স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সামূহিক ক’ভিড টিকাকৰণে ১২.৩৮ কোটিৰ সীমা অতিক্ৰম কৰিলে

নতুনকৈ আক্ৰান্তৰ ৭৯%ই ১০খন ৰাজ্যৰ

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৯%লৈ অৱনমিত

ক’ভিড যোদ্ধাসকলৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ(পিএমজিকেপি)ৰ বীমা পলিচীৰ দাবী ২৪ এপ্ৰিল, ২০২১ৰ ভিতৰত নিষ্পত্তি কৰাৰ পাছতহে ক’ভিড যোদ্ধাসকলৰ নতুন বীমা পলিচী কাৰ্যকৰী হ’ব

Posted On: 19 APR 2021 10:53AM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ অংশ হিচাপে আজি দেশত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন ড’জৰ মুঠ সংখ্যাই ১২.৩৮ কোটি অতিক্ৰম কৰিলে।

যোৱা ২৪ ঘন্টাত ১২,৩৮,৫২,৫৬৬জনতকৈ অধিক লোকক ভেকচিন ড’জ প্ৰদান কৰা হয়। টিকাদান অভিযানৰ ৯৩-সংখ্যক দিন (১৮ এপ্ৰিল, ২০২১) অনুসৰি, ১২,৩০,০০৭ ড’জ ভেকচিন প্ৰদান কৰা যায়। ২১,৯০৫টা পৰ্বত ৯,৪০,৭২৫ হিতাধিকাৰীক প্ৰথম ড’জ আৰু ২,৮৯,২৮২ হিতাধিকাৰীক দ্বিতীয় ড’জ ভেকচিন প্ৰদান কৰা হয়।

মুঠ টিকাকৰণ কৰা লোকৰ ৫৯.৪২%ই ৮খন ৰাজ্যৰ৷

  • নতুন ঘটনাৰ ৭৯% লাভ কৰা হৈছে ১০ খন ৰাজ্যত।
  • ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আছে। যোৱা ২৪ ঘন্টাত ২,৭৩,৮১০জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৮,৬৩১জন লোক আক্ৰান্ত হৈছে৷ ইফালে, উত্তৰপ্ৰদেশত ৩০,৫৬৬ আৰু দিল্লীত ২৫,৪৬২জন লোক আক্ৰান্ত হৈছে৷ ২০খন ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷
  • দেশত কালিৰ দিনটোত ১,৪৪,১৭৮জন ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৬১৯জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৫০৩জন আৰু চত্তীশগৃত ১৭০জন ৰোগীৰ মৃত্যু হৈছে৷
  •  
  • নতুনকৈ আক্ৰান্ত লোকৰ ৭৮.৫৮%ই দহখন ৰাজ্যৰ। সেইবোৰ হৈছে-মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, চত্তীশগড়, মধ্য প্ৰদেশ, তামিল নাডু, গুজৰাট আৰু ৰাজস্থান।  ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৯% লৈ অৱনমিত হৈছে।
  •  
  • ইফালে, ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগী সংখ্যা ১৯,২৯,৩২৯জন হৈছে। এই হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১২.৮১%। যোৱা ২৪ ঘণ্টাত মুঠ চিকিৎসাধীন লোকৰ ১,২৮,০১৩জন লোক বৃদ্ধি পাইছে৷
  •  
  • যোৱা ২৪ ঘন্টাত দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজন ৰোগীও ক’ভিড-১৯ত মৃত্যু হোৱা নাই। সেয়া হৈছেঃ লাডাখ, দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাভেলী, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, মণিপুৰ, লাক্ষাদ্বীপ, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

২০২১ ৰ ২৪ এপ্ৰিললৈকে ক’ভিড যোদ্ধাসকলৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ পেকেজ বীমা পলিচী দাবী নিষ্পত্তি কৰিব লাগিব, তাৰ পাছত ক’ভিড যোদ্ধাসকলৰ বাবে নতুন বীমা পলিচী কাৰ্যকৰী হ’ব।

 

****

MV/DB



(Release ID: 1712817) Visitor Counter : 228