প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত–নেদাৰলেণ্ডছ ভাৰ্চুৱেল সন্মিলনত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
09 APR 2021 7:32PM by PIB Guwahati
মান্যবৰ,
আপোনাৰ বক্তব্যৰ বাবে অভিনন্দন আৰু ধন্যবাদ জনাইছো৷
আপোনাৰ নেতৃত্বত চাৰিবাৰকৈ আপোনাৰ দলে জয়লাভ কৰিছে। জয়ৰ পাছতে মই টুইটাৰত আপোনাক অভিনন্দন জনাইছিলো। আজি ভার্চুৱেলী আপোনাৰ সৈতে সাক্ষাৎ হ’ল। এই সুযোগতে পুনৰবাৰ আপোনাক অভিনন্দন জনোৱাৰ লগতে আপোনাৰ সফলতা কামনা কৰিছো৷
মান্যবৰ,
গণতন্ত্র আৰু আইনৰ শাসনৰ ওপৰত ভিত্তি কৰি আমাৰ সম্পর্ক গঢ় লৈ উঠিছে। জলবায়ু পৰিৱর্তন, সন্ত্রাসবাদৰে মোকাবিলা, মহামাৰীৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ বিষয়ত আমাৰ দৃষ্টিভংগী একেই। ভাৰত মহাসাগৰীয় অঞ্চলত সুস্থিৰভাৱে যোগান শৃংখল আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল প্রশাসনৰ বিষয়ে আমাৰ ভাৱনাও একেই। আজি জলৰ বিষয়ত আমাৰ কৌশলগত অংশীদাৰিত্বত এই সম্পর্কক আমি নতুন মাত্রা প্ৰদান কৰাৰ দিশে অগ্ৰসৰ হৈছো। আমাৰ দৃঢ় অর্থনৈতিক সহযোগিতাত আৰু গতি আনিবলৈ বিনিয়োগত উৎসাহ যোগাৱাৰ বাবে দ্রুতগতিত এক ব্য়ৱস্থাপনা গঢ়ি তোলা হ’ব। আমাৰ দৰে সম পৰ্যায়ৰ দেশসমূহৰ বাবে ক’ভিডৰ পাছত সময়ছোৱাত আৰু নতুন নতুন সুযোগ সৃষ্টি হ’ব বুলি মই আশাবাদী। ইয়াৰ ভিতৰত আমি পাৰস্পৰিক সহযোগিতাক বৃদ্ধি কৰিব পাৰো৷
মান্যবৰ,
নেদাৰলেণ্ডছৰ মহামহিম ৰজা আৰু ৰাণীৰ ২০১৯ চনত ভাৰত ভ্ৰমণ কৰি ভাৰত–নেদাৰলেণ্ডছৰ সম্পর্কক আৰু অধিক শক্তিশালী কৰিছে। মই বিশ্বাস কৰো যে আমাৰ আজিৰ ভাৰ্চুৱেল শীর্ষ সন্মিলন এই সম্পর্কক আৰু আগুৱাই নিম।
মান্যবৰ,
আপুনি ভাৰতীয় বংশোদ্ভৱসকলৰ কথা উল্লেখ কৰিছে৷ এয়া সঁচা যে ইউৰোপত সৰ্বাধিক ভাৰতীয় বংশোদ্ভৱ নেদাৰলেণ্ডছত থাকে৷ কিন্তু ক’ৰোনাৰ সময়ত ভাৰতীয় বংশোদ্ভৱসকলৰ প্রতি আপুনি যিদৰে খা-খবৰ ৰাখিছে, তাৰবাবে মই আন্তৰিক কৃতজ্ঞতা জনাইছো৷ চিঅ’পি–২৬ আৰু ইউৰোপীয় সংঘৰ সমান্তৰালভাৱে ভাৰত–ইইউ সন্মিলনত বিভিন্ন বিষয়ক লৈ আমি আলোচনা কৰাৰ সুযোগ লাভ কৰিম৷
*****
DS/IG/AK/DB
(ৰিলিজ আই ডি : 1711300)
অতিথি কক্ষ : 184
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam