বিত্ত মন্ত্ৰালয়

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বাবে ১,১৮,১০১ কোটি টকা ধাৰ্য

১,০৮,২৩০ কোটি টকাৰ সৰ্বাধিক মুলধন ধাৰ্য

২০২২ৰ মাৰ্চৰ ভিতৰত ভাৰতমালা প্ৰকল্পৰ অধীনত আৰু ৮,৫০০ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য
মাৰ্চ, ২০২২ৰ ভিতৰত অতিৰিক্ত ১১,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰিড’ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব

অধিক অৰ্থনৈতিক কৰিড’ৰৰ পৰিকল্পনা

Posted On: 01 FEB 2021 1:50PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি উত্থাপন কৰা ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত পথৰ আন্তঃগাঁথনিৰ কেতবোৰ পদক্ষেপ ঘোষণা কৰে৷ ইয়াৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বাবে ,১৮,১০১ কোটি টকা ধাৰ্য কৰা হৈছে, ,০৮,২৩০ কোটি টকা মুলধন আছে৷

সংসদত শ্ৰীমতী সীতাৰমণে সদৰি কৰে যে .৩৫লাখ কোটি টকাৰ ভাৰতমালা প্ৰকল্পৰ অধীনত ১৩,০০০তকৈ অধিক কিলোমিটাৰ পথৰ বাবে . লাখ কোটি টকা ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু ইয়াৰে ,৮০০ কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ ২০২২ৰ মাৰ্চৰ ভিতৰত ভাৰতমালা প্ৰকল্পৰ অধীনত আৰু ,৫০০ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে আৰু এই সময়ছোৱাৰ ভিতৰতে অতিৰিক্ত ১১,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰিডৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা ব৷

শ্ৰীমতী সীতাৰমণে কয় যে পথৰ আন্তঃগাঁথনি বৃদ্ধিৰ পৰিকল্পনাৰে অধিক অৰ্থনৈতিক কৰিডৰৰ পৰিকল্পনা কৰা হৈছে৷

১৷ তামিলনাডুত .০৩লাখ কোটি টকা বিনিয়োগেৰে ,৫০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰা ব৷ ইয়াৰে ভিতৰত মাদুৰাই-কোল্লাম কৰিড, চিট্টোৰ-ঠাটচুৰ কৰিডৰৰ নিৰ্মাণ অহা বছৰৰ পৰা আৰম্ভ ব৷

২৷ কেৰালাত মুম্বাই-কন্যাকুমাৰী কৰিডৰৰ ৬০০ কিলোমিটাৰ পথসহ ৬৫,০০০ কোটি টকা বিনিয়োগেৰে ,১০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰা ব৷

৩৷ কলকাতা-শিলিগুৰি পথৰ উন্নীতকৰণসহ ২৫,০০০ কোটি টকা ব্যয়েৰে পশ্চিমবংগচ ৬৭৫ কিলোমিটাৰ ঘাইপথৰ

৪৷ অসমত প্ৰায় ১৯,০০০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে৷ তদুপৰি, অহা তিনি বছৰত ৰাজ্যখনত ৩৪,০০০ কোটি টকা ব্যয়েৰে ,৩০০ কিলোমিটাৰতকৈ অধিক নতুন ঘাইপথ নিৰ্মাণ কৰা ব৷

ROADS AND HIGHWAY INFRASTRUCTURE.jpg

ধ্বজাবাহী প্ৰকল্পঃ পথ আৰু ঘাইপথ

২০২১-২২ বৰ্ষত হাতত লোৱা কেতবোৰ ধ্বজাবাহী কৰিড’ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকল্প এনেধৰণৰ-

  • দিল্লী মুম্বাই এক্সপ্ৰেছৱেঃ বাকী থকা ২৬০ কিলোমিটাৰ পথ ৩১.৩.২০২১ৰ পূৰ্বে কাম হাতত লোৱা কৰা হ’ব৷
  • বাংগালুৰু-চেন্নাই এক্সপ্ৰেছৱেঃ চলিত বিত্তীয় বৰ্ষত ২৭৮ কিলোমিটাৰ পথৰ কাম হাতত লোৱা হ’ব আৰু ২০২১-২২ বৰ্ষত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব৷
  • দিল্লী-দেৰাডুন অৰ্থনৈতিক কৰিড’ৰঃ চলিত বিত্তীয় বৰ্ষত ২১০ কিলোমিটাৰ পথৰ কাম হাতত লোৱা হ’ব আৰু ২০২১-২২ বৰ্ষত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব৷
  • কানপুৰ-লক্ষ্ণৌ এক্সপ্ৰেছৱেঃ ২০২১-২২ বৰ্ষত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথৰ ৬৩ কিলোমিটাৰ পথৰ কাম হাতত লোৱা হ’ব৷
  • চেন্নাই-ছালেম কৰিড’ৰঃ চলিত বিত্তীয় বৰ্ষত ২৭৭ কিলোমিটাৰ পথৰ কাম হাতত লোৱা হ’ব আৰু ২০২১-২২ বৰ্ষত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব৷
  • ৰায়পুৰ-বিশাখাপট্টম- চত্তীশগড়, ওড়িশা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশ হৈ ৪৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ৰ কাম চলিত বিত্তীয় বৰ্ষত হাতত লোৱা হ’ব আৰু ২০২১-২২ বৰ্ষত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব৷
  • অমৃতচৰ-জামনগৰঃ ২০২১-২২ বৰ্ষত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব৷
  • দিল্লী-কাট্ৰাঃ বৰ্ষত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব৷

 

ROADS AND HIGHWAY INFRASTRUCTURE 1.jpg

 

উন্নত যান-য’ট নিয়্ন্ত্ৰণ ব্যৱস্থা, দ্ৰুত ৰাডাৰ, বিভিন্নসংকেটযুক্ত ছাইনবোৰ্ড, জিপিএছ সক্ষম ৰিক’ভাৰী ভান সকলো ফ’ৰলেন আৰু ছিক্সলেন পথত সংস্থাপন কৰা হ’ব৷

 

******

 

RM/DJN/AS/DB



(Release ID: 1694050) Visitor Counter : 195