তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

১০০% আসন ক্ষমতাৰে চালিত কৰিব পৰা যাব ছবিগৃহ, চলচ্চিত্ৰ প্ৰদৰ্শনৰ অৰ্থে এছঅ’পি প্ৰকাশ শ্ৰী প্ৰকাশ জাভড়েকাৰৰ

Posted On: 31 JAN 2021 12:55PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে আজি ছবিগৃহ আৰু থিয়েটাৰৰ অৰ্থে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ প্ৰকাশ কৰিলে। এই ঘোষণা আগবঢ়াই মন্ত্ৰীজনে কয়, এতিয়া সম্পূৰ্ণ আসন ক্ষমতাৰে ছবিগৃহসমূহ চালিত কৰিব পৰা যাব। তেওঁ লগতে কয় যে ছেনিটাইজেশ্যন আৰু ক’ভিড প্ৰট’কল মানি চলাৰ সমান্তৰালভাৱে দৰ্শকে থিয়েটাৰৰ ভিতৰৰ ষ্টলৰপৰাহে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। তেওঁ তদুপৰি কয় যে ক’ভিডৰ অন্ত পৰিবলৈ ধৰাৰ বাবে এই বাধ্য-বাধকতাসমূহ আৰোপ কৰা হৈছে।

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২১ ৰ ২৭ জানুৱাৰী তাৰিখে এটি নিৰ্দেশনা (নং: 40-3/2020-DM-I(A)) ৰ জৰিয়তে ছবিগৃহ আৰু থিয়েটাৰসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰাৰে সংগতি ৰাখি এই এছঅ’পি প্ৰকাশ কৰা হৈছে।

সেই অনুসৰি, এই এছঅ’পিত উল্লেখ কৰা হৈছে যে কন্টেইনমেন্ট জ’নত চলচ্চিত্ৰ প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰা নহয় আৰু এই সন্দৰ্ভত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ ক্ষেত্ৰ মূল্যায়ন অনুসৰি অতিৰিক্ত ব্যৱস্থাৰ প্ৰস্তাৱৰ বিবেচনা কৰিব পাৰে। ছবিগৃহৰ ভিতৰত এশ শতাংশ আসন ক্ষমতাৰ অনুমতি প্ৰদান কৰা হৈছে বুলি এই এছঅ’পিত উল্লেখ কৰা গৈছে।

এই এছঅ’পিয়ে স্পষ্ট কৰি দিছে যে ছবিগৃহ প্ৰাংগণত ক’ভিড সম্পৰ্কীয় সকলো সুৰক্ষা ব্যৱস্থা অৱশ্যেই মানি চলিব লাগিব। সাধাৰণ নীতি-নিৰ্দেশনাত স্পষ্টভাৱে কোৱা যায় যে শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় শিষ্টাচাৰ-বিধি অৱশ্যেই মানি চলিব লাগিব য’ত অন্তৰ্ভুক্ত হ’ব ফেচ মাস্কৰ ব্যৱহাৰ, প্ৰেক্ষাগৃহৰ বাহিৰ, চলা-ফুৰা কৰা অঞ্চল আৰু অপেক্ষা কৰা অঞ্চলত সকলো সময়তে অতিকমেও ৬ ফুটৰ যথোচিত সামাজিক দূৰত্ব মানি চলিব লাগিব, থু-পিক পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগিব।

দৰ্শকসকলক প্ৰৱেশ আৰু প্ৰস্থানত থাৰ্মেল স্ক্ৰিনিং কৰিব লাগিব আৰু ভিৰ এৰাই চলিবলৈ শাৰীবদ্ধ-ভাৱে থিয় কৰাই এনে কৰা উচিত। দৰ্শকৰ শাৰীবদ্ধ-ভাৱে প্ৰৱেশ আৰু প্ৰস্থান নিশ্চিত কৰিবলৈ এখন স্ক্ৰীণ তথা একেদৰে মাল্টিপ্লেক্সৰ ভিন্ন স্ক্ৰীণত ক্ৰমাগত স্ক্ৰীণসমূহৰ মাজত যথোপযুক্ত সময় ব্যৱধান ৰাখিব লাগিব। ভিৰৰপৰা হাত সাৰিবলৈ বহু স্ক্ৰীণসমূহে সুস্পষ্ট প্ৰদৰ্শনৰ সময় মানি চলিব লাগিব।

এই এছঅ’পিয়ে টিকট, খাদ্য আৰু পানীয় ইত্যাদিৰ বাবে পেমেন্টৰ অৰ্থে সংস্পৰ্শবিহীন ডিজিটেল লেন-দেনক প্ৰোৎসাহিত কৰিছে। উচিত সংখ্যক বক্স অ’ফিছ কাউন্টাৰ মুকলি কৰিব লাগিব আৰু সমগ্ৰ দিনটো বক্স অফিছত টিকট ক্ৰয় কাৰ্য বাহাল ৰাখিব লাগিব আৰু বিক্ৰী কাউন্টাৰত ভিৰৰপৰা হাত সাৰিবলৈ অগ্ৰিম বুকিঙৰ ব্যৱস্থা কৰিব লাগিব।

সমগ্ৰ চৌহদতে ছেনিটাইজেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰি, এই এছঅ’পিত উল্লেখ কৰা যায় যে সমগ্ৰ চৌহদ, সমূহীয়া সা-সুবিধা আৰু দৰ্শকৰ সংস্পৰ্শলৈ অহা সকলো স্থান যথাঃ হেণ্ডেল, ৰেলিং ইত্যাদিত ঘনাই ছেনিটাইজেশ্যন নিশ্চিত কৰিব লাগিব আৰু প্ৰতিটো প্ৰদৰ্শনীৰ পাছতে প্ৰেক্ষাগৃহ ছেনিটাইজ কৰিব লাগিব।

এই এছঅ’পিয়ে সমগ্ৰ চৌহদতে ঘোষণা, ষ্টেণ্ডি, প’ষ্টাৰ ইত্যাদিৰ জৰিয়তে কৰণীয় আৰু অকৰণীয়সমূহ প্ৰদৰ্শনৰদ্বাৰা ক’ভিডৰ বিৰুদ্ধে জন সজাগতা সৃষ্টিত বিশেষ ব্যৱস্থা গ্ৰহণৰ গুৰুত্ব আৰোপ কৰিছে।

তলৰ লিংকটোত সৱিশেষ এছঅ’পি পঢ়িব পৰা যাবঃ

https://mib.gov.in/sites/default/files/FINAL%20SOP%20for%20Exhibition%20of%20Films%20%281%29.pdf

***

Saurabh Singh/SB



(Release ID: 1693835) Visitor Counter : 170