স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক নতুন ক’ভিড-১৯ ঘটনাৰ ৮০% ৰোধিক লাভ কৰা হৈছে মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশত

সমগ্ৰ দেশখনতে ৪.৫ কোটিৰো অধিক পালি ভেকচিন প্ৰদান

মুঠ মৃত্যুৰ হাৰ ১.৩৭% লৈ অৱনমিত

Posted On: 22 MAR 2021 11:12AM by PIB Guwahati

মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশত ক’ভিডৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত সংঘটিত মুঠ নতুন ঘটনাৰ ৮০.৫% হৈছে এই ৰাজ্য কেইখনৰ।

যোৱা ২৪ ঘন্টাত ৪৬,৯৫১ টা নতুন ঘটনা লাভ কৰা হয়। ইয়াৰ ভিতৰত, মহাৰাষ্ট্ৰ, পঞ্জাৱ, কেৰালা, কৰ্ণাটক, গুজৰাট আৰু মধ্য প্ৰদেশ এই ৬ খন ৰাজ্যত ৮৪.৪৯%।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৩০,৫৩৫ টা (৬৫.০৩%)। ইয়াৰ পাছতেই পঞ্জাৱত ২,৬৪৪ টাৰ সমান্তৰালভাৱে কেৰালাত ১,৮৭৫ টা নতুন ঘটনা লাভ কৰা হৈছে।

আঠখন ৰাজ্যত দৈনিক নতুন ক’ভিড-১৯ ঘটনা উৰ্ধমুখী হৈ পৰিছে।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ৩,৩৪,৬৪৬। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ডৰ হাৰ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ ২.৮৭%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ২৫,৫৫৯ টা ঘটনা হ্ৰাস পায়।

দৈনিক পজিটিভিটি হাৰ (৭-দিনৰ গড়) বৰ্তমানে ৩.৭০% হৈছে।

আঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাপ্তাহিক পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

অন্যহাতেদি, ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ৪.৫-কোটিৰ সীমা অতিক্ৰম কৰিছে।

আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ৭,৩৩,৫৯৭ ছেচনজুৰি ৪.৫০ কোটিৰো অধিক পালি (৪,৫০,৬৫,৯৯৮) ভেকচিন প্ৰদান কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত হৈছে ৭৭,৮৬,২০৫ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৪৮,৮১,৯৫৪ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৮০,৯৫,৭১১ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ২৬,০৯,৭৪২ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৩৭,২১,৪৫৫ হিতাধিকাৰী হৈছে নিৰ্দিষ্ট ৰোগসমূহত ভুগি থকা ৪৫ বছৰ বয়সৰ উৰ্ধ হিতাধিকাৰী (১ম পালি) আৰু ১,৭৯,৭০,৯৩১ হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৭৭,৮৬,২০৫

৪৮,৮১,৯৫৪

৮০,৯৫,৭১১

২৬,০৯,৭৪২

৩৭,২১,৪৫৫

১,৭৯,৭০,৯৩১

৪,৫০,৬৫,৯৯৮

 

টিকাদান কাৰ্যক্ৰমৰ ৬৫-সংখ্যক দিন (২১ মাৰ্চ, ২০২১) সাপেক্ষে, মুঠ ৪,৬২,১৫৭ পালি ভেকচিন প্ৰদান কৰা হৈছে। দেওবাৰ হোৱাৰ বাবে, বহু ৰাজ্য় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত টিকাদান ছেচন অনুষ্ঠিত হোৱা নাই।

ইয়াৰ ভিতৰত, ৮,৪৫৯ ছেচনজুৰি ৪,৪৯,১১৫ হিতাধিকাৰীক ১ম পালি (হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মী) আৰু ১৩,০৪২ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

তাৰিখঃ ২১ মাৰ্চ, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৬,২২০

৪,৫৯৮

১১.৪০০

৮,৪৪৪

৮৭,৯৮২

৩,৪৩,৫১৩

৪,৪৯,১১৫

১৩,০৪২

 

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হয় ১,১১,৫১,৪৬৮। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯৫.৭৫%।

যোৱা ২৪ ঘন্টাত ২১,১৮০ আৰোগ্য লাভৰ ঘটনা লাভ কৰা হৈছে।

অন্যহাতেদি, যোৱা ২৪ ঘন্টাত ২১২ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৮৫.৮৫% সংঘটিত হৈছে ছখন ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৯৯ টা। ইয়াৰ পাছতেই পঞ্জাৱত ৪৪ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে কেৰালাত যোৱা ২৪ ঘন্টাত ১৩ টা মৃত্যুৰ ঘটনা লাভ কৰা হয়।

সম্প্ৰতি ঘটনাৰ মৃত্যুৰ হাৰ ১.৩৭% আৰু ই নিৰন্তৰভাৱে হ্ৰাস পাই আহিছে।

যোৱা ২৪ ঘন্টাত চৈধ্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ অন্ধ্ৰ প্ৰদেশ, অসম, উত্তৰাখণ্ড, লক্ষদ্বীপ, ছিকিম, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB



(Release ID: 1706603) Visitor Counter : 170