স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২০ কোটি নমুনা পৰীক্ষাৰে ভাৰতে পৰীক্ষণৰ ক্ষেত্ৰত অভূতপূৰ্ব অভিলেখ ৰচনা কৰিছে

বিগত ৮ মাহৰ পাছত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১.৫লাখৰ তললৈ আহিছে

৫৪লাখতকৈ অধিক হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে

২১দিনে ৫০লাখ লোকক টিকাকৰণ কৰা ভাৰত বিশ্বৰ দ্ৰুততম দেশত পৰিণত হৈছে

Posted On: 06 FEB 2021 12:04PM by PIB Guwahati

নমুনা ক্ষেত্ৰত অভূতপূৰ্ব অভিলেখ ৰচনা কৰিছে ভাৰতে৷ আজি এই মুঠ পৰীক্ষণৰ সংখ্যা ২,০৬,৭২,৫৮৯ হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭,৪০,৭৯৪টা নমুনা পৰীক্ষা কৰা হৈছে৷

দেশত পৰীক্ষাৰ আন্তঃগাঁথনি বৃদ্ধিয়ে এই সংখ্যা বৃদ্ধি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বৰ্তমান দেশত ১,২১৪টা চৰকাৰী আৰু ১,১৫৫টা বেচৰকাৰীসহ মুঠ ২,৩৬৯টা পৰীক্ষাগাৰ আছে৷

দেশত বৰ্তমান পজিটিভিটিৰ হাৰ ৫.৩৫%লৈ হ্ৰাস পাইছে৷

উচ্চ মাত্ৰাৰ পৰীক্ষণ আৰু নিম্ন হাৰৰ আক্ৰান্তই ৰাষ্ট্ৰীয় পজিটিভিটিৰ হাৰ হ্ৰাস কৰিছে৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে৷ বিগত ৮ মাহৰ পাছত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১.৫লাখৰ তললৈ আহিছে৷

বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল ১.৩৭%হে চিকিৎসাধীন হৈ আছে৷

দেশত বিগত ২৪ ঘণ্টাত কেৱল ৯৫জন ৰোগীৰ মৃত্যু হৈছে৷

২০২১ৰ ৬ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণৰ অধীনত ৫৪,১৬,৮৪৯জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

আন্দামান আৰু নিকোবৰ

৩,১৬১

অন্ধ্ৰপ্ৰদেশ

২,৭২,১৯০

অৰুণাচল প্ৰদেশ

১১,৮৩৪

অসম

৭৭,২২৫

বিহাৰ

৩,৫৪,৩৬০

চণ্ডীগড়

৫,২৩৪

চত্তীশগড়

১,৫০,৪৮৭

দাদৰা আৰু নগৰ হাভেলী

১,২১৪

দমন আৰু দিউ

৬৭৪

১০

দিল্লী

১,০০,০৭৯

১১

গোৱা

৭,৯৩৯

১২

গুজৰাট

৩,৯৪,৪১৬

১৩

হাৰিয়ানা

১,৩৭,৭০৬

১৪

হিমাচল প্ৰদেশ

৫১,৫৫৫

১৫

জম্মু আৰু কাশ্মীৰ

৪১,৬২৪

১৬

ঝাৰখণ্ড

৮৫,৫৮০

১৭

কৰ্ণাটক

৩,৬০,৫৯২

১৮

কেৰালা

২,৮৬,১৩২

১৯

লাডাখ

১,৭৪৫

২০

লাক্ষাদ্বীপ

৮৩১

২১

মধ্যপ্ৰদেশ

৩,৪০,৬২৫

২২

মহাৰাষ্ট্ৰ

৪,৩৪,৯৪৩

২৩

মণিপুৰ

৬,৮৭৪

২৪

মেঘালয়

৬,২১৩

২৫

মিজোৰাম

১০,৫৫৫

২৬

নাগালেণ্ড

৪,৫১৫

২৭

ওড়িশা

২,৩৫,৬৮০

২৮

পুডুচেৰী

৩,৫৩২

২৯

পাঞ্জাৱ

৭২,৮৫৫

৩০

ৰাজস্থান

৪,১৪,৪২২

৩১

ছিকিম

৫,১৩৯

৩২

তামিলনাডু

১,৫৭,৩২৪

৩৩

তেলেংগানা

১,৯৩,৬৬৭

৩৪

ত্ৰিপুৰা

৩৭,৩৫৯

৩৫

উত্তৰপ্ৰদেশ

৬,৭৩,৫৪২

৩৬

উত্তৰাখণ্ড

৭০,২৯২

৩৭

পশ্চিমবংগ

৩,৪৪,২২৭

৩৮

অন্যান্য

৬০,৫০৭

মুঠ

৫৪,১৬,৮৪৯

 

টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে৷

ভাৰতে ক্ষিপ্ৰতাৰে ক’ভিড-১৯ৰ টিকাকৰণৰ ক্ষেত্ৰত ৫০লাখৰ সীমা অতিক্ৰম কৰিছে৷ এই লক্ষ্যত কেৱল ২১দিনতে উপনীত হৈছে৷ একাধিক দেশে এই লক্ষ্যত উপনীত হ’বলৈ ৬০দিন লাগিছে৷

বিগত ২৪ ঘণ্টাত ১০,৫০২টা পৰ্বত ৪,৫৭,৪০৪গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ১,০৬,৩০৩টা পৰ্ব সম্পন্ন কৰা হৈছে৷ ইয়াৰে ভিতৰত ৩,০১,৫৩৭জন স্বাস্থ্য কৰ্মী আৰু ১,৫৫,৮৬৭জন আগশাৰীৰ কৰ্মী৷

ভাৰতত দৈনিক আক্ৰান্ত ৰোগীতকৈ আৰোগ্যৰ হাৰ অধিক হৈছে৷ ইয়াৰ ফলত আৰোগ্যৰ হাৰ ৯৭.১৯%লৈ উন্নীত হৈচে. বৰ্তমানলৈকে ১,০৫,১০,৭৯৬জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১৪,৪৮৮জন ৰোগী আৰোগ্য হৈছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮২.০৭%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৬,৬৫৩গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ৩,৫৭৩ আৰু তামিলনাডুত ৫০৬গৰাকী ৰোগী আৰোগ্য হৈছে৷

নতুন আক্ৰান্তৰ ৮৩.৩%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,৬১০গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৬২৮ আৰু তামিননাডুত ৪৮৯গৰাকী লোক আক্ৰান্ত হৈছে৷

নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৮১.০৫% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৪০জনৰ বিপৰীতে কেৰালাত ১৯জন আৰু চত্তীশগড়ত ৮জন ৰোগীৰ মৃত্যু হৈছে৷

****

MV/SJ/DB



(Release ID: 1695838) Visitor Counter : 187