PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 08 APR 2021 5:34PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

 

Image

বিগত ২৪ ঘণ্টাত প্ৰায় ৩০লাখ ভেকচিন প্ৰদানেৰে ভাৰতৰ টিকাকৰণ অভিযানে সৰ্বমুঠ কোটি লোকক সামৰি লৈছে; প্ৰতিদিনে ৩৪লাখ ভিড প্ৰদানেৰে বিশ্বক নেতৃত্ব দিছে ভাৰতে; ১০খন ৰাজ্যত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে ৰাষ্ট্ৰীয় পজিটিভিটিৰ হাৰ .১৯% পৰা .৪০%লৈ উন্নীত হৈছে

দেশত আজি কভিড-১৯ ভেকচিন প্ৰদানৰ সংখ্যা মুঠ ৯ কোটিৰ সীমা অতিক্ৰম কৰিছে৷৷ আজি পুৱা ৭ বজালৈকে ১৩,৭৭,৩০৪টা পৰ্বত ৯,০১,৯৮,৬৭৩টা ভেকচিন ডজ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৮৯,৬৮,১৫১গৰাকী স্বাস্থ্যকৰ্মীক প্ৰথম ডজ আৰু ৫৪,১৮,০৮৪গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ডজ আৰু ৯৭,৬৭,৫৩৮গৰাকী আগশাৰীৰ কৰ্মীক প্ৰথম ডজ আৰু ৪৪,১১,৬০৯গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ডজ প্ৰদান, ,৬৩,৩২,৮৫১গৰাকী হিতাধিকাৰীক ৬০ বছৰ ঊৰ্ধ্বৰ ১১,৩৯,২৯১গৰাকীক দ্বিতীয় ডজ আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ ২,৩৯,৯৪,৪৮৭গৰাকী প্ৰথম ডজ আৰু ৪,৬৬,৬৬২গৰাকীক দ্বিতীয় ডজ প্ৰদান কৰা হৈছে৷ দেশৰ মুঠ টিকাকৰণৰ ৬০%ই ৮খন ৰাজ্যৰ৷ বিগত ২৪ ঘণ্টাত প্ৰায় ৩০লাখ লোকক টিকাকৰণ কৰা হৈছে৷ দৈনিক টিকাকৰণৰ হিচাপত গড়ে ৩৪,৩০,৫০২টা ডজ প্ৰদানৰে বিশ্বৰ শীৰ্ষ স্থানত আছে ভাৰত৷ ইফালে, ভাৰতৰ দৈনিক আক্ৰান্ত সংখ্যা বৃদ্ধি পাই আছে৷ আজি দেশত বিগত ২৪ঘণ্টাত ১,২৬,৭৮৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰপ্ৰদেশ, দিল্লী, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট, কেৰালা আৰু পাঞ্জাৱকে ধৰি ১০খন ৰাজ্যত নতুন আক্ৰান্ত বৃদ্ধি পাইছে৷ নতুন আক্ৰান্তৰ ৮৪.২১%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৯,৯০৭গৰাকী লোক আক্ৰান্ত হৈছে৷ বৰ্তমান দেশত বৰ্ধিত আক্ৰান্তৰ ফলত ৰাষ্ট্ৰীয় পজিটিভিটিৰ হাৰ ২.১৯%ৰ পৰা ৮.৪০%লৈ বৃদ্ধি পাইছে৷ দেশত বৰ্তমান ৯,১০,৩১৯গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ বিগত ২৪ ঘণ্টাত দেশত ৬৮৫গৰাকী কভিড ৰোগীৰ মৃত্যু হৈছে৷

 

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1710349

 

ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় ড’জ ল’লে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় ড’জ লয়৷ টুইটাৰযোগে শ্ৰী মোদীয়ে কয়, “আজি এইমছত মই মোৰ ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় ড’জ ল’লো৷ ভাইৰাছক পৰাজয় কৰাত অন্যান্য উপায়ৰ ভিতৰত টিকাকৰণো অন্যতম৷”

অধিক বিৱৰণৰ বাবে  :https://pib.gov.in/PressReleasePage.aspx?PRID=1710307

 

কৰ্মস্থলী (চৰকাৰী আৰু বেচৰকাৰী) ভিডৰ টিকাকৰণ শিৱিৰ আয়োজনকলৈ নিৰ্দেশনা জাৰি কেন্দ্ৰৰ; ২০২১ৰ ১১ এপ্ৰিলৰ পৰা কৰ্মস্থলীৰ টিকাকৰণ শিৱিৰসমূহত ৪৫বছৰ বয়স বা তাতকৈ ঊৰ্ধ্বৰ সকলো কৰ্মচাৰীৰ টিকাকৰণ কৰা

২০২১ৰ ১ এপ্ৰিলৰ পৰা ৪৫ বছৰ বয়স বা ইয়াৰ ঊৰ্ধ্বৰ সকলো নাগৰিকক ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ অধীনত সামৰি লোৱাৰ লগতে কেন্দ্ৰ চৰকাৰে এই বয়সৰ নাগৰিসকলৰ বাবে ভেকচিন লোৱাটো অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, য’ত অধিকসংখ্যক লোক অৰ্থনীতিৰ সংগঠিত খণ্ড আৰু কাৰ্যালয় (চৰকাৰী আৰু বেচৰকাৰী) তথা নিৰ্মাণ আৰু সেৱা খণ্ডত আনুষ্ঠানিক বৃত্তিৰ সৈতে জড়িত হৈ আছে৷ স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক লিখিতভাৱে জনাইছে যে এতিয়াৰে পৰা প্ৰায় ১০০জন যোগ্য কৰ্মচাৰী আৰু ইচ্ছাপ্ৰকাশ কৰা হিতাধিকাৰী থকা কৰ্মস্থলী (চৰকাৰী আৰু বেচৰকাৰী)ত ক’ভিড-১৯ টিকাকৰণ শিৱিৰ আয়োজন কৰিব পাৰিব৷ এই প্ৰচেষ্টাত ৰাজ্যসমূহৰ সহায় কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ দ্বাৰা এক নিৰ্দেশনা প্ৰস্তুত কৰি ইতিমধ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অৱগত জনোৱা হৈছে৷ এই নিৰ্দেশনাসমূহে ৰাজ্য আৰু জিলা প্ৰগেম মেনেজমেণ্টক এনে কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী)ত টিকাকৰণ পৰ্ব আয়োজনৰ প্ৰয়োজনীয় তথ্য আৰু নিৰ্দেশনা প্ৰদান কৰিব৷ ২০২১ৰ ১১ এপ্ৰিলৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মস্থলীত এই শিৱিৰ আয়োজন কৰিব পাৰিব৷ ৰাজ্যসমূহক লগতে চৰকাৰী আৰু ব্যক্তিখণ্ডৰ নিয়োগকৰ্তা আৰু ব্যৱস্থাপকৰ সৈতে কৰ্মস্থলীত টিকাকৰণ শিৱিৰ শুভাৰম্ভণিৰ বাবে সাজু হ’বলৈ আলোচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰি এইটো সুনিশ্চিত কৰা হৈছে যে এই টিকাকৰণ অভিযান যথেষ্ট ফলপ্ৰসূ আৰু গ্ৰহণযোগ্য তথা হিতাধিকাৰীসকলৰ বাবেও সুবিধাজনক৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1710218

 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু ভৃ-বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ কয়, “একাংশ ৰাজ্য চৰকাৰৰ দ্বাৰা নিজৰ বিফলতাৰ ঢাকিবলৈ জনসাধাৰণৰ মাজত আতংক বিয়পাইছে”

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1710190

 

জনজাতি স্বাস্থ্য সহযোগিতা ‘অনাময়’ মুকলি কৰিলে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কালি ভিডিঅ’ কনফাৰেন্সিংযোগে জনজাতি স্বাস্থ্য সহযোগিতা ‘অনাময়’ মুকলি কৰে৷ 

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1710231

 

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে

 

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰ (স্বতন্ত্ৰ দায়িত্ব), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি শেহতীয়াভাৱে পজিটিভ ঘটনা বৃদ্ধিকে প্ৰমুখ্য কৰি ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ পৰ্যালোচনা কৰে। এই বৈঠকত উপস্থিত থাকে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ কেন্দ্ৰীয় সচিব দীপক খান্দেকৰ, প্ৰশাসনীয় সংস্কাৰৰ কেন্দ্ৰীয় সচিব ইন্দিবৰ পাণ্ডে, কেন্দ্ৰীয় সচিব আৰু স্থাপনা বিষয়া কে শ্ৰীনিবাসন, কেন্দ্ৰীয় সচিব আলোক ৰঞ্জন, সচিব (ইকুইভেলেন্ট) সুজাতা চতুৰ্বেদী, যুটীয়া সচিব, পেঞ্চন এছ এন মাথুৰ আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, এআৰপিজি আৰু পেঞ্চন বিভাগকে ধৰি পাৰ্ছনেল মন্ত্ৰালয়ৰ আন জ্যেষ্ঠ বিষয়াসকল। এটা কথা উল্লেখ কৰিব লাগিব যে ক’ভিড ঘটনাৰ শেহতীয়া বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এখনি অফিছ মেম’ৰেণ্ডাম জাৰি কৰে। ইয়াত ৪৫ বছৰ আৰু তাৰ উৰ্ধ বয়সৰ কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীকে ভেকচিন গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা যায় যাতে ক’ভিড-১৯ ৰ সংক্ৰমণ ফলপ্ৰসূতাৰে প্ৰতিৰোধ কৰিব পাৰি। এনে চৰকাৰী কৰ্মচাৰীক তদুপৰি এই পৰামৰ্শও প্ৰদান কৰা যায় যে তেওঁলোকে টিকালাভৰ পাছতো সঘনাই হাত ধোৱা/ছেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক/ফেচ ক’ভাৰ পৰিধান, সামাজিক দূৰত্ব মানি চলা ইত্যাদিৰ দৰে ক’ভিডৰ যথোচিত আচৰণ বৰ্তাই চলিব লাগে। এই বৈঠকত চমু ভাষণ প্ৰদান কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয়, ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ পাৰ্ছনেল ও ট্ৰেইনিং বিভাগকে প্ৰমুখ্য কৰি পাৰ্ছনেল মন্ত্ৰালয়ে সময়ে-সময়ে নিৰ্দেশনা আৰু প্ৰতিৰোধমূলক নীতি-নিৰ্দেশনা জাৰি কৰি আহিছে। তেওঁ কয়, চৰকাৰে পৰিস্থিতিটো অতিশয় নিবিড়ভাৱে নিৰীক্ষণ কৰি আহিছে আৰু টিকাদানৰ অগ্ৰাধিকাৰৰ অৰ্থে গ্ৰহণ কৰা কৌশলৰ ভিত্তিত, ৪৫ বছৰ আৰু তাৰ উৰ্ধ বয়সৰ সকলো লোকেই এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰে। তেওঁ কয়, সকলো চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ নিজা সুৰক্ষা তথা একেদৰে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সুৰক্ষাৰ অৰ্থে এই টিকাদানৰ সা-সুবিধা গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1710182

 

চিএছআইৰ-চিএমইআৰআই অক্সিজেন সংবৰ্ধন ইউনিট-এক সম্ভাৱনাপূৰ্ণ জীৱনৰক্ষক

 
অক্সিজেন সংবৰ্ধন ইউনিট এক সঁজুলি, যি আমাৰ চৌপাশৰ বায়ুৰ পৰা অক্সিজেন একগোট কৰে আৰু অক্সিজেন সমৃদ্ধ বায়ুৰ যোগান ধৰাৰ বাবে তাৰ পৰা নাইট্ৰ’জেনক আঁতৰ কৰে৷ একগোট কৰা অক্সিজেনক অক্সিজেন মাস্ক বা নাকত লগোৱাৰ বাবে কেনুলাৰ জৰিয়তে সেইসকল ৰোগীক দিয়া হয়, যিসকলৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে৷ সেই সঁজুলি দূৰৱৰ্তী স্থান, ঘৰ বা হাস্পতালত এনে ৰোগীসকলৰ বাবে ব্যৱহাৰ কৰা হয়, যিসকল দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ক্ৰনিক হাইপাক্সেমিয়া আৰু পালমোনেৰী এডিমাত আক্ৰান্ত৷ ইয়াৰ জৰিয়তে নিদ্ৰা সম্বন্ধীয় গম্ভীৰ ৰোগ-শ্লীপ এপনিয়া ৰোগৰ চিকিৎসা কৰিব পৰা যাব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1710350

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

  • অসমঃ ভাৰতৰ বাকী ৰাজ্যৰ তুলনাত অসমৰ ভিড-১৯ পজিটিভিটিৰ হাৰ কম যদিও ইয়াৰ গ্ৰাফডালো ঊৰ্ধ্বগ্ৰামী হৈছে৷ ভিড-১৯ৰ দ্বিতীয় ঢৌত বিগত ১০দিনত অসমৰ পজিটিভিটিৰ হাৰ .২৫% পৰা .০৯২%লৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত মঙলবাৰৰ ৯২জনৰ পৰা বুধবাৰে ১৯৫জনলৈ ভিড পজিটিভিটিৰ সংখ্যা বৃদ্ধি পাইছে৷
  • মনিপুৰঃ বিগত ২৪ ঘণ্টাত ১২জন নতুন আক্ৰান্তসহ বুধবাৰে মনিপুৰত চিকিৎসাধীন ভিড-১৯ ৰোগীৰ সংখ্যা ৭৫জনলৈ বৃদ্ধি পাইছে৷ বুধবাৰে মনিপুৰত ৯৪৮গৰাকী লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰ জৰিয়তে ৩১,৭৪৪গৰাকী স্বাস্থ্যকৰ্মীসহ ৰাজ্যখনত মুঠ ৮৯,৫৯০গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷
  • ছিকিমঃ বিগত ২৪ ঘণ্টাত ৩১জন নতুন আক্ৰান্তসহ ছিকিমত চিকিৎসাধীন ভিড-১৯ ৰোগীৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি পাইছে৷ নতুন ৩১গৰাকীৰ ভিতৰত ১৪গৰাকী তাশী নামগয়াল একাডেমীৰ শিক্ষাৰ্থী৷ আনহাতে মঙলবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ,৭০২গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ বন্ধৰ দিনসমূহতো ছিকিমত টিকাকৰণ কৰাৰ সিদ্ধান্ত লৈছে৷0
  • ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰোনাত আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত এজনৰ মৃত্যুসহ ২১জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইতিমধ্যে ত্ৰিপুৰাত ভিডৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে৷
  • মেঘালয়ঃ বৰ্ধিত ভিড আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে কঠোৰ এছঅপি আৰু প্ৰটকল জাৰি কৰিছে৷ ৰাজ্যখনত ১০৮জন লোক নতুনকৈ ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ভিতৰত অধিকাংশই বৰ্হিৰাজ্যৰ পৰা ঘূৰি অহা৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ১১খন ৰাজ্যৰ পৰা ঘূৰি অহা লোকক ক্ষেত্ৰত বিশেষ প্ৰটকল জাৰি কৰিছে৷ বৰ্হিৰাজ্যৰ পৰা ঘূৰি অহাসকলৰ ৰাজ্যত সোমোৱাৰ আগতে আৰটিপিচিআৰ নিগেটিভ আনিব লাগিব বুলি কয়৷ ৰাজ্য চৰকাৰে ভিডত আক্ৰান্তৰ অধিক সম্ভাৱনা থকাসকলৰ টিকাকৰণ ক্ষিপ্ৰ কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনত বুধবাৰে ,১১৫৫গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডত নতুনকৈ ১১লোক ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ মুঠ ভিড আক্ৰান্তৰ সংখ্যা ১২,৩৭৬জনলৈ বৃদ্ধি পোৱাৰ লগতে বৰ্তমান ১৪২জন ৰোগী চিকিৎসাধীন হৈ আছে৷ নাগালেণ্ডৰ ৭১,৫১৫জন লোকক ভিশ্বিল্ডৰ ৯৩,৭০৭টা প্ৰদান কৰা হৈছে৷ এতিয়ালৈকে কোনো পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷
  • কেৰালাঃ আজিৰে পৰা এছএছএলচি আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কঠোৰভাৱে ভিড-১৯ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে৷ সকলো তদাৰকী গোটক পুনৰ আহ্বান জনোৱা হৈছে যে কেৰালাত নিৰ্বাচনৰ পাছত আন ৰাজ্যৰ দৰে পুনৰ ৰোনাৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পাব৷ কালি ৰাজ্যখনত নতুনকৈ ,৫০২গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইফালে, বৰ্হিৰাজ্যৰ পৰা অহা লোকসকলক এসপ্তাহ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ বৰ্তমানলৈকে ৰাজ্যখনত ৪২,০৩,৯৮৪গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷
  • তামিলনাডুঃ ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত তামিলনাডু চৰকাৰে সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে বৃহস্পতিবাৰে ১০ এপ্ৰিলৰ পৰা নতুন নিষেধাজ্ঞা আৰোপ কৰিছে৷ নতুন নিষেধাজ্ঞাই মানুহৰ জীৱিকাত যাতে কোনো প্ৰভাৱ নেপেলায়, তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে৷ তামিলনাডুত মঙলবাৰে চিকিৎসাধীন ভিড ৰোগীৰ সংখ্যাই ২৫,০০০ৰ সীমা অতিক্ৰম কৰিলে৷ ইপিনে, ১৫জন ৰোগী নতুনকৈ মৃত্যু হৈছে৷ ৰাজ্য চৰকাৰে সকলো উদ্যোগৰ ৪৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তিৰ টিকাকৰণ কৰিবলৈ আহ্বান জনাইছে৷ 
  • কৰ্ণাটকঃ বুধবাৰে ৰাজ্যখনত নতুনকৈ ,৯৭৬জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৩৫জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্ধিত আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত বাংগালুৰু চহৰত ১৪৪জাৰি কৰিছে প্ৰশাসনে৷ ৰাজ্যখন দৈনিক ৭০হাজাৰতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত ,৩৩১গৰাকী নতুন আক্ৰান্তসহ মুঠ ভিড ৰোগীৰ সংখ্যা ,১৩,২৭৪জনলৈ বৃদ্ধি পাইছে৷ বুধবাৰে ১১গৰাকী নতুন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ১৩,২৭৬গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷  ৰাজ্যখনত বিগত ২৪ ঘণ্টাৰ ভিতৰত ৩১,৮১২গৰাকী লোকসহ .৫৩জন লোকক টিকাকৰণ কৰা হৈছে৷ 
  • তেলেংগানাঃ ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো চৰকাৰী হাস্পতালত যিসকল ৰোগীক অক্সিজেন আৰু ভেণ্টিলেটৰ প্ৰয়োজন তেনে ৰোগীক হৈ ভৰ্তি কৰিবলৈ আহ্বান জনাইছে৷ যিসকল  ৰোগীৰ কম লক্ষণ থাকে, তেওঁলোকক আইছলেচন চেণ্টাৰত ৰাখিবলৈ কোৱা হৈছে৷ ৰাজ্যখনত বৰ্তমান দৈনিক .২৫লাখকৈ টিকাকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী ৰাজেশ টোপেই আজি নিশ্চিত কৰে যে ৰাজ্যখনে এতিয়ালৈকে কেন্দ্ৰৰ পৰা .৪০লাখ ভিড ভেকচিনৰ লাভ কৰিছে৷ শ্ৰী টোপে লগতে কয় যে ৰাজ্যখনৰ চাহিদা অনুযায়ী ভেকচিনৰ যোগান সঠিকমতেই ধৰিছে আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক প্ৰতি সপ্তাহত ৪০লাখ ভিড ভেকচিন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে৷ মহাৰাষ্ট্ৰত বুধবাৰে ৫৯,৯০৭জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ ফলত বৰ্তমান .০১লাখ চিকিৎসাধীন হৈ আছে৷ 
  • গুজৰাটঃ বিগত দুটা সপ্তাহত গুজৰাটত অস্বাভাৱিকভাৱে ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ বুধবাৰে যোৱা ২০ মাৰ্চৰ পাছত পুনৰ ,৫৭৫গৰাকী লোক আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিশেষজ্ঞই কয় যে দ্বিতীয় ঢৌত ভিড-১৯ৰ সংক্ৰমণৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰ ফলত এটা সমগ্ৰ পৰিয়ালটোৱেই সংক্ৰমিত হৈছে৷
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ নগৰাঞ্চলত বৰ্ধিত আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত আজি ৬০ ঘণ্টাযোৰা সপ্তাহান্তিক লকডাউন ঘোষণা কৰিছে৷ সোমবাৰে সন্ধিয়া বজাৰ পৰা শুকুৰৰ পুৱা ৬বজালৈকে এই লকডাউন কাৰ্যকৰী ব৷ চিণ্ডৱাৰা জিলাত বৃহস্পতিবাৰে নিশা ৮বজাৰ পৰা দিনীয়া লকডাউন আৰম্ভ হৈছে৷
  • চত্তীশগড়ঃ ভিড-১৯ৰ নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ মাজতে চত্তীশগড় চৰকাৰে বুধবাৰে এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজধানী ৰায়পুৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে৷ এপ্ৰিলৰ সন্ধিয়া ৬বজাৰ পৰা ১৯ এপ্ৰিললৈকে এই লকডাউন কাৰ্যকৰী ব৷ এই লকডাউনৰ পৰা কেৱল অত্যাৱশ্যকীয় সেৱাহে ৰেহাই দিয়া হৈছে৷

 

 

FACT CHECK

Image

Image

Image

Image

Image

Image

 

******

YB



(Release ID: 1710569) Visitor Counter : 176