স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক নতুন ঘটনাৰ ৮০% ৰে, মহাৰাষ্ট্ৰ, পঞ্জাৱ, চত্তীশগড়, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশত বৃদ্ধি পৰিলক্ষিত হৈ আহিছে

৫.৮ কোটিৰো অধিক মুঠ টিকাদান ক’ভাৰেজৰে বিশ্বৰ ভিতৰত দ্বিতীয় ভাৰত

মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু গুজৰাটত মুঠ ৫ নিযুত পালি প্ৰদান

Posted On: 27 MAR 2021 11:19AM by PIB Guwahati

ছখন ৰাজ্য যথা মহাৰাষ্ট্ৰ, পঞ্জাৱ, চত্তীশগড়, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পৰিলক্ষিত হৈ আহিছে। নতুন ঘটনাৰ ৭৯.৫৭% এই ৬ খন ৰাজ্যত লাভ কৰা হৈছে।

যোৱা ২৪ ঘন্টাত ৬২,২৫৮ টা নতুন ঘটনা লাভ কৰা যায়।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৩৬,৯০২ টা। ইয়াৰ পাছতেই পঞ্জাৱত ৩,১২২ টাৰ সমান্তৰালভাৱে চত্তীশগড়ত নতুন ঘটনা লাভ কৰা যায় ২,৬৬৫ টা।

দহখন ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধমুখী হৈ পৰিছে।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ৪,৫২,৬৪৭ টা। বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ ৩.৮%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ৩১,৫৮১ টা ঘটনা হ্ৰাস হৈ পৰে।

দেশখনৰ মুঠ সক্ৰিয় ঘটনাৰ ৭৩% লাভ কৰা গৈছে মহাৰাষ্ট্ৰ, কেৰালা আৰু পঞ্জাৱত।

অন্যহাতেদি, ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ৫.৮-কোটি অতিক্ৰম কৰিছে।

আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ৯,৪৫,১৬৮ ছেচনজুৰি ৫.৮১ কোটিৰো অধিক (৫,৮১,০৯,৭৭৩) পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত হৈছে ৮০,৯৬,৬৮৭ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৫১,৪৪,০১১ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৮৭,৫২,৫৬৬ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ৩৫,৩৯,১৪৪ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৬১,৭২,০৩২ হিতাধিকাৰী হৈছে নিৰ্দিষ্ট ৰোগসমূহত ভুগি থকা ৪৫ বছৰ বয়সৰ উৰ্ধ লোক (১ম পালি) আৰু ২,৬৪,০৫,৩৩৩ হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ লোক।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা <৬০ বছৰ বয়সৰ ৰোগত আক্ৰান্ত লোক

৬০ বছৰ বয়সৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৮০,৯৬,৬৮৭

৫১,৪৪,০১১

৮৭,৫২,৫৬৬

৩৫,৩৯,১৪৪

৬১,৭২,০৩২

২,৬৪,০৫,৩৩৩

৫,৮১,০৯,৭৭৩

ভেকচিন পালি প্ৰদান কৰা সংখ্যাৰ ভিত্তিত ভাৰত বিশ্বখনৰ ভিতৰতে দ্বিতীয় হৈ পৰিছে (২৫ মাৰ্চ, ২০২১ অনুসৰি)।

ভাৰতত অদ্যপি প্ৰদান কৰা মুঠ ভেকচিন পালিৰ ৬০% প্ৰদান কৰা হৈছে আঠখন ৰাজ্যত। মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু গুজৰাটে ৫ নিযুত টিকাদানৰ সীমা অতিক্ৰম কৰিছে।

টিকাদান কাৰ্যক্ৰমৰ ৭০-সংখ্যক দিন (২৬ মাৰ্চ, ২০২১) অনুসৰি, মুঠ ২৬,০৫,৩৩৩ পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ৪৩,২৮১ ছেচনৰ জৰিয়তে ২৪,২৫,১৪৬ হিতাধিকাৰীয়ে ১ম পালি আৰু ১,৮০,১৮৭ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীয়ে ২য় পালি ভেকচিন গ্ৰহণ কৰিছে।

তাৰিখঃ ২৬ মাৰ্চ, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

৪৫ ৰপৰা <৬০ বছৰ বয়সৰ ৰোগত আক্ৰান্ত লোক

৬০ বছৰ বয়সৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৬২,১৪০

৩৯,৬১৩

১,৫২,৫৮৫

১,৪০,৫৭৪

৫,৭২,২৬০

১৬,৩৮,১৬১

২৪,২৫,১৪৬

১,৮০,১৮৭

দৈনিক প্ৰদান কৰা পালিৰ গড় ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে।

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হৈ পৰে ১,১২,৯৫,০২৩। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯৪.৮৪%।

যোৱা ২৪ ঘন্টাত ৩০,৩৮৬ ৰোগীয়ে আৰোগ্য লাভ কৰে।

১৭,০১৯ নতুন আৰোগ্য লাভৰ ঘটনাৰে মহাৰাষ্ট্ৰত এদিনত আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক ১৭,০১৯ টা।

যোৱা ২৪ ঘন্টাত ২৯১ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৫.৬% সংঘটিত হৈছে পাঁচখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ১১২ টা। ইয়াৰ পাছতেই পঞ্জাৱত দৈনিক মৃত্যুৰ ঘটনা ৫৯ টা।

যোৱা ২৪ ঘন্টাত চৈধ্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ অসম, উৰিষ্যা, পুডুচেৰী, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, লক্ষদ্বীপ, মণিপুৰ, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB



(Release ID: 1708163) Visitor Counter : 172