প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিক আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাজত টেলিফোনৰে বাৰ্তালাপ
प्रविष्टि तिथि:
17 FEB 2021 9:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে টেলিফোনৰে বাৰ্তালাপত মিলিত হয়।
মহামহিম চুলতানগৰাকীয়ে ভাৰতৰ পৰা ওমানলৈ ক’ভিড-১৯ৰ প্ৰতিষেধক যোগান ধৰাৰ বাবে প্ৰশংসাসূচক মন্তব্য কৰে। দুয়োগৰাকী নেতাই মহামাৰীবিধৰ বিৰুদ্ধে যুটীয়া ভাবে অব্যাহত যুঁজত সহযোগিতা আগবঢ়াই যাবলৈ ঐকমত্য প্ৰকাশ কৰে।
শাসনৰ এটা বছৰ সম্পূৰ্ণ কৰাৰ লগতে ওমানৰ বাবে তেওঁ ঘোষণা কৰা ‘ভিছন ২০৪০’ৰ বাবে প্ৰধানমন্ত্ৰীয়ে চুলতানগৰাকীক অভিনন্দন জ্ঞাপন কৰে।
প্ৰতিৰক্ষা, স্বাস্থ্য, বাণিজ্য আৰু বিনিয়োগকে ধৰি সকলো ক্ষেত্ৰতে ভাৰত-ওমানৰ মাজৰ সহযোগিতা বৃদ্ধি পোৱা কথাত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে।
ৰণকৌশলগত দিশৰ দুই সহযোগী দেশৰ মাজত স্থাপিত অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্বন্ধৰ পৰিসৰ বৰ্দ্ধনৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে গ্ৰহণ কৰা ভূমিকাৰো শলাগ লয় দুয়োগৰাকী নেতাই।
***
DS/SH/KB
(रिलीज़ आईडी: 1699045)
आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam