প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-নেদাৰলেণ্ডৰ ভাৰ্চুৱেল সন্মিলন

Posted On: 09 APR 2021 9:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী মাৰ্ক ৰুটে আজি ভাৰ্চুৱেল সন্মিলনত মিলিত হয়। ২০২১ ৰ মাৰ্চত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰী ৰুটে ভাগ লোৱা প্ৰথমখনি উচ্চ স্তৰীয় সন্মিলন। প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনত জয়লাভ কৰা আৰু একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী ৰুটক অভিনন্দন জনায়।

ভাৰত আৰু নেদাৰলেণ্ডৰ বন্ধুত্ব হৈছে শক্তিশালী আৰু দৃঢ়, যাৰ আধাৰ হৈছে গণতন্ত্ৰৰ পাৰস্পৰিক মূল্যবোধ, আইনৰ শাসন আৰু মানৱ অধিকাৰক সন্মান আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ ঐতিহাসিক বন্ধন।

সন্মিলনখনিত, দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ দৃষ্টিকোণ বিস্তৃতভাৱে পৰ্যালোচনা কৰে আৰু বাণিজ্য আৰু অৰ্থনীতি, জল ব্যৱস্থাপনা, কৃষি খণ্ড, স্মাৰ্ট চিটি, বিজ্ঞান ও প্ৰযুক্তি, হেল্থকেয়াৰ আৰু মহাকাশত সম্পৰ্কৰ পৰৱৰ্তী সম্প্ৰসাৰণ আৰু বৈচিত্ৰ্যকৰণ সন্দৰ্ভত মতামত ব্যক্ত কৰে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জল সম্পৰ্কীয় খণ্ডটোত ইন্দো-ডাচ সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ ‘পানীৰ ওপৰত কৌশলী অংশীদাৰিত্ব’ ৰ প্ৰতিষ্ঠাত সন্মতি প্ৰকাশ কৰে আৰু পানীৰ ওপৰত যুটীয়া কৰ্ম বাহিনীক মন্ত্ৰী-পৰ্যায়লৈ উন্নীতকৰণত সহমত পোষণ কৰে।

নেতা দুজনে জলবায়ু পৰিৱৰ্তন, সন্ত্ৰাসবাদ-প্ৰতিৰোধ আৰু ক’ভিড-১৯ মহামাৰীৰ দৰে আঞ্চলিক আৰু বৈশ্বিক প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত মতামত ব্যক্ত কৰে আৰু ইন্দো-পেছেফিক, প্ৰাণোচ্ছল যোগান শৃংখল আৰু গ্ল’ৱেল ডিজিটেল গভাৰ্নেন্সৰ দৰে নতুন ক্ষেত্ৰসমূহত বৰ্ধমান একত্ৰীকৰণক প্ৰয়োগৰ সন্মতি জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স (ISA) আৰু কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাচট্ৰাকচাৰ (CDRI) লৈ আগবঢ়োৱা সমৰ্থনৰ বাবে নেদাৰলেণ্ডক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি নেদাৰলেণ্ডৰ ইন্দো-পেছেফিক নীতি আৰু ২০২৩ ত জি২০ ত ভাৰতৰ অধ্যক্ষতালৈ সহযোগিতা আগবঢ়োৱাৰ আশাক আদৰণি জনায়।

দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি নিশ্চিতকৰণৰ অৰ্থে নিয়ম-আধাৰিত বহপক্ষীয় অৰ্ডাৰৰ বাবে তেওঁলোকৰ অংগীকাৰৰ কথা দোহাৰে আৰু ২০২১ ৰ মে’ত পৰ্টুগালৰ প’ৰ্ট’ত অনুষ্ঠিতব্য ভাৰত-ইউৰোপিয়ান ইউনিয়ন লিডাৰ্ছ বৈঠকৰ সফলতা কামনা কৰে।

*****

DS/AKJ/SB



(Release ID: 1710811) Visitor Counter : 150