প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাইছিনা ডাইলগ ২০২১ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

Posted On: 13 APR 2021 8:33PM by PIB Guwahati

মহামহিম!

নমস্কাৰ বন্ধুগণ!

ৰাইচিনা ডায়লগৰ এই সংস্কৰণটো মানৱ ইতিহাসৰ এক পৰিৱৰ্তনশীল মুহূৰ্তত অনুষ্ঠিত হৈছে। এক বিশ্বব্যাপী মহামাৰীয়ে যোৱা এবছৰ ধৰি সমগ্ৰ বিশ্বক ধ্বংস কৰি আহিছে। এনেধৰণৰ এক বিশ্বব্যাপী মহামাৰী এই শতিকাৰ আগতেও আহিছিল। যদিও মানৱজাতিয়ে তেতিয়াৰে পৰা বহুতো সংক্ৰামক ৰোগৰ সন্মুখীন হৈছে, বিশ্বই ক’ভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়াও সম্পূৰ্ণৰূপে প্ৰস্তুত নহয়।

আমাৰ বৈজ্ঞানিক, গৱেষক আৰু উদ্যোগে কিছুমান প্ৰশ্নৰ উত্তৰ দিছে৷

ভাইৰাছ কি?

ই কেনেকৈ বিয়পে?

আমি ইয়াৰ প্ৰাদুৰ্ভাৱ কিদৰে নমনীয় কৰিব পাৰো?

আমি প্ৰতিষেধক কিদৰে নিৰ্মাণ কৰো?

আমি এটা পৰ্যায়ত প্ৰতিষেধক কিদৰে গ্ৰহণ কৰো?

এইবোৰ আৰু এনে ধৰণৰ আন বহুতো প্ৰশ্নৰ বহুতো উত্তৰ ওলাইছে আৰু ইয়াত কোনো সন্দেহ নাই যে আৰু বহুতো উত্তৰ এতিয়াও আহিবলৈ বাকী আছে। কিন্তু গোলকীয় চিন্তাবিদ আৰু নেতা হিচাপে, আমি নিজকে আৰু কিছুমান প্ৰশ্ন সুধিব লাগিব।

এবছৰৰো অধিক সময় ধৰি আমাৰ সমাজৰ শ্ৰেষ্ঠ মগজুবোৰ এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত হৈ আছে। বিশ্বৰ সকলো চৰকাৰে সকলো স্তৰত এই মহামাৰীৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলাই আছে। এইটো কিয় আহিছিল? সম্ভৱতঃ ইয়াৰ কাৰণ এয়া নেকি যে অৰ্থনৈতিক বিকাশৰ কথা চিন্তা কৰোঁতে মানৱতাৰ কল্যাণৰ চিন্তা বহুত পিছ পৰি আছে?

ইয়াৰ কাৰণ হয়তো প্ৰতিযোগিতাৰ যুগত সহযোগিতাৰ মনোভাৱ পাহৰি গৈছে নেকি? এনে প্ৰশ্নৰ উত্তৰ আমাৰ শেহতীয়া ইতিহাসত পোৱা যাব। বন্ধুসকল, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতাই এক নতুন বিশ্ব শৃংখলা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সৃষ্টি কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত, পৰৱৰ্তী কেইটামান দশকত বহুতো ব্যৱস্থা আৰু প্ৰতিষ্ঠান সৃষ্টি কৰা হৈছিল, কিন্তু দুখন যুদ্ধৰ প্ৰচ্ছায়াত তেওঁলোকৰ লক্ষ্য কেৱল এটা প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাত সীমাবদ্ধ আছিল: তৃতীয় বিশ্বযুদ্ধ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায়?

আজি, মই আপোনাক কওঁ যে এই প্ৰশ্নটো ভুল আছিল, যাৰ ফলত ৰোগটোৰ কাৰণবোৰ বুজি নোপোৱাকৈ ৰোগীৰ লক্ষণবোৰৰ চিকিৎসা কৰাৰ বাবে সকলো পদক্ষেপ লোৱা হৈছিল, বা ইয়াক বেলেগ ধৰণে ক'বলৈ, পূৰ্বৱৰ্তী যুদ্ধ পুনৰ সংঘটিত হোৱা প্ৰতিহত কৰিবলৈ সকলো পদক্ষেপ লোৱা হৈছিল। দৰাচলতে, যদিও মানৱ জাতিয়ে তৃতীয় বিশ্বযুদ্ধৰ সন্মুখীন হোৱা নাই, তথাপিও মানুহৰ জীৱনত হিংসাৰ আশংকা হ্ৰাস হোৱা নাই। বহুতো প্ৰক্সি যুদ্ধ আৰু অন্তহীন সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে, হিংসাৰ আশংকা সকলো সময়তে বিদ্যমান হৈ আছে।

তেন্তে সঠিক উত্তৰ কি হ’ব?

সেইবোৰত অন্তৰ্ভুক্ত থাকিব পাৰে:

আমাৰ দুৰ্ভিক্ষ আৰু ভোক কিয় আছে?

আমাৰ দৰিদ্ৰতা কিয় আছে?

বা অধিক মৌলিকভাৱে

সমগ্ৰ মানৱজাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আমি কিয় সহযোগিতা কৰিব নোৱাৰো?

মই বিশ্বাস কৰোঁ যে যদি আমাৰ চিন্তাধাৰা এই প্ৰশ্নবোৰৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'লহেঁতেন, তেন্তে বহুতো বেলেগ বেলেগ সমাধান থাকিলহেঁতেন।

 

বন্ধুসকল,

এতিয়াও বেছি দেৰি হোৱা নাই। যোৱা সাত দশকৰ ক্ৰুটি আৰু ভুলবোৰে ভৱিষ্যতৰ বিষয়ে আমাৰ চিন্তাধাৰাত বাধা দিয়াৰ প্ৰয়োজন হোৱা নাই। ক’ভিড-১৯ মহামাৰীয়ে আমাক বিশ্ব শৃংখলাক নতুন ৰূপ দিয়াৰ, আমাৰ চিন্তাধাৰা পুনৰ সংগঠিত কৰাৰ সুযোগ প্ৰদান কৰিছে। আমি এনে ব্যৱস্থা সৃষ্টি কৰিব লাগিব যিয়ে আজিৰ সমস্যা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব লাগিব আৰু আমি সমগ্ৰ মানৱতাৰ বিষয়ে চিন্তা কৰিব লাগিব, কেৱল আমাৰ সীমাৰ ভিতৰত বাস কৰা সকলৰ বিষয়ে নহয়। সামগ্ৰিকভাৱে মানৱতা আমাৰ চিন্তা আৰু কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হ'ব লাগে।

 

বন্ধুসকল,

এই মহামাৰীৰ সময়ত, আমাৰ নিজৰ নম্ৰ পদক্ষেপ, আমাৰ নিজৰ সীমিত সম্পদৰ সৈতে, আমি ভাৰতত কেইবাটাও পদক্ষেপ লৈছো। আমি আমাৰ ১.৩ বিলিয়ন নাগৰিকক মহামাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছো। একে সময়তে, আমি মহামাৰীৰ মোকাবিলা কৰাৰ বাবে আন লোকৰ প্ৰচেষ্টাত সহায় কৰিবলৈ চেষ্টা কৰিছো। আমাৰ চুবুৰীয়া অঞ্চলত, আমি সংকটটোৰ প্ৰতি আমাৰ সমন্বিত আঞ্চলিক সঁহাৰিকো উৎসাহিত কৰিছো। যোৱা বছৰ, আমি ১৫০খনতকৈও অধিক দেশৰ সৈতে ঔষধ আৰু সুৰক্ষা সঁজুলি ভাগ-বতৰা কৰিছিলো। আমি সম্পূৰ্ণৰূপে বুজি পাওঁ যে মানৱ জাতিয়ে এই মহামাৰীক পৰাস্ত কৰিব নোৱাৰিব যেতিয়ালৈকে আমি ইয়াৰ বাবে ওলাই নাযাও, সকলো ঠাইতে, আমাৰ সকলো পাৰ্থক্য পাহৰি নাযাও। সেয়েহে, এই বছৰ বহুতো বাধা স্বত্বেও, আমি ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰিছো। আমি জানো যে যোগান বহুত কম। আমি এয়াও জানো যে চাহিদা বহুত বেছি। আমি জানো যে সমগ্ৰ মানৱ জাতিৰ টীকাকৰণ কৰিবলৈ দীঘলীয়া সময় লাগিব। কিন্তু তাৰ সৈতে আমি এইটোও জানো যে আশাবোৰো গুৰুত্বপূৰ্ণ। এইটো আটাইতকৈ ধনী দেশবোৰৰ নাগৰিকৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই দুৰ্বল দেশবোৰৰ নাগৰিকৰ বাবেও গুৰুত্বপূৰ্ণ। আৰু সেয়েহে আমি মহামাৰীৰ বিৰুদ্ধে যুঁজত আমাৰ অভিজ্ঞতা, আমাৰ দক্ষতা আৰু আমাৰ সম্পদস মগ্ৰ মানৱজাতিৰ সৈতে ভাগ বতৰা কৰি যাম।

বন্ধুসকল,

যিহেতু আমি এই বছৰ ৰাইচিনা ডায়লগৰ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সংযুক্ত হৈ আছো, মই আপোনালোকক মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ বাবে এক শক্তিশালী কণ্ঠস্বৰ হিচাপে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো, আন ক্ষেত্ৰত আমি পৰিকল্পনা 'এ' আৰু পৰিকল্পনা 'বি' প্ৰস্তুত কৰিবলৈ অভ্যস্ত হ'ব পাৰোঁ, কিন্তু ইয়াত দ্বিতীয় পৃথিৱী 'বি' নাই, কেৱল এখনেই পৃথিৱী আছে আৰু সেয়েহে আমি মনত ৰাখিব লাগে যে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এই গ্ৰহৰ কেৱল এক ন্যাসৰক্ষীহে৷

মই আপোনালোকৰ পৰা এই ধাৰণাটোৰ সৈতে বিদায় লৈছো আৰু অহা কেইদিনমানৰ ভিতৰত এটা অতিশয় উপযোগী আলোচনাৰ বাবে আপোনালোকক শুভকামনা জনাইছো। শেষ কৰাৰ আগতে, মই এই আলোচনাসমূহত অংশগ্ৰহণ কৰা সকলো গণ্যমান্য ব্যক্তিক ধন্যবাদ জনাব বিচাৰো। আলোচনাৰ এই অধিৱেশনত গুৰুত্বপূৰ্ণ উপস্থিতিৰ বাবে মই বিশেষভাৱে মহামান্য ৰুৱাণ্ডাৰ ৰাষ্ট্ৰপতি আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো। মই মোৰ বন্ধু, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু ইউৰোপীয় পৰিষদৰ সভাপতিক ধন্যবাদ জনাইছো যিয়ে পিছত এই আলোচনাত যোগদান কৰিব।

অৱশেষত, আন সকলোৰে দৰে  সমূহ আয়োজকলৈ মোৰ কৃতজ্ঞতা আৰু শুভেচ্ছা থাকিল। সকলো প্ৰত্যাহ্বানস্বত্বেও, তেওঁলোকে এই বছৰৰ ৰাইচিনা ডায়লগৰ আয়োজনত এক মহান কাম কৰিছে।

ধন্যবাদ৷ আপোনালোক আটাইলৈ অশেষ ধন্যবাদ থাকিল৷

 

****

DS/AKJ/AK/MANN



(Release ID: 1712610) Visitor Counter : 168