স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
মৃত্যুৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস; ১০০ৰ তললৈ নামিছে দৈনিক মৃতকৰ সংখ্যা
শতকৰা মৃত্যুৰ হাৰ ১.৫%ৰ তলত; পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বনিম্ন হাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭.৩১% ৮২ লাখৰো অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান
Posted On:
14 FEB 2021 11:53AM by PIB Guwahati
ভাৰতত ক’ভিড-১৯ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পোৱাৰ তথ্য উপলব্ধ হৈছে। আজিৰ তাৰিখত দৈনিক মৃতকৰ সংখ্যা ১০০ৰ তলত বুলি নিশ্চিত কৰা হয়। শেহতীয়া ২৪ ঘণ্টাত দেশত ৯২গৰাকী ব্যক্তিয়ে মৃত্যু আকোৱালি লৈছে।

২০২০চনৰ ১ অক্টবৰৰ পৰা ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ হাৰ দ্ৰুত গতিত অৱনমিত হোৱা পৰিলক্ষিত হৈছে। আজিৰ তাৰিখত মৃতকৰ শতকৰা হাৰ ১.৫%কৈয়ো কম(১.৪৩%) বুলি নিশ্চিত কৰা হৈছে। এই হাৰ পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বনিম্ন বুলিয়ে প্ৰতিপন্ন হয়।

দেশত এই পৰ্যন্ত ১.০৬কোটিৰো অধিক (১,০৬,১১,৭৩১)লোকে আৰোগ্য লাভ কৰিছে। ইফালে, শেহতীয়া ২৪ঘণ্টাত ১১,০১৬গৰাকী লোকক আৰোগ্য লাভ কৰাৰ পিচত চিকিত্সালয় এৰাৰ অনুমতি প্ৰদান কৰা হৈছে। আজিৰ তাৰিখত ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭.৩১% বুলি নিশ্চিত কৰা হৈছে, এই হাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বুলিও প্ৰতিপন্ন হৈছে। আৰোগ্য লাভ কৰোতা আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান হৈছে ১,০৪,৭৪,১৬৪ গৰাকী।

