স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘কো-উইন ১.০’ৰ পৰা ‘কো-উইন ২.০’লৈ আইটি পদ্ধতিৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত শনি আৰু দেওবাৰ(২৭ আৰু ২৮ফেব্ৰুৱাৰী)য়ে ক’ভিড-১৯ৰ টীকাকৰণৰ কোন অধিৱেশন অনুষ্ঠিত নহব

प्रविष्टि तिथि: 26 FEB 2021 12:27PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৬জানুৱাৰীত ক’ভিড-১৯ৰ টীকাকৰণ আভিযানৰ শুভাৰম্ভ ঘোষণা কৰিছিল। অহা ১মাৰ্চ ২০২১ৰ পৰা ৬০বছৰৰ উৰ্ধ্বৰ লোকসকলৰ লগতে ৪৫বছৰৰ উৰ্ধ্বৰ বহু ৰোগাক্ৰান্ত ব্যক্তিসকলক অন্তৰ্ভূক্ত কৰি সমগ্ৰ দেশতে টীকাকৰণ অভিযান চলোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে।

আগন্তুক শনি আৰু দেওবাৰ(২৭ আৰু ২৮ ফেব্ৰুৱাৰী) আইটি পদ্ধতি ‘কো-উইন মঞ্চ’ ‘কো-উইন ১.০’ৰ পৰা ‘কো-উইন ২.০’লৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে উল্লিখিত দুটা দিনত ক’ভিডৰ টীকাকৰণৰ কোনো অধিৱেশন অনুষ্ঠিত কৰা নহ’ব। এই পৰিৱৰ্তন সন্দৰ্ভত ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তথ্য অৱগত কৰা হৈছে।

****

MV/SJ/KB


(रिलीज़ आईडी: 1701283) आगंतुक पटल : 325
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Malayalam , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu