বিত্ত মন্ত্ৰালয়

৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়িত হৈছে এক দেশ এক ৰেচন কাৰ্ড যোজনা, উপকৃত হৈছে ৬৯ কোটি হিতাধিকাৰীঃ বিত্ত মন্ত্ৰী

অসংগঠিত শ্ৰমিক কৰ্মচাৰী সম্পৰ্কে প্ৰাসংগিক তথ্য সংগ্ৰহ কৰিব প’ৰ্টেলে

গিগ আৰু প্লেটফ’ৰ্ম কৰ্মীসকলক সামাজিক সুৰক্ষা লাভালাভ প্ৰদান কৰাৰ বাবে চাৰিটা শ্ৰমিক কোড ৰূপায়ণ কৰা হ’ব

নিয়োগকৰ্তাৰ ওপৰত অনুপালনৰ বোজা হ্ৰাস কৰিবলৈ একক পঞ্জীয়ন আৰু লাইচেন্সিং

Posted On: 01 FEB 2021 1:43PM by PIB Guwahati

অভিলাষী ভাৰতৰ বাবে সামগ্ৰিক বিকাশ হৈছে এনে এক স্তম্ভ যাৰ ওপৰত কেন্দ্ৰীয় বাজেট ২০২১-২২ আধাৰিত আৰু অসংগঠিত কৰ্মচাৰী বিশেষকৈ অভিবাসী শ্ৰমিক আৰু শ্ৰমিকসকলৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ চৰকাৰৰ মাৰ্গদৰ্শন কৰে। আজি সংসদত কেন্দ্ৰীয় বাজেট থ্থাপন কৰোঁতে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আৰু শ্ৰমিক কোড ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অসংগঠিত কৰ্মচাৰীৰ তথ্য সংগ্ৰহ কৰিবলৈ এটা পৰ্টেল ঘোষণা কৰে।

 

এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড

 

এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড যোজনা ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে, যিয়ে প্ৰায় ৬৯ কোটি হিতাধিকাৰীক উপকৃত কৰিছে, অৰ্থাত্ মুঠ ৮৬% হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে’, মন্ত্ৰীগৰাকীয়ে অহা কেইটামান মাহত বাকী ৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক একত্ৰিতকৰণৰ আশ্বাস দিয়ে। এই আঁচনিখনে হিতাধিকাৰীসকলক দেশৰ যিকোনো স্থানৰ পৰা তেওঁলোকৰ ৰেচন দাবী কৰিবলৈ অনুমতি দিয়ে, বিশেষকৈ অভিবাসী শ্ৰমিকসকলে, ' তেওঁলোক আছে তাৰ পৰা আংশিক দাবী ৰখাৰ সৈতে, আনহাতে তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ স্থানীয় স্থানত বাকীবোৰ দাবী কৰিব পাৰে।

 

অসংগঠিত শ্ৰমিক বাবে ’ৰ্টেল

 

অভিবাসী শ্ৰমিকসকলৰ ওপৰত বিশেষ গুৰুত্ব দি অসংগঠিত শ্ৰমিক বাহিনীৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টা আৰু বৃদ্ধি কৰিবলৈ, শ্ৰীমতী নিৰ্মলা সীতাৰমনে এটা পৰ্টেল আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছিল যিয়ে গিগ, ভৱন আৰু নিৰ্মাণ-শ্ৰমিকসকলৰ সৈতে  সম্বন্ধীয় তথ্য সংগ্ৰহ কৰিব। অভিবাসী শ্ৰমিকসকলৰ বাবে স্বাস্থ্য, গৃহ, দক্ষতা, বীমা, ঋণ আৰু খাদ্য আঁচনি প্ৰস্তুত কৰাত সহায় কৰিব।

 

শ্ৰমিক কোড ৰূপায়ণ

 

বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে সকলো শ্ৰেণীৰ শ্ৰমিকৰ ভিতৰত ন্যূনতম মজুৰি প্ৰয়োগ কৰি গিগ আৰু প্লেটফৰ্ম কৰ্মীসকলক সামাজিক সুৰক্ষা লাভালাভ প্ৰদান কৰাৰ বাবে চাৰিটা শ্ৰমিক কোড ৰূপায়ণৰ কাম সমাপ্ত কৰিব। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ অধীনত লাভ কৰিবলগীয়া সুবিধাৰেও তেওঁলোকলৈ সামৰি লোৱা 'ব। মহিলাসকলক সকলো শ্ৰেণীত আৰু পৰ্যাপ্ত সুৰক্ষাৰ সৈতে নিশাৰ শ্বিফটত কাম কৰিবলৈ অনুমতি দিয়া 'ব।

 

একক পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ ব্যৱস্থা, আৰু অনলাইন ৰিটাৰ্ণে নিয়োগকৰ্তাসকলৰ ওপৰত অনুপালনৰ বোজা হ্ৰাস কৰিব।

 

     ***********

RM/KS/KG



(Release ID: 1694335) Visitor Counter : 198