স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ মুঠ সক্ৰিয় ঘটনা মুঠ মৃত্যুৰ ঘটনাতকৈ কম; সক্ৰিয় ঘটনা ১.৫১ লাখলৈ অৱনমিত

প্ৰায় ৫০ লাখ হিতাধিকাৰীক ক’ভিড-১৯ ৰ টিকা প্ৰদান

ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত ঘটনা আৰু মৃত্যু বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন

যোৱা ২৪ ঘন্টাত চৈধ্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই

Posted On: 05 FEB 2021 11:55AM by PIB Guwahati

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড নিৰৱচ্ছিন্নভাৱে হ্ৰাস পাই আহিছে।

আজি মুঠ সক্ৰিয় ঘটনা ১.৫১ লাখ (১,৫১,৪৬০) লৈ অৱনমিত হয়। এয়া আজি পৰ্যন্ত মুঠ মৃত্যুৰ ঘটনা (১,৫৪,৮২৩) তকৈ কম। সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ১.৪০%।

ভাৰতৰ দৈনিক নতুন ঘটনাও ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। যোৱা ২৪ ঘন্টাত ১২,৪০৮ টা দৈনিক নতুন পজিটিভ ঘটনা লাভ কৰা হৈছে।

ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত ঘটনা (৭,৮২৮) বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন। এই সংখ্যা ৰাছিয়া, জাৰ্মানী, ইটালী, ব্ৰাজিল, ফ্ৰান্স, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহৰ ক্ষেত্ৰত অধিক বেছি।

১৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত জনসংখ্যাত ঘটনা ৰাষ্ট্ৰীয় গড়তকৈ কম। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত লক্ষদ্বীপত প্ৰতি নিযুত জনসংখ্যাত ঘটনাৰ হাৰ সৰ্বনিম্ন ১,৭২২ টা।

২০২১ ৰ ৫ ফেব্ৰুৱাৰীৰ পুৱা ৮:০০ বজা পৰ্যন্ত, দেশজোৰা ক’ভিড-১৯ টিকাদান কাৰ্যক্ৰমৰ অধীনত প্ৰায় ৫০ লাখ (৪৯,৫৯,৪৪৫) হিতাধিকাৰীয়ে টিকা লাভ কৰিছে।

যোৱা ২৪ ঘন্টাত, সমগ্ৰ ১১,১৮৪ ছেচনত ৫,০৯,৮৯৩ লোকক টিকাদান কৰা হৈছে। এতিয়ালৈকে ৯৫,৮০১ ছেচন সম্পন্ন কৰা হৈছে।

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

টিকাদান কৰা হিতাধিকাৰীৰ সংখ্যা

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

২,৯৩৮

অন্ধ্ৰ প্ৰদেশ

২,৪৩,২৪৩

অৰুণাচল প্ৰদেশ

১০,৮৮৯

অসম

৬০,৫৫৬

বিহাৰ

৩,১২,৩৩৯

চণ্ডীগড়

৪,৭৮২

চত্তীশগড়

১,৩১,১৭৩

দাদৰা ও নগৰ হাভেলী

১,০৭৫

দমন ও ডিউ

৫৬১

১০

দিল্লী

৯০,৯২৭

১১

গোৱা

৭,১৯৩

১২

গুজৰাট

৩,৪৮,১৮৩

১৩

হাৰিয়ানা

১,৩৩,৬৩৭

১৪

হিমাচল প্ৰদেশ

৪৮,৩৬০

১৫

জম্মু ও কাশ্মীৰ

৩৪,৪৭৫

১৬

ঝাড়খণ্ড

৭৫,২০৫

১৭

কৰ্ণাটক

৩,৩০,১১২

১৮

কেৰালা

২,৭০,৯৯২

১৯

লাডাখ

১,৫১১

২০

লক্ষদ্বীপ

৮০৭

২১

মধ্য প্ৰদেশ

৩,৩৯,৩৮৬

২২

মহাৰাষ্ট্ৰ

৩,৮৯,৫৭৭

২৩

মণিপুৰ

৬,০৯৫

২৪

মেঘালয়

৫,৪৬৯

২৫

মিজোৰাম

১০,০৪৪

২৬

নাগালেণ্ড

৪,৪০৫

২৭

উৰিষ্যা

২,৩৪,৯২৩

২৮

পুডুচেৰী

৩,২২২

২৯

পঞ্জাৱ

৬৭,৮৬১

৩০

ৰাজস্থান

৩,৮৪,৮১০

৩১

ছিকিম

৪,২৬৪

৩২

তামিল নাডু

১,৪৫,৯২৮

৩৩

তেলেংগানা

১,৮৮,২৭৯

৩৪

ত্ৰিপুৰা

৩৫,১৯১

৩৫

উত্তৰ প্ৰদেশ

৫,৮৯,১০১

৩৬

উত্তৰাখণ্ড

৬২,৮৫৮

৩৭

পশ্চিম বংগ

৩,২০,৬৬৮

৩৮

অন্যান্য

৫৮,৪০৬

মুঠ

৪৯,৫৯,৪৪৫

 

টিকালাভ কৰা হিতাধিকাৰীসকলৰ ৬১% হৈছে ৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ভাৰতত টিকালাভ কৰা মুঠ হিতাধিকাৰীৰ ১১.৯% (৫,৮৯,১০১) হৈছে উত্তৰ প্ৰদেশৰ।

এতিয়ালৈকে মুঠ ১.০৪ কোটি (১,০৪,৯৬,৩০৮) লোকে আৰোগ্য লাভ কৰিছে। যোৱা ২৪ ঘন্টাত ১৫,৮৫৩ ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। আৰোগ্য লাভৰ হাৰ হৈছে ৯৭.১৬%। নতুন ঘটনাৰ তুলনাত আৰোগ্য লাভৰ অধিক সংখ্যাই আৰোগ্য লাভ আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ১,০৩,৪৪,৮৪৮ লৈ বৃদ্ধি কৰি তুলিছে।

নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৮৫.০৬% হৈছে ৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৬,৩৪১ নতুন আৰোগ্য লাভৰ ঘটনাৰে কেৰালাত এদিনত আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ৫,৩৩৯ লোকে আৰোগ্য লাভৰ সমান্তৰালভাৱে ইয়াৰ পাছতে তামিল নাডুত এই সংখ্যা হৈছে ৫১৭ টা।

যোৱা ২৪ ঘন্টাত ১২,৪০৮ টা দৈনিক নতুন ঘটনা লাভ কৰা হৈছে।

নতুন ঘটনাৰ ৮৪.২৫% হৈছে ৬ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৬,১০২ ৰে কেৰালাত সৰ্বাধিক দৈনিক নতুন ঘটনা লাভ কৰি অহা হৈছে। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ এই সংখ্যা ২,৭৩৬ ৰ সমান্তৰালভাৱে তামিল নাডুত নতুন ঘটনাৰ সংখ্যা ৪৯৪ টা।

যোৱা ২৪ ঘন্টাত ১২০ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৪.১৭% ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক (৪৬)। ইয়াৰ পাছতেই কেৰালাত দৈনিক মৃত্যুৰ ঘটনা ১৭ টা, পঞ্জাৱ আৰু দিল্লীত ৭ টাকৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

যোৱা ২৪ ঘন্টাত চৈধ্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন হৈছেঃ অন্ধ্ৰ প্ৰদেশ, ঝাড়খণ্ড, পুডুচেৰী, মণিপুৰ, মেঘালয়, ছিকিম, নাগালেণ্ড, মিজোৰাম, লাডাখ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ, দমন ও ডিউ, দাদৰা ও নগৰ হাভেলী আৰু লক্ষদ্বীপ।

ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত ১১২ টা মৃত্যুৰ ঘটনা বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন।

ইতিবাচকভাৱে, ১৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ গড় ৰাষ্ট্ৰীয় গড়তকৈ কম। লক্ষদ্বীপত প্ৰতি নিযুত জনসংখ্যাত গড় মৃত্যুৰ ঘটনা শূন্য।

১৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ গড় ৰাষ্ট্ৰীয় গড়তকৈ বেছি। প্ৰতি নিযুত জনসংখ্যাত ৫৮১ টা মৃত্যুৰ ঘটনাৰে দিল্লীত এই সংখ্যা সকলোতকৈ বেছি।

****

MV/SJ/SB



(Release ID: 1695712) Visitor Counter : 454