স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাই ১.৭১লাখ হৈছে
প্ৰায় ৩০লাখ হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে
Posted On:
29 JAN 2021 11:59AM by PIB Guwahati
ভাৰতৰ মুঠ চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাই ১.৭১লাখ হৈছে৷ বৰ্তমান মুঠ আক্ৰান্ত ৰোগীৰ কেৱল ১.৬০শতাংশ ৰোগীহে চিকিৎসাধীন হৈ আছে৷
ভাৰতৰ চিকিৎসাধীন ৰোগী সংখ্যা প্ৰতি ১০লাখৰ বিপৰীতে বিশ্বৰ ভিতৰতে কম৷ এই সংখ্যা বৰ্তমান ৭,৭৬৮জন৷ এই সংখ্যা জাৰ্মানী, ৰাছিয়া, ইটালী, ব্ৰাজিল ফ্ৰান্স, ব্ৰিটেইন আৰু আমেৰিকাত সৰ্বাধিক৷
১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখ লোকৰ বিপৰীতে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৰাষ্ট্ৰীয় গড় হাৰৰ তুলনাত কম৷
ভাৰতৰ সামগ্ৰিক পৰীক্ষণৰ সংখ্যা ১৯.৫ কোটি জনতকৈ অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭,৪২,৩০৬টা নমুনা পৰীক্ষা কৰা হৈছে৷ ৰাষ্ট্ৰীয় পজিটিভিটিৰ হাৰ ৫.৫০%লৈ হ্ৰাস পাইছে৷
২০২১ৰ ২৯ জানুৱাৰীৰ পুৱা ৮ বজালৈকে প্ৰায় ৩০লাখ হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে৷
ক্ৰমিক নং
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা
|
১
|
আন্দামান আৰু নিকোবৰ
|
২৬৫৬
|
২
|
অন্ধ্ৰপ্ৰদেশ
|
১৭১৬৮৩
|
৩
|
অৰুণাচল প্ৰদেশ
|
৮৬৫৬
|
৪
|
অসম
|
২৮৯১৮
|
৫
|
বিহাৰ
|
১০৭১৭৪
|
৬
|
চণ্ডীগড়
|
২৭৬৪
|
৭
|
চত্তীশগড়
|
৬২১১৫
|
৮
|
দাদৰা আৰু নগৰ হাভেলী
|
৪৯৩
|
৯
|
দমন আৰু দিউ
|
২৮৬
|
১০
|
দিল্লী
|
৪৮০০৮
|
১১
|
গোৱা
|
২৮৮২
|
১২
|
গুজৰাট
|
১৬২৬১৬
|
১৩
|
হাৰিয়ানা
|
১১৫৯৬৮
|
১৪
|
হিমাচল প্ৰদেশ
|
১৮৮৪৮
|
১৫
|
জম্মু আৰু কাশ্মীৰ
|
২২৪০১
|
১৬
|
ঝাৰখণ্ড
|
২৪৩১৫
|
১৭
|
কৰ্ণাটক
|
২৮৬০৮৯
|
১৮
|
কেৰালা
|
১০৬৫৮৩
|
১৯
|
লাডাখ
|
৮১৮
|
২০
|
লাক্ষাদ্বীপ
|
৭৪৬
|
২১
|
মধ্যপ্ৰদেশ
|
১৯৫১৮৭
|
২২
|
মহাৰাষ্ট্ৰ
|
২২০৫৮৭
|
২৩
|
মণিপুৰ
|
২৮৫৫
|
২৪
|
মেঘালয়
|
৩৮৭০
|
২৫
|
মিজোৰাম
|
৬৭২৮
|
২৬
|
নাগালেণ্ড
|
৩৯৭৩
|
২৭
|
ওড়িশা
|
১৯৪০৫৮
|
২৮
|
পুডুচেৰী
|
১৮১৩
|
২৯
|
পাঞ্জাৱ
|
৫০৯৭৭
|
৩০
|
ৰাজস্থান
|
২৫৭৮৩৩
|
৩১
|
ছিক্কিম
|
১৭৭৬
|
৩২
|
তামিলনাডু
|
৮৮৪৬৭
|
৩৩
|
তেলেংগাণা
|
১৫১২৪৬
|
৩৪
|
ত্ৰিপুৰা
|
২৪৩০২
|
৩৫
|
উত্তৰপ্ৰদেশ
|
২৯৪৯৫৯
|
৩৬
|
উত্তৰাখণ্ড
|
১৯৫১৭
|
৩৭
|
পশ্চিমবংগ
|
১৮৭৪৮৫
|
৩৮
|
অন্যান্য
|
৪৮,৪০১
|
মুঠ
|
২৯,২৮,০৫৩
|
বিগত ২৪ ঘণ্টাত দেশত ১০,২০৫টা পৰ্বত ৫,৭২,০৬০গৰাকী স্বাস্থ্যকৰ্মীক টিকাকৰণ কৰা হৈছে৷
প্ৰতিদিনে প্ৰতিষেধক দিয়া হিতাধিকাৰীৰ সংখ্যাত প্ৰগতিশীল বৃদ্ধি দেখা গৈছে।
মুঠ টিকাকৰণ কৰা স্বাস্থ্যকৰ্মীৰ ৭২.৪৬%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ উত্তৰপ্ৰদেশ, কৰ্ণাটক আৰু ৰাজস্থানত সৰ্বাধিক টিকাকৰণ কৰা হৈছে৷
ভাৰতৰ সামগ্ৰিক আৰোগ্য লোকৰ সংখ্যা ১.০৩কোটিতকৈ অধিক হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.৯৬%লৈ উন্নীতৰ হৈছে৷
বিগত ২৪ ঘণ্টাত দেশত ১৮,৮৫৫জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২০,৭৪৬গৰাকী ৰোগী আৰোগ্য হৈছে৷
চত্তীশগড়ত সৰ্বাধিক ৬,৪৫১জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৬,৪৭৯জন আৰোগ্য আৰু ৩৫জনৰ মৃত্যু হৈছে৷
মুঠ আৰোগ্য লোকৰ ৮৫.৩৬%ই ৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
নতুন আক্ৰান্তৰ ৮৫.৭৩%ই ৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
বিগত ২৪ ঘণ্টাত ১৬৩জন ৰোগীৰ মৃত্যু হৈছে৷
এই ক’ভিড ৰোগীৰ ৮৫.৮৯% ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
মহাৰাষ্ট্ৰত সৰ্বাধিক ৫০জনৰ বিপৰীতে চত্তীশগড়ত ৩৫ আৰু কেৰালাত ১৯জন ৰোগীৰ মৃত্যু হৈছে৷
১৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখ ৰোগীৰ মৃত্যুৰ ৰাষ্ট্ৰীয় হাৰৰ বিপৰীতে এই সংখ্যা কম হৈছে৷
****
MV/SJ/DB
(Release ID: 1693595)
Visitor Counter : 179