ইফালে, ১৪ ফেব্ৰুৱাৰী ২০২১ৰ পুৱা ৮বজা পৰ্যন্ত দেশৰ স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীৰ ক’ভিড-১৯ বিৰোধী টীকাকৰণৰ সংখ্যাই ৮২লাখৰ ঘৰ অতিক্ৰম কৰিছে।
আজি পুৱা ৮বজা পৰ্যন্ত ৮২,৬৩,৮৫৮গৰাকী হিতাধিকাৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰিছে। এইসকলৰ মাজত ৫৯,৮৪,০১৮(প্ৰথম পালি)গৰাকী স্বাস্থ্যসেৱা কৰ্মী, ২৩,৬২৮(দ্বিতীয় পালি)গৰাকী আৰু ২২,৫৬,২১২(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল।
কালিৰে পৰা প্ৰতিষেধকৰ দ্বিতীয়টো পালি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকল হিতাধিকাৰীয়ে প্ৰথম পালি টীকা লোৱাৰ ২৮টা দিন অতিক্ৰম কৰিছে তেওঁলোকে এই দ্বিতীয়টো পালি গ্ৰহণ কৰাটো বাধ্যতামূলক।
ক্ৰমিক নং
No.
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ
সংখ্যা
|
প্ৰথম পালি
|
দ্বিতীয় পালি
|
Total Doses মুঠ
|
1
|
আন্দামান আৰু নিকোবৰ
|
3,646
|
0
|
3,646
|
2
|
অন্ধ্ৰ প্ৰদেশ
|
3,56,521
|
5,820
|
3,62,341
|
3
|
অৰুণাচল প্ৰদেশ
|
15,633
|
461
|
16,094
|
4
|
অসম
|
1,27,566
|
2,215
|
1,29,781
|
5
|
বিহাৰ
|
4,91,233
|
0
|
4,91,233
|
6
|
চণ্ডীগড়
|
8,660
|
143
|
8,803
|
7
|
চত্তিশগড়
|
2,61,274
|
833
|
2,62,107
|
8
|
দাদ্ৰা আৰু নগৰ হাভেলী
|
2,922
|
41
|
2,963
|
9
|
দমন আৰু দিউ
|
1,121
|
30
|
1,151
|
10
|
দিল্লী
|
1,89,351
|
1,856
|
1,91,207
|
11
|
গোৱা
|
13,166
|
517
|
13,683
|
12
|
গুজৰাট
|
6,80,326
|
0
|
6,80,326
|
13
|
হাৰিয়াণা
|
1,95,745
|
588
|
1,96,333
|
14
|
হিমাচল প্ৰদেশ
|
81,482
|
475
|
81,957
|
15
|
জম্মু আৰু কাশ্মীৰ
|
1,28,822
|
807
|
1,29,629
|
16
|
ঝাৰখণ্ড
|
1,99,008
|
1,873
|
2,00,881
|
17
|
কৰ্ণাটক
|
4,96,159
|
0
|
4,96,159
|
18
|
কেৰালা
|
3,56,322
|
0
|
3,56,322
|
19
|
লাডাখ
|
2,904
|
77
|
2,981
|
20
|
লাক্ষাদ্বীপ
|
1,776
|
0
|
1,776
|
21
|
মধ্য প্ৰদেশ
|
5,57,105
|
0
|
5,57,105
|
22
|
মহাৰাষ্ট্ৰ
|
6,82,420
|
189
|
6,82,609
|
23
|
মণিপুৰ
|
22,362
|
55
|
22,417
|
24
|
মেঘালয়
|
13,998
|
91
|
14,089
|
25
|
মিজোৰাম
|
11,494
|
74
|
11,568
|
26
|
নাগালেণ্ড
|
9,684
|
0
|
9,684
|
27
|
ওড়িশা
|
4,11,939
|
0
|
4,11,939
|
28
|
পুডুচেৰী
|
5,953
|
71
|
6,024
|
29
|
পাঞ্জাৱ
|
1,03,799
|
59
|
1,03,858
|
30
|
ৰাজস্থান
|
6,09,568
|
0
|
6,09,568
|
31
|
ছিক্কিম
|
8,335
|
0
|
8,335
|
32
|
তামিল নাডু
|
2,46,420
|
1,154
|
2,47,574
|
33
|
তেলেংগাণা
|
2,78,915
|
3,273
|
2,82,188
|
34
|
ত্ৰিপুৰা
|
69,196
|
366
|
69,562
|
35
|
উত্তৰ প্ৰদেশ
|
8,58,602
|
0
|
8,58,602
|
36
|
উত্তৰাখণ্ড
|
1,08,974
|
0
|
1,08,974
|
37
|
পশ্চিম বংগ
|
5,12,772
|
2,345
|
5,15,117
|
38
|
অন্যন্য
|
1,15,057
|
215
|
1,15,272
|
মুঠ
|
|
82,40,230
|
23,628
|
82,63,858
|
টীকাকৰণৰ ২৯সংখ্যক দিন(১৩ ফেব্ৰুৱাৰী,২০২১)টোত মুঠ ২,৯৬,২১১গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে। আজি সম্পন্ন হোৱা ৮০৭১টা অধিৱেশনত ইয়াৰে ২,৭২,৫৮৩গৰাকীয়ে প্ৰথম পালি আৰু ২৩,৬২৮গৰাকীয়ে টীকাৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিছে।
দিনৌ টীকা লওতাৰ হাৰ বৃদ্ধিৰ তথ্য প্ৰত্যক্ষ কৰিছে দেশে।


টীকা লওতাৰ ৬৮.৫৫%ই দেশৰ ১০খন ৰাজ্যৰ।
ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮১.৫৮%ই ৬খন ৰাজ্যৰ।
ইয়াৰে, সৰ্বাধিক ৫,৮৩৫গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই। এই তালিকাত ১,৭৭৩ আৰু ৪৮২গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু তামিল নাডু।

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা পুনৰ অৱনমিত হৈ আজি ১.৩৭লাখ(১,৩৭,৫৬৭গৰাকী)লৈ অৱনমিত হৈছে। মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ আনুপাতিক হাৰ আৰু অধিক কমি গৈ এতিয়া ১.২৬% হৈছেগৈ।
সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৮৬.২৫%ই ৬খন ৰাজ্যৰ।
এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৫,৪৭১গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩,৬১১ আৰু ৪৭৭গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু তামিল নাডু।

ইফালে, শেহতীয়া ২৪ঘণ্টাত মৃত্যু সাৱটা ৭৮.৩% মৃতকেই ৬খন ৰাজ্যৰ।
ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৮গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালাত ১৬গৰাকী আৰু তামিল নাডু আৰু চত্তিশগড়ত ৫গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

****
MV/SJ/KB
(Release ID: 1698011)
|