স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিগত ২৪ ঘণ্টাত ৩৪ লাখ ড’জ প্ৰদানসহ টিকাকৰণ অভিযানে ৯.৮০ কোটিতকৈ অধিক লোকক সামৰি লৈছে

ভাৰতে দৈনিক সৰ্বাধিক ড’জ প্ৰদানৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে

১০খন ৰাজ্যত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৪৫.৬৫%ই ১০খন জিলাৰ

Posted On: 10 APR 2021 11:56AM by PIB Guwahati

আজি দেশত ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ৯.৮০ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ১৪,৭৫,৪১০টা পৰ্বৰ জৰিয়তে মুঠ ৯,৮০,৭৫,৩৭৩টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৮৯,৮৯,৩৭৩গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৫৪,৭৯,৮২১গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ৯৮,৬৭,৩৩০গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৪৫,৫৯,০৩৫গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৩,৮৬,৫৩,১০৫গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১৫,৯০,৩৮৮গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ২,৮২,৫৫,০৪৪জন লোকক প্ৰথম ড’জ আৰু ৫,৮২,০৬৪জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৬০.৬২%ই আঠখন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত ৩৪ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ৮৪তম দিন(৯ এপ্ৰিলত)ত দেশত ৩৪,১৫.০৫৫জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৪৬,২০৭টা পৰ্বৰ জৰিয়তে ৩০,০৬,০৩৭গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৪,০৯,০১৮জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

দৈনিক টিকাকৰণৰ সংখ্যাৰ বেলিকা ভাৰতে গড়ে ৩৮,৯৩,২৮৮টা ড’জ প্ৰদানেৰে বিশ্বক নেতৃত্ব প্ৰদান কৰিছে৷

ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৪৫,৩৮৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৮২.৮২%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৮,৯৯৩জন, ছত্তীশগড়ত ১১,৪৪৭জন আৰু উত্তৰপ্ৰদেশত ৯,৫৮৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১০,৪৬,৬৩১গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ চিকিৎসাধীন ৰোগীৰ ৭.৯৩%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ৬৭,০২৩জন বৃদ্ধি পালে৷

৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, কেৰালা আৰু উত্তৰপ্ৰদেশত দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৭২.২৩% আছে৷ মহাৰাষ্ট্ৰতে দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৫১.২৩% আছে৷

 

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৪৫.৬৫%ই ১০খন জিলাৰ৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,১৯,৯০,৮৫৯জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯০.৮০%লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭৭,৫৬৭জন ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৭৯৪জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৯২.৮২%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৭৬জন লোকৰ মৃত্যু হৈছে৷ ছত্তীশগড়তো ৯৪জন ৰোগীৰ মৃত্যু হৈছে৷

 

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮৬.৭৮%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৩০১জন লোকৰ মৃত্যু হৈছে৷ ছত্তীশগড়তো ৯১জন ৰোগীৰ মৃত্যু হৈছে৷

১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-পুডুচেৰী, লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়, ছিকিম, মনিপুৰ, লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

****

MV/DB

 



(Release ID: 1710969) Visitor Counter : 196