কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে অসমৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ ক’ৰ্পোৰেচন লিমিটেডলৈ ১০০ কোটিৰ সাহায্য আগবঢ়োৱাত অনুমোদন জনাইছে

प्रविष्टि तिथि: 10 FEB 2021 3:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আয়োজিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেটে অসমৰ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ ক’ৰ্পোৰেচন লিমিটেডক ইয়াৰ ইউৰিয়া প্ৰস্তুত কেন্দ্ৰৰ গতিবিধি অব্যাহত ৰাখিবলৈ ১০০ কোটিৰ সাহায্য আগবঢ়োৱাত অনুমোদন জনাইছে।

নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ ক’ৰ্পোৰেচন লিমিটেড হ’ল ভাৰত চৰকাৰৰ সাৰ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত কোম্পানী আইন অনুসৰি গঠন কৰা এক ৰাজহুৱা খণ্ডৰ অধীনষ্ঠ প্ৰতিষ্ঠান। বৰ্তমান কোম্পানীয়ে ইয়াৰ চৌহদত থকা নামৰূপ-২ আৰু নামৰূপ-৩ নামৰ দুটা পুৰণি প্ৰকল্পত কাম কৰি আছে।

ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ ক’ৰ্পোৰেচন লিমিটেডে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১০০ কোটিৰ অনুদানৰ ফলত সাৰ কাৰখানাটোৰ বছৰি ৩.৯০ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ ক্ষমতা পুনৰ উদ্ধাৰ হ’ব। একেদৰে, অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ উদ্যোগ আৰু কৃষি উদ্যোগলৈ সময়মতে ইউৰিয়া উপলব্ধ হোৱাটো নিশ্চিত হ’ব। বৰ্তমান কাম কৰি থকা প্ৰায় ৫৮০গৰাকী কৰ্মচাৰীৰ সংস্থাপন স্থায়ী ভিত্তিত বাহাল থাকিব আৰু আন ১৫০০ লোকে এড-হ’ক ভিত্তিত সংস্থাপন লাভ কৰিব। তদুপৰি, ২৮০০০ লোক এই কাৰখানাৰ পৰা প্ৰত্যক্ষভাৱে উপকৃত হ’ব। ই ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানকো শক্তিশালী কৰিব।

 

*******

DS/MS


(रिलीज़ आईडी: 1696952) आगंतुक पटल : 275
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam