প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীমদ ভাগৱতগীতাৰ শ্লোকসমূহৰে ২১ পণ্ডিতৰদ্বাৰা প্ৰণীত ব্যাখ্যাসহ হস্তলিখিত গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ
Posted On:
09 MAR 2021 6:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমদ ভাগৱতগীতাৰ শ্লোকসমূহৰে ২১ পণ্ডিতৰদ্বাৰা প্ৰণীত ব্যাখ্যাসহ হস্তলিখিত গ্ৰন্থ উন্মোচন কৰে। এই কাৰ্যসূচীত জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গভৰ্নৰ শ্ৰী মনোজ সিনহা তথা জম্মু-কাশ্মীৰৰ ধৰ্ম ন্যাসৰ অধ্যক্ষ ন্যাসৰক্ষী ডঃ কৰণ সিং উপস্থিত থাকে।
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় দৰ্শন সন্দৰ্ভত কৰা কামৰ বাবে ডঃ কৰণ সিঙক প্ৰশংসা কৰে। তেখেতে লগতে কয় যে তেওঁৰ প্ৰচেষ্টাতেই জম্মু-কাশ্মীৰে হেৰুৱা পৰিচয় ঘূৰাই পালে, যি আছিল কেইবা শতিকা ধৰি সমগ্ৰ ভাৰতখনৰ ভাৱনা ঐতিহ্যৰ ধ্বজাবাহক। তেখেতে কয়, হাজাৰ-হাজাৰ পণ্ডিতে গীতাৰ গভীৰ অধ্যয়নত তেওঁলোকৰ সমগ্ৰ জীৱন সমৰ্পণ কৰিলে, যাক স্পষ্টকৈ দেখা পোৱা যায় এখন একক ধৰ্মগ্ৰন্থৰ প্ৰতিটো শ্লোক সন্দৰ্ভত বিভিন্ন ব্যাখ্যাৰ বিশ্লেষণ আৰু বিভিন্ন ৰহস্যৰ প্ৰকাশ ভংগীৰ জৰিয়তে। তেখেতে লগতে কয় যে তদুপৰি ই হৈছে ভাৰতৰ আদৰ্শগত স্বাধীনতা আৰু সহিষ্ণুতাৰ প্ৰতীক, যিয়ে প্ৰতিজন লোককে নিজা মতামতৰ প্ৰতি অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতক একত্ৰিত কৰা আদি শংকৰাচাৰ্য্যই, গীতাখনক আধ্যাত্মিক চেতনা জ্ঞান কৰিছিল। ৰামানুচার্যৰ দৰে সন্তসকলে আধ্যাত্মিক জ্ঞানৰ অভিব্যক্তি হিচাপে গীতাখনৰ ওপৰত বিশ্বাস ৰাখিছিল। স্বামী বিবেকানন্দৰ বাবে, গীতা আছিল অবিচল অধ্যৱসায় আৰু অদম্য বিশ্বাসৰ উৎস। শ্ৰী অনিৰুদ্ধৰ বাবে, গীতা আছিল জ্ঞান আৰু মানৱতাৰ প্ৰকৃত মূৰ্তপ্ৰকাশ। মহাত্মা গান্ধীৰ বহু জটিল সময়ত গীতাখনি আছিল পথ নিৰ্দেশক। নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেশপ্ৰেম আৰু বীৰত্বৰ অনুপ্ৰেৰণা আছিল গীতাখন। এয়াই হৈছে গীতা, যাৰ ব্যাখ্যা আগবঢ়াইছিল বাল গংগাধৰ তিলকে আৰু স্বাধীনতা সংগ্ৰামক এটা নতুন শক্তি প্ৰদান কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আমাৰ গণতন্ত্ৰই আমাক চিন্তাৰ স্বাধীনতা, কৰ্মৰ স্বাধীনতা, আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সম অধিকাৰ প্ৰদান কৰিছে। এই স্বাধীনতা আহে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰপৰা যিসমূহ হৈছে আমাৰ সংবিধানৰ অভিভাৱকস্বৰূপ। সেয়েহে, তেখেতে কয়, যেতিয়া আমি আমাৰ অধিকাৰসমূহৰ সন্দৰ্ভত কথা কওঁ, আমি আমাৰ গণতান্ত্ৰিক কৰ্তব্যসমূহৰ কথাও মনত পেলোৱা উচিত।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গীতাখনি এনে এখন গ্ৰন্থ যি হৈছে সমগ্ৰ বিশ্ব আৰু প্ৰতিটো প্ৰাণীৰ বাবে। ইয়াক বহু ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষালৈ অনুবাদ কৰা হৈছে, বহু আন্তঃৰাষ্ট্ৰীয় পণ্ডিতৰদ্বাৰা বহু দেশে গৱেষণা সম্পন্ন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান বিলোৱাতো হৈছে ভাৰতৰ সংস্কৃতি। তেখেতে কয় যে আমাৰ অংকশাস্ত্ৰ, বয়ন, ধাতুবিদ্যা বা আয়ুৰ্বেদৰ জ্ঞানক সদায়েই মানৱ জাতিৰ ঐশ্বৰ্য্য হিচাপে গণ্য কৰা হৈ আহিছে। আজি, পুনৰ এবাৰ, ভাৰতে সমগ্ৰ বিশ্বখনৰ প্ৰগতিৰ অৰ্থে বৰঙণি যোগাবলৈ ইয়াৰ সম্ভাৱনা গঢ়ি আছে আৰু মানৱ জাতিক সেৱা আগবঢ়াই আছে। তেখেতে উল্লেখ কৰে যে শেহতীয়া সময়ছোৱাত বিশ্বখনে ভাৰতৰ বৰঙণিক প্ৰত্য়ক্ষ কৰিছে। এই বৰঙণিয়ে এখনি আত্মনিৰ্ভৰ ভাৰতৰ প্ৰচেষ্টাত বিশ্বখনক বহু মাত্ৰিকভাৱে সহায় কৰিব বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।
***
DS/AK/SB
(Release ID: 1703697)
Visitor Counter : 180
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam