কেবিনেট

ভাৰতৰ হস্তশিল্প আৰু হস্ততাঁত ৰপ্তানি নিগম সীমিতৰ বন্ধ ঘোষণাত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 16 MAR 2021 3:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ হস্তশিল্প আৰু হস্ততাঁত ৰপ্তানি নিগম সীমিত (HHEC) ৰ বন্ধ ঘোষণাত অনুমোদন জনাইছে। ই আছিল বস্ত্ৰ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন ভাৰত চৰকাৰৰ অধীনস্থ এটা নিগম।

৫৯ স্থায়ী কৰ্মচাৰী আৰু ৬ মেনেজমেন্ট ট্ৰেইনীয়ে নিগমটোত সেৱা আগবঢ়াই আছিল। সেয়ে সকলো স্থায়ী কৰ্মচাৰী আৰু মেনেজমেন্ট ট্ৰেইনীকে ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰদ্বাৰা প্ৰস্তুত কৰা নিয়ম অনুসৰি স্বেচ্ছামূলক অৱসৰ আঁচনি (VRS) ৰ সুবিধাসমূহ লাভ কৰিবলৈ সুযোগ প্ৰদান কৰা হ’ব।

এই অনুমোদনে কাৰ্যক্ষম হৈ নথকা আৰু আয়ৰ মুখ নেদেখা দুৰ্বল চিপিএছই ৰ দৰমহা/মজুৰিৰ আবৰ্তক ব্যয় হ্ৰাসত চৰকাৰী কোষাগাৰক সহায় কৰিব।

২০১৫-১৬ বিত্তীয় বৰ্ষৰপৰাই নিগমটোৱে একেৰাহে লোকচানৰ সন্মুখীন হৈ আহে আৰু ইয়াৰ চালনাৰ ব্যয় বহন কৰিবলৈয়ো যথোচিত আয় অৰ্জন কৰাত অসমৰ্থ হৈ পৰে। কোম্পানীটোক অপৰিহাৰ্য্যভাৱে বন্ধ কৰি দিয়াৰ বিপৰীতে ইয়াৰ পুনৰুজ্জীৱনৰ সম্ভাৱনা ক্ষীণ আছিল।

****

DS/SB


(रिलीज़ आईडी: 1705365) आगंतुक पटल : 220
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam