প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ছেশ্বেলছৰ উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠান (৮ এপ্ৰিল ২০২১)

Posted On: 07 APR 2021 5:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেশ্বেলছত ভাৰতীয় প্ৰকল্প মুকলি কৰিবলৈ  ৮ এপ্ৰিল ২০২১ তাৰিখে ছেশ্বেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ৱাভেল ৰামকালাৱানৰ সৈতে এক উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

 

এই উচ্চস্তৰীয় পৰ্যায়ৰ বৈঠকখনত নিম্নোক্ত বিষয়সমূহ সামৰি লোৱা হ’বঃ

ক) ছেশ্বেলছত নতুন মেজিষ্ট্ৰেট ক’ৰ্ট বিল্ডিঙৰ যুটীয়াভাৱে মুকলি

খ) ছেশ্বেলছ কোষ্ট গাৰ্ডলৈ ফাষ্ট পেট্ৰ’ল ভেছেলৰ হস্তান্তৰ

গ) ১ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ হস্তান্তৰ

ঘ)  ১০টা উচ্চস্তৰীয় সামাজিক বিকাশ প্ৰকল্পৰ মুকলি

 

এই নতুন মেজিষ্ট্ৰেটৰ ক’ৰ্ট বিল্ডিং দেশখনৰ ৰাজধানী চহৰ ভিক্টোৰিয়াত অৱস্থিত৷ এয়া ছিশ্বেলছত নিৰ্মিত ভাৰতৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প৷

 

৫০ মিটাৰৰ ফাষ্ট পেট্ৰ’ল ভেছেলখন ভাৰতৰ মেচাৰ্ছ জিআৰএছই, কলকাতাৰ নিৰ্মাণ কৰা হৈছে যি হ’ল এক আধুনিক তথা সম্পূৰ্ণ সুসজ্বিত নৌ জাহাজ৷

 

ভূমিত অৱস্থিত ১ মেগাৱাটৰ সৌৰ শক্তিৰ প্ৰকল্পটো ছেশ্বেলছৰ ৰোমাইনভিল দ্বীপপুঞ্জত নিৰ্মাণ কৰা হৈছে৷ ই ‘ছ’লাৰ পিভি ডেমক্ৰেটাইজেছন প্ৰকল্প’ৰ এটা অংশ৷

 

ভাৰ্চুৱেল অনুষ্ঠানত ভাৰতৰ উচ্চায়ুক্তই ১০টা উচ্চস্তৰীয় সামাজিক বিকাশৰ প্ৰকল্প হস্তান্তৰ কৰিব৷

 

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ ‘সাগৰ’- (‘Security and Growth for All in the Region’) অভিযানত ছেশ্বেলছে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে৷

 

*******

 

DS/SH/MANN



(Release ID: 1710292) Visitor Counter : 209