স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সামূহিক টিকাকৰণ অভিযানে ১৩ কোটিতকৈ অধিক লোকক সামৰি লৈছে

বিগত ২৪ ঘণ্টাত ২৯লাখ লোকক টিকাকৰণ কৰা হৈছে

দৈনিক নতুন আক্ৰান্তৰ ৭৬%ই ১০খন ৰাজ্যৰ

Posted On: 21 APR 2021 12:23PM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে সামূহিক ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ১৩ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ১৯,০১,৪১৩টা পৰ্বৰ জৰিয়তে মুঠ ১৩,০১,১৯,৩১০টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯২,০১,৭২৮গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৫৮,১৭,২৬২গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,১৫,৬২,৫৩৫গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৫৮,১৭,২৬২গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৪,৭৩,৫৫,৯৪২গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৫৩,০৪,৬৭৯গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৪,৩৫,২৫,৬৮৭জন লোকক প্ৰথম ড’জ আৰু ১৪,৯৫,৬৫৬জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৫৯.২৫%ই আঠখন ৰাজ্যৰ৷

লেখচিত্ৰত টিকাকৰণ কৰা ৰাজ্যৰ ভিতৰত ৮খনেই শীৰ্ষত আছে৷

বিগত ২৪ ঘণ্টাত ২৯ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ৯৫তম দিন(২০ এপ্ৰিলত)ত দেশত ২৯,৯০,১৯৭জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৪২,৩৮৪টা পৰ্বৰ জৰিয়তে ১৯,৮৬,৭১১গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১০,০৩,৪৮৬জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশত ২,৯৫,০৪১জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৬.৩২%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬২,০৯৭জন, উত্তৰপ্ৰদেশত ২৯,৫৭৪জন আৰু দিল্লীত ২৮,৩৯৫ লোক নতুনকৈ আক্ৰান্ত হৈছে৷

১২খন ৰাজ্যত নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২১,৫৭,৫৩৮গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৩.৮২%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ১,২৫,৫৬১জন বৃদ্ধি পালে৷

৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, কেৰালা আৰু উত্তৰপ্ৰদেশত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৬০.৮৬% আছে৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,৩২,৭৬,০৩৯জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৫.০১% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৬৭,৪৫৭জন ৰোগী আৰোগ্য হৈছে৷ ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৭%লৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ২,০২৩জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮২.৬%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৫১৯জন লোকৰ মৃত্যু হৈছে৷ দিল্লীতো ২৭৭জন ৰোগীৰ মৃত্যু হৈছে৷

০৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, মেঘালয়, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, লাক্ষাদ্বীপ, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

 

****

MV/DB



(Release ID: 1713347) Visitor Counter : 205