স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্ৰ, পাঞ্জাৱ, গুজৰাট, চত্তিশগড়, কৰ্ণাটক আৰু তামিল নাডুত দিনৌ নতুন ৰোগীৰ সংখ্যা বৃদ্ধিৰ তথ্য; নতুন আক্ৰান্তৰ ৮১%ই এইকেইখন ৰাজ্যৰ

৫ কোটিৰ কাষ চাপিছে দেশৰ সামগ্ৰিক ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ সংখ্যা

শেহতীয়া ২৪ঘণ্টাত অভিলেখ সংখ্যক ৩২,৫৩,০৯৫টা প্ৰতিষেধক প্ৰদান

Posted On: 23 MAR 2021 11:40AM by PIB Guwahati

মহাৰাষ্ট্ৰ, পাঞ্জাৱ, গুজৰাট, চত্তিশগড়, কৰ্ণাটক আৰু তামিল নাডুত দিনৌ নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ তথ্য লাভ কৰা হৈছে। শেহতীয়া ২৪ঘণ্টাত পঞ্জীয়ণভুক্ত হোৱা নতুন আক্ৰান্তৰ ৮০.৯০%(৪০,৭১৫গৰাকী)ই এই ৬খন ৰাজ্যৰ।

ইফালে, ২৪,৬৪৫টা(৬০.৫৩%) নতুন আক্ৰান্তৰে এই তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে মহাৰাষ্ট্ৰই। ইয়াৰ পিচত ২,২৯৯ আৰু ১,৬৪০গৰাকী আক্ৰান্তৰে স্থান লাভ কৰিছে ক্ৰমে পাঞ্জাৱ আৰু গুজৰাটে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001QZJO.jpg

দেশৰ ১০খন ৰাজ্যত দিনৌ আ্ক্ৰান্তৰ সংখ্যাৰ বৰ্দ্ধিত ধাৰা পৰিলক্ষিত হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002TUHA.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image0036YE8.jpg

দেশত আজিৰ তাৰিখত সক্ৰিয় ৰোগীৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ৩.৪৫লাখ(৩,৪৫,৩৭৭গৰাকী)। ২৪ঘণ্টাত দেশত সৰ্বমুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১০,৭৩১গৰাকী।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0042JW2.jpg

দেশৰ মুঠ সক্ৰিয় ৰোগীৰ ৭৫.১৫%ই ৫খন ৰাজ্য মহাৰাষ্ট্ৰ, কেৰালা আৰু পাঞ্জাৱৰ। ইয়াৰে ৬২.৭১%ই কেৱল মহাৰাষ্ট্ৰৰ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005H9SN.jpg

এই মুহূৰ্তত ভাৰতত কভিড আক্ৰান্ত সংখ্যা দুগুণলৈ বৃদ্ধি পোৱাৰ সময়কাল দেখুওৱা হৈছে তলৰ ৰেখাচিত্ৰত।

এই সময়কাল ১মাৰ্চ, ২০২১ৰ ৫০৪.৪ৰ পৰা কমি আহি ২৩মাৰ্চ, ২০২১ত হয়হি ২০২.৩।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006OLVE.jpg

ইফালে, আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ৭,৮৪,৬১২টা টীকাকৰণ শিবিৰৰ জৰিয়তে ক’ভিড-১৯ৰ ৪.৮ কোটি(৪,৮৪,৯৪,৫৯৪)পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। উল্লেখ্য যে, প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ সংখ্যাই আজি ৪কোটি(৪,০৬,৩১,১৫৩)ৰ ঘৰ অতিক্ৰম কৰিছে।

ইয়াৰে ৭৮,৫৯,৫৭৬গৰাকী স্বাস্থ্য সেৱা কৰ্মীক প্ৰথম পালি হিচাপে, ৪৯,৫৯,৯৬৪গৰাকী স্বাস্থ্য সেৱা কৰ্মীক দ্বিতীয় পালি আৰু ৮২,৪২,১২৭গৰাকী আগশাৰীৰ সেৱা কৰ্মীক প্ৰথম পালি আৰু ২৯,০৩,৪৭৭গৰাকী আগশাৰীৰ সেৱা কৰ্মীক দ্বিতীয় পালি তথা ৪২,৯৮,৩১০গৰাকী(প্ৰথম পালি) বহুৰোগাক্ৰান্ত ৪৫বছৰৰ উৰ্ধ্বৰ ব্যক্তি আৰু ২কোটিৰো অধিক(২,০২,৩১,১৩৭)গৰাকী ৬০উৰ্ধ্বৰ ব্যক্তিক প্ৰথম পালি হিচাপে টীকা প্ৰদান কৰা হয়। উল্লেখ্য, যোৱা ১৬ জানুৱাৰী, ২০২১ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি টীকাকৰণ অভিযানৰ শুভাৰম্ভ ঘোষণা কৰিছিল।

 

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ বহুৰোগাক্ৰান্ত

৬০বছৰৰ উৰ্ধ্বৰ ব্যক্তি

 

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

প্ৰথম পালি

78,59,579

49,59,964

82,42,127

29,03,477

42,98,310

2,02,31,137

4,84,94,594

 

ইফালে, টীকাকৰণৰ ৬৬-সংখ্যক দিনা(২২মাৰ্চ, ২০২১) পৰ্যন্ত দেশত ৩২লাখ(৩২,৫৩,০৯৫)পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰে ৪৮,৩৪৫টা টীকাকৰণ শিবিৰৰ জৰিয়তে ২৯,০৩,০৩০গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীক ক’ভিড-১৯ বিৰোধী টীকাৰ প্ৰথম পালি প্ৰদান কৰা হয়। সেইদৰে ৩,৫০,০৬৫গৰাকী স্বাস্থ্য আৰু আগশাৰীৰ সেৱা কৰ্মীক দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে।

.

 

তাৰিখ: ২২ মাৰ্চ, ২০২১

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ বহুৰোগাক্ৰান্ত

৬০বছৰৰ উৰ্ধ্বৰ ব্যক্তি

 

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

প্ৰথম পালি

প্ৰথম পালি

দ্বিতীয়

পালি

 

 

69,929

73,804

1,42,159

2,76,261

5,59,930

21,31,012

29,03,030

3,50,065

 

 

 

 

 

 

 

 

 

 

 

 

 

 

                                 

 

দেশত এই পৰ্যন্ত ১.১১কোটিৰো অধিক (১,১১,৮১,২৫৩গৰাকী)লোকে আৰোগ্য লাভ কৰিছে। এই মুহূৰ্তত দেশত আৰোগ্য লাভৰ সামগ্ৰিক গড় হাৰ হল৯৫.৬৭শতাংশ।

ইফালে, শেহতীয়া ২৪ঘণ্টাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ২৯,৭৮৫গৰাকী।

যোৱা ২৪ঘণ্টাত ১৯৯গৰাকী লোকে ক’ভিড-১৯ত মৃত্যু আঁকোৱালি লৈছে।

মৃত্যু সাৱটা ৮০.৪% মৃতকেই ৬খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱত সৰ্বাধিক ৫৮গৰাকীকৈ লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু চত্তিশগড়ত ১২গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00727TL.jpg

ইফালে, যোৱা ২৪ঘণ্টাত দেশৰ ১৪খন ৰাজ্যৰ পৰা কোনো ক’ভিড-১৯আক্ৰান্তৰ মৃ্ত্যুৰ বতৰা অহা নাই। ৰাজ্যকেইখন হৈছে জম্মু-কাশ্মীৰ, গোৱা, উত্তৰাখণ্ড, ওড়িশা, লাক্ষাদ্বীপ, মণিপুৰ, দমন আৰু দিউ, দাদ্ৰা আৰু নগৰ হাভেলী, মিজোৰাম, লাডাখ(কেন্দ্ৰীয় শাসিত এলেকা), আন্দামান নিকোবৰ, মেঘালয়, ছিক্কিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ।

 

****

MV/SJ/KB



(Release ID: 1707137) Visitor Counter : 211