প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘টীকা উৎসৱ’ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাৰ অসমীয়া অনুবাদ
Posted On:
11 APR 2021 12:15PM by PIB Guwahati
মোৰ মৰমৰ দেশবাসীসকল,
আজি ১১ এপ্ৰিল অৰ্থাৎ জ্যোতিবা ফুলেৰ জয়ন্তীৰ সৈতে আমি দেশবাসীয়ে ‘টীকা উৎসৱ’ৰ শুভাৰম্ভ কৰিছো৷ এই ‘টীকা উৎসৱ’ ১৪ এপ্ৰিল অৰ্থাৎ বাবা চাহেব আম্বেদকাৰ জয়ন্তীলৈ চলিব৷
এই উৎসৱ এক প্ৰকাৰে ক’ৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুদ্ধৰ আৰম্ভণি৷ ইয়াত আমি ব্যক্তিগত স্বাস্থ্যবিধিৰ লগতে সামাজিক স্বাস্থ্যবিধিতো বিশেষ গুৰুত্ব প্ৰদান কৰিম৷
আমি এই চাৰিটা কথা নিশ্চিতভাৱে মনত ৰাখিব লাগিব৷
Each One- Vaccinate One, অৰ্থাৎ যিসকল নিৰক্ষৰ, বয়সস্থ, যি নিজে গৈ টীকা লগাব নোৱাৰে তেওঁলোকক সহায় কৰিব লাগিব৷
Each One- Treat One, অৰ্থাৎ যিসকল লোকৰ ওচৰত সাধনৰ অভাৱ, যাৰ তথ্যৰ অভাৱ, তেওঁলোকক ক’ৰোনাৰ চিকিৎসাত সহায় কৰিব লাগিব৷
Each One- Save One, অৰ্থাৎ মই নিজেও মাস্ক পৰিধান কৰিম, নিজকে সুৰক্ষিত ৰাখিম আৰু আনকো সুৰক্ষিত ৰাখিম৷ ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগিব৷
আৰু চতুৰ্থটো গুৰুত্বপূৰ্ণ কথা, ক’ৰবাত ক’ৰোনাই দেখা দিলে সেই স্থানক ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ হিচাপে ঘোষণা কৰাৰ নেতৃত্ব সমাজৰ লোকে কৰিব লাগিব৷ য’তেই এজনো যদি ক’ৰোনা পজিটিভ কেছ দেখা পোৱা যায় তাতেই পৰিয়ালৰ লোকে, সমাজৰ লোকে ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ গঢ়ি তুলিব লাগিব৷
ভাৰতৰ দৰে ঘন জনবসতিপূৰ্ণ আমাৰ দেশত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ এক গুৰুত্বপূৰ্ণ প্ৰয়াস৷ এটাও পজিটিভ কেছ দেখা পালে আমি সকলোৱে সজাগ হৈ থকা, আন লোকৰ পৰীক্ষণ কৰোৱাটো অতিশয় আৱশ্যক৷ ইয়াৰ সৈতে টীকাৰ হিতাধিকাৰীসকলে যাতে টীকা গ্ৰহণ কৰিব পাৰে তাৰ সম্পূৰ্ণ প্ৰয়াস আমি সমাজে কৰিব লাগিব, প্ৰশাসনেও কৰিব লাগিব৷
এটা প্ৰতিষেধকো যাতে অথলে নাযায় এয়া আমি সুনিশ্চিত কৰিব লাগিব৷ আমি শূন্য প্ৰতিষেধক পৰীক্ষণৰ দিশে আগবাঢ়িব লাগিব৷ এই সময়ছোৱাত আমি দেশৰ প্ৰতিষেধক ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰকৰণৰ দিশত আগবাঢ়িব লাগিব৷ এয়াও আমাৰ ক্ষমতা বৃদ্ধি কৰাৰ এটা প্ৰক্ৰিয়া৷
আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ৰ প্ৰতি আমি কিমান সজাগ৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে বিনা প্ৰয়োজনত যাতে আমি ঘৰৰ পৰা বাহিৰ নহও৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে যি টীকাৰ হিতাধিকাৰী, তেওঁ যাতে টীকা গ্ৰহণ কৰিব পাৰে৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে আমি যাতে মাস্ক পৰিধান কৰো আৰু অন্য নিয়মসমূহো পালন কৰো৷
বন্ধুসকল,
এই চাৰিটা দিনত ব্যক্তিগত পৰ্যায়ত, সামাজিক পৰ্যায়ত আৰু প্ৰশাসনিক পৰ্যায়ত আমি আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু এয়া প্ৰাপ্ত কৰাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিব লাগিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস, এই ধৰণৰ সহযোগিতাৰে, সজাগ হৈ থাকি, নিজৰ দায়িত্ব পালন কৰি আমি পুনৰ ক’ৰোনাক নিয়ন্ত্ৰিত কৰাত সফল হ’ম৷
মনত ৰাখিব, ঔষধো আৰু নিয়মানুৱৰ্তিতাও৷
ধন্যবাদ!
আপোনালোকৰ,
নৰেন্দ্ৰ মোদী
*****
DS/MANN
(Release ID: 1711096)
Visitor Counter : 216
Read this release in:
Urdu
,
Hindi
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
English
,
Marathi
,
Manipuri
,
Punjabi
,
Malayalam