প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫ মাৰ্চত চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা গ্ৰহণ আৰু চেৰাউইক,২০২১ত মুল ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 MAR 2021 6:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা গ্ৰহণ কৰাৰ লগতে কেম্ব্ৰিজ ইনাৰ্জী ৰিছাৰ্চ এছ’চিয়েটছ ইউক (চেৰাউইক), ২০২১ত মুল ভাষণ আগবঢ়াব৷

চেৰাউইকৰ বিষয়ে

১৯৮৩ চনত ড০ ডেনিয়েল য়াৰ্গিনে চেৰাউইক স্থাপন কৰিছিল৷ ১৯৮৩ চনৰ পৰা প্ৰতি বছৰৰ মাৰ্চ মাহত হাষ্টনত এই চেৰাউইক আয়োজন কৰি আহিছে আৰু ইয়াক বিশ্বৰ আগশাৰীৰ বাৰ্ষিক শক্তি মঞ্চ হিচাপে বিবেচনা কৰা হয়৷ ২০২১ৰ ১ৰ পৰা ৫মাৰ্চলৈ চেৰাইউক, ২০২১ ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব৷

বঁটাটোৰ বিষয়ে

চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা ২০১৬ চনত আৰম্ভ কৰা হৈছিল৷ ই বিশ্ব শক্তি আৰু পৰিৱেশৰ ভৱিষ্যতৰ বাবে নেতৃত্ব আৰু শক্তি আহৰণ, সহজলভ্যতা, পৰিৱেশীয় প্ৰৱন্ধনৰ সমাধান আৰু নীতি গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ স্বীকৃতি প্ৰদান কৰে৷

*****

 

DS/SH/DB



(Release ID: 1702602) Visitor Counter : 188