স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
দ্ৰুত নিম্নগামীতাৰ ফলত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ১.৪১লাখলৈ হ্ৰাস হৈছে
৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে
বিগত ২৪ ঘণ্টাত ১৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এজনো ৰোগী ক’ভিড-১৯ত মৃত্যু হোৱা নাই
৬৬লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকা প্ৰদান কৰা হৈছে
Posted On:
10 FEB 2021 11:57AM by PIB Guwahati
ভাৰতত চিকিৎসাধীন ৰোগীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে৷ আজি ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪১,৫১১জনলৈ হ্ৰাস পাইছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল ১.৩০% ৰোগী চিকিৎসাধীন হৈ আছে৷
ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হিচাপত ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে৷ দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলীত বৰ্তমান এজন ৰোগীও আক্ৰান্ত অৱস্থাত নাই৷

বিগত ২৪ ঘণ্টাত দেশত ১১,০৬৭গৰাকী নতুন আক্ৰান্তৰ বিপৰীতে ১৩,০৮৭জন ৰোগী আৰোগ্য হৈছে৷ এই সময়ছোৱাতে ২,১১৪গৰাকী ৰোগী হ্ৰাস পাইছে৷
দুখন ৰাজ্য ক্ৰমে কেৰালা আৰু মহাৰাষ্ট্ৰত দেশৰ মুঠ আক্ৰান্তৰ ৭১% ৰোগী চিকিৎসাধীন হৈ আছে৷

১৯ খন ৰাজ্যত বিগত ২৪ঘণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেই ৰাজ্যসমূহ হৈছে- উত্তৰপ্ৰদেশ, দিল্লী, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ (কে.শা. অ), ঝাৰখণ্ড, পুডুচেৰী, মনিপুৰ, নাগালেণ্ড, মনিপুৰ, নাগালেণ্ড, লাক্ষাদ্বীপ, মেঘালয়, ছিকিম, আন্দামান আৰু নিকোবৰ, লাডাখ(কে.শা.অ), মিজোৰাম, অৰুণাচলপ্ৰদেশ, ত্ৰিপুৰা আৰু দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী ৷
ভাৰতৰ মুঠ আৰোগ্য লোকৰ সংখ্যা আজি ১,০৫,৬১,৬০৮জন হৈছে৷ আৰোগ্যৰ হাৰ ৯৭.২৭%লৈ উন্নীত হৈছে৷
২০২১ৰ ১০ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ অধীনত ৬৬,১১,৫৬১জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷
ক্ৰমিক নং
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা
|
১
|
আন্দামান আৰু নিকোবৰ
|
৩,৪১৩
|
২
|
অন্ধ্ৰপ্ৰদেশ
|
৩,২৫,৫৩৮
|
৩
|
অৰুণাচল প্ৰদেশ
|
১৩,৪৮০
|
৪
|
অসম
|
১,০৮,৮৮৭
|
৫
|
বিহাৰ
|
৪,১৫,৯৮৯
|
৬
|
চণ্ডীগড়
|
৬,৪৫৮
|
৭
|
চত্তীশগড়
|
১,৯৮,৫৬৭
|
৮
|
দাদৰা আৰু নগৰ হাভেলী
|
১,৬৯৭
|
৯
|
দমন আৰু দিউ
|
৮৪৩
|
১০
|
দিল্লী
|
১,৩২,০৪৬
|
১১
|
গোৱা
|
৮,৯২৯
|
১২
|
গুজৰাট
|
৫,৭২,৪১২
|
১৩
|
হাৰিয়ানা
|
১,৮০,৬৬৩
|
১৪
|
হিমাচল প্ৰদেশ
|
৬১,২৭১
|
১৫
|
জম্মু আৰু কাশ্মীৰ
|
৭৪,২১৯
|
১৬
|
ঝাৰখণ্ড
|
১,৪৩,৪০১
|
১৭
|
কৰ্ণাটক
|
৪,৪১,৬৯২
|
১৮
|
কেৰালা
|
৩,২২,০১৬
|
১৯
|
লাডাখ
|
২,৩০৯
|
২০
|
লাক্ষাদ্বীপ
|
৯২০
|
২১
|
মধ্যপ্ৰদেশ
|
৩,৮০,২৮৫
|
২২
|
মহাৰাষ্ট্ৰ
|
৫,৩৬,৪৩৬
|
২৩
|
মণিপুৰ
|
১১,০৭৮
|
২৪
|
মেঘালয়
|
৯,০৬৯
|
২৫
|
মিজোৰাম
|
১১,০৪৬
|
২৬
|
নাগালেণ্ড
|
৫,৮২৬
|
২৭
|
ওড়িশা
|
৩,৪২,২৫৪
|
২৮
|
পুডুচেৰী
|
৪,৩০১
|
২৯
|
পাঞ্জাৱ
|
৮৭,১৮১
|
৩০
|
ৰাজস্থান
|
৪,৯১,৫৪৩
|
৩১
|
ছিকিম
|
৬,৯৬১
|
৩২
|
তামিলনাডু
|
১,৮৫,৫৭৭
|
৩৩
|
তেলেংগানা
|
২,৪৩,৬৬৫
|
৩৪
|
ত্ৰিপুৰা
|
৫১,৪৪৯
|
৩৫
|
উত্তৰপ্ৰদেশ
|
৬,৭৩,৫৪২
|
৩৬
|
উত্তৰাখণ্ড
|
৮৫,৩৫৯
|
৩৭
|
পশ্চিমবংগ
|
৪,০৪,০০১
|
৩৮
|
অন্যান্য
|
৬৭,২৩৮
|
মুঠ
|
৬৬,১১,৫৬১
|
দেশৰ সামগ্ৰিক টিকাকৰণে ৬৬,১১,৫৬১জনক সামৰি লৈছে৷ ইয়াৰে ৫৬,১০,১৩৪জন স্বাস্থ্য কৰ্মী আৰু ১০,০১,৪২৭জন অগ্ৰণী কৰ্মী আছে৷ এতিয়ালৈকে ১,৩৪,৭৪৬টা পৰ্ব সম্পন্ন কৰা হৈছে৷
বিগত ২৪ ঘণ্টা(৯ ফেব্ৰুৱাৰী, ২০২১)ত ৭,৯৯০টা পৰ্বত ৩,৫২,৫৫৩গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮১.৬৮ শতাংশই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৬,৪৭৫গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৫৫৪ আৰু কৰ্ণাটকত ৫১৩গৰাকী ৰোগী আৰোগ্য হৈছে৷

নতুন আক্ৰান্তৰ ৮৩.৩১%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৫,২১৪গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৫১৫ আৰু তামিলনাডুত ৪৬৯গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৯৪জন ৰোগীৰ মৃত্যু হৈছে৷
নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৮০.৮৫% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫জনৰ বিপৰীতে কেৰালাত ১৯জন আৰু পাঞ্জাৱত ৮জন ৰোগীৰ মৃত্যু হৈছে৷

****
MV/SJ/DB
(Release ID: 1697008)
Visitor Counter : 209
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam