স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

শেহতীয়া ২৪ ঘণ্টাত ৩৩লাখৰো অধিকৰ সংযোজনৰে দেশত সৰ্বমুঠ টীকাকৰণৰ পৰিসংখ্যাই ৮.৭কোটিৰ ঘৰ অতিক্ৰম কৰিলে

আমেৰিকাক অতিক্ৰমি পৃথিৱীৰ সবাতোকৈ দ্ৰুতগতিত টীকাকৰণ কৰা দেশ হিচাপে পৰিগণিত হ’ল ভাৰত

৮খন ৰাজ্যত দিনৌ নতুন আক্ৰান্তৰ হাৰ বৃদ্ধি ধাৰা অব্যাহত

দেশত ক’ভিড-১৯ৰ প্ৰকোপ বৃদ্ধিয়ে সৃষ্টি কৰা পৰিস্থিতি নিৰীক্ষণৰ বাবে ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সক্ৰিয় ভাবে জড়িত হৈছে কেন্দ্ৰ

Posted On: 07 APR 2021 11:46AM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ টীকাকৰণৰ সৰ্বমুঠ পৰিসংখ্যাই আজি ৮.৭০কোটিৰ ঘৰ অতিক্ৰম কৰিলে।

আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ১৩,৩২,১৩০টা টীকাকৰণ শিবিৰৰ জৰিয়তে ৮,৭০,৭৭,৪৭৪পালি প্ৰতিষেধক প্ৰদান কৰা হয়।

এইসকলৰ মাজত ৮৯,৬৩,৭২৪গৰাকী স্বাস্থ্যসেৱা কৰ্মী(প্ৰথম পালি), ৫৩,৯৪,৯১৩গৰাকী স্বাস্থ্যসেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৯৭,৩৬,৬২৯ গৰাকী(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল। ইফালে, ৪৩,১২,৮২৬গৰাকী আগশাৰীৰ সেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৬০বছৰৰ উৰ্ধ্বৰ ৩,৫৩,৭৫,৯৫৩গৰাকী(প্ৰথম পালি) আৰু ১০,০০,৭৮৭গৰাকী(দ্বিতীয় পালি)ক আৰু ৪৫ৰ পৰা ৬০বছৰৰ মাজৰ ২,১৮,৬০,৭০৯গৰাকী(প্ৰথম পালি) আৰু ৪,৩১,৯৩৩গৰাকী(দ্বিতীয় পালি)ক প্ৰতিষেধক প্ৰাদন কৰা হয়।

 

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ

৬০বছৰৰ উৰ্ধ্বৰ

 

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

 

89,63,724

53,94,913

97,36,629

43,12,826

2,18,60,709

4,31,933

3,53,75,953

10,00,787

8,70,77,474

                   

 

ইফালে, শেহতীয়া ২৪ঘণ্টাত ৩৩লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

টীকাকৰণৰ ৮১-সংখ্যক দিনা(৬এপ্ৰিল, ২০২১) পৰ্যন্ত দেশত ৩৩,৩৭,৬০১পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰে ৪১,৩৯৬টা টীকাকৰণ শিবিৰৰ জৰিয়তে ৩০,০৮,০৮৭গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীক ক’ভিড-১৯ বিৰোধী টীকাৰ প্ৰথম পালি প্ৰদান কৰা হয়। সেইদৰে ৩,২৯,৫১৪গৰাকী স্বাস্থ্য আৰু আগশাৰীৰ সেৱা কৰ্মীক দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে।

 

তাৰিখ: ৬এপ্ৰিল, ২০২১

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ<৬০বছৰ

৬০বছৰৰ উৰ্ধ্বৰ ব্যক্তি

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

প্ৰথম পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

3,254

21,899

17,568

1,07,050

19,70,693

39,424

10,16,572

1,61,141

30,08,087

3,29,514

 

দিনৌ গড়ে ৩০,৯৩,৮৬১পালি প্ৰতিষেধক প্ৰদানৰে ভাৰতে আজি পৃথিৱীৰ সবাতোকৈ দ্ৰুতগতিত টীকাকৰণ সম্পন্ন কৰা দেশ হিচাপে পৰিগণিত হয়।

যোৱা ২৪ঘণ্টাত দেশত ১,১৫,৭৩৬গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পেলোৱা হৈছে।

মহাৰাষ্ট্ৰ, চত্তিশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী, মধ্য প্ৰদেশ, তামিল নাডু আৰু কেৰালাকে   ধৰি ৮খন ৰাজ্যত ক’ভিড-ৰ প্ৰকোপ পুনৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে।  শেহতীয়া ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ৮৬.৩৭% লোকেই এই ৮খন ৰাজ্যৰ।

এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৫৫,৪৬৯গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৯,৯২১ আৰু ৬,১৫০গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে চত্তিশগড় আৰু কৰ্ণাটক।

বাৰখন ৰাজ্যত নতুনকৈ আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত থকা দেখা গৈছে।

দিনৌ নতুনকৈ আক্ৰান্ত লোকৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে আৰু শেহতীয়া ভাবে এই হাৰ ৮.৪০% বুলি নিশ্চিত কৰা হৈছে।

আজিৰ তাৰিখত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮,৪৩,৪৭৩গৰাকী। দেশৰ মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ এতিয়া হৈছেহি ৬.৫৯%। যোৱা ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা ৫৫,২৫০ৰে বৃদ্ধি পাইছে।

দেশৰ মুঠ সক্ৰিয় ৰোগীৰ ৭৪.৫%ই মহাৰাষ্ট্ৰ, চত্তিশগড়, কৰ্ণাটক,, কেৰালা আৰু উত্তৰ প্ৰদেশৰ। ইফালে, মহাৰাষ্ট্ৰই অকলেই ইয়াৰ ৫৬.১৭%ৰ অংশীদাৰিত্ব বহণ কৰিছে।

যিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰোনাৰ সংক্ৰমণ পুনৰাই বাঢ়িবলৈ ধৰিছে, অথবা সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তেনেবোৰ ৰাজ্যৰ সৈতে কেন্দ্ৰীয় চৰকাৰে উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ বাবে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে। যোৱা ৪এপ্ৰিল,২০২১ত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন শীৰ্ষ পৰ্যায়ৰ সভাত দেশৰ ক’ভিড পৰিস্থিতি আৰু টীকাকৰণ অভিযানৰ শেহতীয়া ৰেহ-ৰূপ পৰ্যালোচনা কৰা হয়। সেইদৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে ক’ভিডৰ প্ৰকোপ সৰ্বাধিক ভাবে বৃদ্ধি পোৱা ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শেহতীয়া পৰিস্থিত আৰু টীকাকৰণ অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।  কেবিনেট সচিবৰ অধ্যক্ষতাত যোৱা ২এপ্ৰিল,২০২১ত অনুষ্ঠিত সভাত তেলেংগাণা, মহাৰাষ্ট্ৰ, চত্তিশগড়, মধ্য প্ৰদেশ, গুজৰাট, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ তথা পশ্চিম বংগই অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহক কঠোৰ নিৰীক্ষণ অব্যাহত ৰখাৰ বাবে নিৰ্দেশ

সভাত কেবিনেট সচিবগৰাকীয়ে সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক অধিক সতৰ্কতা আৰু প্ৰভাৱশালী ভাবে ক’ভিডৰ আৱদ্ধকৰণ তথা  প্ৰৱন্ধনৰ পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়। সকোলো ৰাজ্যকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যাৱতীয় তত্পৰতা অব্যাহত ৰখাৰ লগতে ক’ভিড সংক্ৰান্তত জাৰি কৰা বিধি-নিৰ্দেশনাসমূহ কঠোৰ ভাবে বলবত কৰা আৰু ‘ক’ভিড আচৰণ বিধি’ ভংগ কৰা সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

ইফালে, সংক্ৰমণৰ গতিধাৰা নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা বহু বিভাগীয় উচ্চ পদস্থ দলসমূহে ইতিমধ্যে কেৰালা, কৰ্ণাটক, তামিল নাডু, মহাৰাষ্ট্ৰ, চত্তিশগড়, মধ্য প্ৰদেশ, গুজৰাট, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ তথা পশ্চিম বংগলৈ ৰাওণা হৈছে।

দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছেগৈ ১,১৭,৯২,১৩৫গৰাকী। দেশৰ আৰোগ্যৰ গড় হাৰ হৈছে ৯২.১১%।শেহতীয়া ২৪ঘণ্টাত ৫৯,৮৫৬গৰাকী লোক নতুনকৈ আৰোগ্য হোৱা বুলি তথ্য উপলব্ধ হৈছে।

তলত দেশৰ সক্ৰিয় ৰোগীৰ আৰোগ্য লাভৰ হাৰ চিত্ৰায়িত কৰা হৈছে।

দেশৰ কভিড পৰিস্থিতিৰ উৰ্ধ্বমুখী ধাৰা তলত প্ৰদৰ্শন কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৬৩০গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে।

মৃত্যু সাৱটা ৮৪.৪৪% মৃতকেই ৮খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ২৯৭গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে পঞ্জাৱত ৬১গৰাকী লোকৰ মৃত্যু হৈছে।

মৃতকৰ হাৰ অৱনমিত হোৱাৰ ধাৰা নিৰন্তৰ অব্যাহত থকা দেখা গৈছে। সম্প্ৰতি এই হাৰ ১.৩০% বুলি তথ্য নিশ্চিত কৰা হৈছে।

আনহাতে, দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা যোৱা ২৪ঘণ্টাত এটাও মৃত্যুৰ তথ্য পোৱা হোৱা নাই। সেয়া হৈছে, ওড়িশা, লাডাখ, দমন আৰু দিউ, দদ্ৰা আৰু নগৰ হাভেলী, লক্ষাদ্বীপ, মণিপুৰ, ছিক্কিম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, ।

 

*****

MV/KB



(Release ID: 1710318) Visitor Counter : 207