ৩৫,৩১১জন আৰু দিল্লীত ৩৪,৮০৪ লোক নতুনকৈ আক্ৰান্ত হৈছে৷

১২খন ৰাজ্যত নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৮,১৩,৬৫৮গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৬.২৫%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ১,৩০,৯০৭জন বৃদ্ধি পালে৷

৮খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, চত্তীশগড়, কেৰালা, ৰাজস্থান, তামিলনাডু, গুজৰাট আৰু উত্তৰপ্ৰদেশত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৬৯.৬৭% আছে৷

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৩%লৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ২,৮১২জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৭৯.৬৬%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৩২জন লোকৰ মৃত্যু হৈছে৷ দিল্লীতো ৩৫০জন ৰোগীৰ মৃত্যু হৈছে৷

০৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, ত্ৰিপুৰা, মিজোৰাম, লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ৷

****

MV/DB



(Release ID: 1714288) Visitor Counter : 240