স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ ঘন্টাত ৩৬.৭ লাখৰো অধিক পালি প্ৰদানেৰে ভাৰতৰ এদিনত সৰ্বাধিক ভেকচিন ক’ভাৰেজৰ অভিলেখ

সমগ্ৰ দেশখনতে ৬.৮৭ কোটিৰো অধিক পালি ভেকচিন প্ৰদান

মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, পঞ্জাৱ, তামিল নাডু, কেৰালা, দিল্লী আৰু উত্তৰ প্ৰদেশত দৈনিক নতুন ঘটনা বৃদ্ধি

Posted On: 02 APR 2021 12:07PM by PIB Guwahati

যোৱা ২৪ ঘন্টাত ৩৬.৭ লাখৰো অধিক টিকাদান ক’ভাৰেজৰ অভিলেখৰে ভাৰতে ইয়াৰ টিকাদান কাৰ্যক্ৰমত মাইলৰ খুঁটি ৰচনা কৰিলে। যাৰ পৰিমাণ এতিয়ালৈকে এদিনতে সৰ্বাধিক।

টিকাদান কাৰ্যক্ৰমৰ ৭৬-সংখ্যক দিন (১ এপ্ৰিল, ২০২১) অনুসৰি, ৩৬,৭১,২৪২ পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ৫১,২১৫ ছেচনজুৰি ৩৩,৬৫,৫৯৭ হিতাধিকাৰীক ১ম পালি আৰু ৩,০৫,৬৪৫ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

তাৰিখঃ ১ এপ্ৰিল, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০ বছৰ

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৪৫,৯৭৬

৩৩,৮৬০

১,৭৮,৮৫০

১,৫১,৮৩৮

১৯,৪৬,৯৪৮

২১,৫৫২

১১,৯৩,৮২৩

৯৮,৩৯৫

৩৩,৬৫,৫৯৭

৩,০৫,৬৪৫

ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ১১,৩৭,৪৫৬ ছেচনজুৰি ৬.৮৭ কোটিৰো অধিক পালি (৬,৮৭,৮৯,১৩৮) ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৮৩,০৬,২৬৯ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৫২,৮৪,৫৬৪ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৯৩,৫৩,০২১ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ৪০,৯৭,৬৩৪ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৯৭,৮৩,৬১৫ (১ম পালি) আৰু ৩৯,৪০১ (২য় পালি) হিতাধিকাৰী হৈছে নিৰ্দিষ্ট ৰোগসমূহত আক্ৰান্ত ৪৫ বছৰ বয়সৰ উৰ্ধ লোক আৰু ৩,১৭,০৫,৮৯৩ (১ম পালি) আৰু ২,১৮,৭৪১ (২য় পালি) হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ লোক।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০ বছৰ

৬০ বছৰৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

৮৩,০৬,২৬৯

৫২,৮৪,৫৬৪

৯৩,৫৩,০২১

৪০,৯৭,৬৩৪

৯৭,৮৩,৬১৫

৩৯,৪০১

৩,১৭,০৫,৮৯৩

২,১৮,৭৪১

৬,৮৭,৮৯,১৩৮

এতিয়ালৈকে প্ৰদান কৰা মুঠ পালিৰ ৫৯.৫৮% প্ৰদান কৰা হৈছে আঠখন ৰাজ্যত। ভাৰতত প্ৰদান কৰা মুঠ পালিৰ কেৱল মহাৰাষ্ট্ৰতে প্ৰদান কৰা হৈছে ৯.৪৮%।

আঠখন ৰাজ্য যথাঃ মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, পঞ্জাৱ, তামিল নাডু, কেৰালা, দিল্লী আৰু উত্তৰ প্ৰদেশত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাইছে। নতুন ঘটনাৰ ৮১.২৫% এই ৮ ৰাজ্যত লাভ কৰা হৈছে।

যোৱা ২৪ ঘন্টাত ৮১,৪৬৬ নতুন ঘটনা লাভ কৰা যায়।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৪৩,১৮৩ টা। ইয়াৰ পাছতেই চত্তীশগড়ত ৪,৬১৭ টাৰ সমান্তৰালভাৱে কৰ্ণাটকত নতুন ঘটনা ৪,২৩৪ টা।

দহ ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে।

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হৈছে ৬,১৪,৬৯৬ টা। বৰ্তমান ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৫%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ৩০,৬৪১ টা ঘটনা হ্ৰাস পাইছে।

পাঁচ ৰাজ্য যথাঃ মহাৰাষ্ট্ৰ, কৰ্ণাটক, চত্তীশগড়, কেৰালা আৰু পঞ্জাৱত দেশখনৰ মুঠ সক্ৰিয় ঘটনাৰ ৭৭.৯১% লাভ কৰা হৈছে। দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ প্ৰায় ৬০% (৫৯.৮৪%) অকল মহাৰাষ্ট্ৰতেই লাভ কৰা যায়।

আজি ভাৰতৰ মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হয় ১,১৫,২৫,০৩৯। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৯৩.৬৮%।

যোৱা ২৪ ঘন্টাত ৫০,৩৫৬ ৰোগীয়ে আৰোগ্য লাভ কৰে।

যোৱা ২৪ ঘন্টাত ৪৬৯ টা মৃত্যুৰ ঘটনা লাভ কৰা যায়।

নতুন মৃত্যুৰ ঘটনাৰ ৮৩.১৬% লাভ কৰা হৈছে ছখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ২৪৯ টা। ইয়াৰ পাছতেই পঞ্জাৱত দৈনিক মৃত্যুৰ ঘটনা ৫৮ টা।

যোৱা ২৪ ঘন্টাত বাৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা লাভ কৰা হোৱা নাই। সেয়া হৈছেঃ উৰিষ্যা, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, ছিকিম, লক্ষদ্বীপ, মেঘালয়, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB
 



(Release ID: 1709310) Visitor Counter : 217