প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘পৰীক্ষা পে চৰ্চা, ২০২১’ত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু পিতৃ-মাতৃৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 FEB 2021 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘পৰীক্ষা পে চৰ্চা, ২০২১’ ত সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃৰ সৈতে অনলাইন মাধ্যমেৰে মত-বিনিময় কৰিব।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ সাহসী #ExamWarriors তেওঁলোকৰ পৰীক্ষাসমূহৰ বাবে সাজু হোৱাৰ সময়তে, ‘পৰীক্ষা পে চৰ্চা, ২০২১’ আহি পালে, এইবাৰ এয়া সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব আৰু সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থাকিব। আহা, কোনো ধৰণৰ চাপ অবিহনে এটা হাঁহিৰে পৰীক্ষাসমূহৰ বাবে সাজু হওঁ! #PPC2021

জনসাধাৰণৰ দাবীৰ প্ৰতি সঁহাৰি জনাই, ‘পৰীক্ষা পে চৰ্চা, ২০২১’ ত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰিব। এয়া হ’ব এটা অন্যভাৱে গুৰুতৰ বিষয়ৰ ওপৰত ৰস ভৰা আলোচনা। মই মোৰ ছাত্ৰ বন্ধু, তেওঁলোকৰ পিতৃ-মাতৃ আৰু কঠোৰ পৰিশ্ৰমী শিক্ষকসকলক সংখ্যাধিকভাৱে #PPC2021 ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো।"

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় কাৰ্যক্ৰম “পৰীক্ষা পে চৰ্চা, ১.০” ৰ প্ৰথম সংস্কৰণটি ২০১৮ ৰ ১৬ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ টাল্কাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। ২০১৯ ৰ ২৯ জানুৱাৰীত নতুন দিল্লীৰ টাল্কাটোৰা ষ্টেডিয়ামতেই বিদ্যালয় আৰু মহাবিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে উল্লেখিত মত-বিনিময় কাৰ্যক্ৰমৰ দ্বিতীয় সংস্কৰণ “পৰীক্ষা পে চৰ্চা, ২.০” অনুষ্ঠিত হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় কাৰ্যক্ৰম “পৰীক্ষা পে চৰ্চা, ২০২০” শীৰ্ষক তৃতীয় সংস্কৰণটি ২০২০ ৰ ২০ জানুৱাৰীত নতুন দিল্লীৰ টাল্কাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

 

*********

DS/SH/SB



(Release ID: 1699289) Visitor Counter : 133