স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত ৩০ লাখৰো অধিক পালি প্ৰদানেৰে ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে প্ৰায় ১২ কোটি স্পৰ্শ কৰিছে

নতুন ঘটনাৰ ৭৯% লাভ কৰা হৈছে ১০ খন ৰাজ্যত

Posted On: 17 APR 2021 11:36AM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ টিকাদান অভিযানৰ অংশ হিচাপে আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই প্ৰায় ১২ কোটি স্পৰ্শ কৰিছে।

 

ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি ১৭,৩৭,৫৩৯ ছেচনজুৰি ১১,৯৯,৩৭,৬৪১ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৯১,০৫,৪২৯ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৫৬,৭০,৮১৮ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ১,১১,৪৪,০৬৯ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৫৪,০৮,৫৭২ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৬০ বছৰ বয়সৰ উৰ্ধ ৪,৪৯,৩৫,০১১ হিতাধিকাৰীক ১ম পালি আৰু ৩৪,৮৮,২৫৭ হিতাধিকাৰীক ২য় পালি আৰু ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৩,৯২,২৩,৯৭৫ হিতাধিকাৰী (১ম পালি) আৰু ৯,৬১,৫১০ হিতাধিকাৰী (২য় পালি)।

 

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা ৬০ বছৰ বয়সৰ লোক

৬০ বছৰ বয়সৰ উৰ্ধ লোক

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৯১,০৫,৪২৯

৫৬,৭০,৮১৮

১,১১,৪৪,০৬৯

৫৪,০৮,৫৭২

৩,৯২,২৩,৯৭৫

৯,৬১,৫১০

৪,৪৯,৩৫,০১১

৩৪,৮৮,২৫৭

১১,৯৯,৩৭,৬৪১

 

দেশখনত অদ্যপি প্ৰদান কৰা মুঠ পালিৰ ৫৯.৫৬% প্ৰদান কৰা হৈছে আঠখন ৰাজ্যত।

যোৱা ২৪ ঘন্টাত ৩০ লাখৰো অধিক ভেকচিন পালি প্ৰদান কৰা যায়।

 

টিকাদান অভিযানৰ ৯১-সংখ্যক দিন (১৬ এপ্ৰিল, ২০২১) ত, ৩০,০৪,৫৪৪ পালি ভেকচিন প্ৰদান কৰা হয়। ৩৭,৮১৭ ছেচনজুৰি ২২,৯৬,০০৮ হিতাধিকাৰীক ১ম পালি আৰু ৭,০৮,৫৩৬ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

 

তাৰিখঃ ১৬ এপ্ৰিল, ২০২১ (৯১-সংখ্যক দিন)

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা ৬০ বছৰ বয়সৰ লোক

৬০ বছৰ বয়সৰ উৰ্ধ লোক

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

২২,৪৩২

৩৬,১৮৪

৮,৫০,৫৪৫

২,৫৫,৬৮১

৭,১৮,৮৬২

২৬,৩৭৫

৭,০৪,১৬৯

৩,৯০,২৯৬

২২,৯৬,০০৮

৭,০৮,৫৩৬

 

ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ২,৩৪,৬৯২ নতুন ঘটনা লাভ কৰা হৈছে।

 

নতুন ঘটনাৰ ৭৯.৩২% লাভ কৰা হৈছে দহখন ৰাজ্যত যথাঃ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, চত্তীশগড়, কৰ্ণাটক, মধ্য প্ৰদেশ, কেৰালা, গুজৰাট, তামিল নাডু আৰু ৰাজস্থান।

 

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬৩,৭২৯। ইয়াৰ পাছতেই উত্তৰ প্ৰদেশত ২৭,৩৬০ ৰ সমান্তৰালভাৱে দিল্লীত ১৯,৪৮৬ নতুন ঘটনা লাভ কৰা হৈছে।

 

ষোল্লখন ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে।

 

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ডে ১৬,৭৯,৭৪০ স্পৰ্শ কৰিছে। এতিয়া ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১১.৫৬%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ১,০৯,৯৯৭ টা ঘটনা হ্ৰাস পাইছে।

 

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৬৫.০২% লাভ কৰা হৈছে পাঁচখন ৰাজ্য যথাঃ মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু কেৰালাত। দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ ৩৮.০৯% কেৱল মহাৰাষ্ট্ৰতে লাভ কৰা হৈছে।

 

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা ১,২৬,৭১,২২০ হৈ পৰিছে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৮৭.২৩%।

 

যোৱা ২৪ ঘন্টাত ১,২৩,৩৫৪ আক্ৰান্তই আৰোগ্য লাভ কৰে।

 

যোৱা ২৪ ঘন্টাত ১,৩৪১ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

 

নতুন মৃত্যুৰ ঘটনাৰ ৮৫.৮৩% সংঘটিত হৈছে দহখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৩৯৮। ইয়াৰ পাছতে দিল্লীত দৈনিক ১৪১ টা মৃত্যুৰ ঘটনা সংঘটিত হয়।

 

যোৱা ২৪ ঘন্টাত নখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এয়া হৈছেঃ লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, মণিপুৰ, লক্ষদ্বীপ, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

 

****

MV/SB



(Release ID: 1712505) Visitor Counter : 141