বিত্ত মন্ত্ৰালয়

অৰ্থনৈতিক সংস্কাৰত ‘ভি’-আকাৰৰ শক্তিশালী উত্থান

বৈশ্বিক হট্টগোলৰ মাজতো ভাৰতৰ সেৱা খণ্ডত বাৰ্ষিকভিত্তিত এফডিআইৰ প্ৰবাহ ৩৪ শতাংশ বৃদ্ধি হৈছে

বন্দৰলৈ জাহাজ অনা-নিয়াৰ সময় ২০১০-১১ৰ ৪.৬৭ দিনৰ তুলনাত প্ৰায় অৰ্ধেক হৈ ২০১৯-২০ত ২.৬২ দিন হৈছে

বিগত বৰ্ষত ১২টা নতুন ইউনিকৰ্ন সৃষ্টি হোৱাৰ লগতে মুঠ ৩৮টালৈ বৃদ্ধি হৈছে

Posted On: 29 JAN 2021 3:27PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২৯ জানুৱাৰী ২০২১ তাৰিখে সংসদত অৰ্থনৈতিক সমীক্ষা ২০২০-২১ প্ৰস্তুত কৰি কয় যে সেৱা ক্ৰয় প্ৰৱন্ধক সূচকাংক, বিমানযাত্ৰী পৰিবহণ, মালবাহী ৰে’ল পৰিবহণ, বন্দৰ পৰিবহণ, বিদেশী যাত্ৰীসকলৰ আগমন আৰু বিদেশী বিনিময়ৰ দৰে যিবোৰ মুখ্য সংকেতক নিম্নগামী হৈছিল, এতিয়া তাত যথেষ্ট সংস্কাৰ হোৱা দেখা হৈছে৷ সমীক্ষা অনুসৰি ক’ভিড-১৯ মহামাৰীৰ ফলত সেৱা খণ্ড যথেষ্ট পৰিমাণে নিম্নগামী হৈছিল৷ বিগত বৰ্ষত ২০২০-২১ৰ প্ৰথম ছমাহৰ সময়ছোৱাত এই ক্ষেত্ৰত প্ৰায় ১৬ শতাংশ নিম্নগামী হৈছিল৷ মাহিলীভিত্তিত ঘৰুৱা যাত্ৰীৰ যাতায়াততো ধীৰে ধীৰে সুস্থিৰ অৱস্থালৈ আহিছে৷ সমীক্ষাত বৰ্তমানে অব্যাহত টীকাকৰণ অভিযানৰ ব্যাপক সম্পৰ্কযুক্ত ক্ষেত্ৰসমূহৰ পুনৰুত্থানৰ অনুমান ব্যক্ত কৰা হৈছে৷

ভাৰতত এফডিআইৰ প্ৰবাহঃ

সমীক্ষা অনুসৰি বৈশ্বিক স্তৰত হোৱা হট্টগোলৰ পিছতো এপ্ৰিল-ছেপ্টেম্বৰ ২০২০ৰ সময়ছোৱাত বাৰ্ষিকভিত্তিত এফডিআই-ৰ প্ৰবাহ ৩৪ শতাংশৰ উল্লেখযোগ্য বৃদ্ধিৰ সৈতে ২৩.৬ বিলিয়ন ডলাৰৰ স্তৰ স্পৰ্শ কৰিছে৷ সমীক্ষা অনুসৰি খুচুৰা ব্যৱসায়, কৃষি সেৱা আৰু শিক্ষাৰ দৰে উপ-ক্ষেত্ৰসমূহতো এফডিআই-ৰ প্ৰবাহ স্থিৰ হৈছে৷ বিশ্ব বিনিয়োগ প্ৰতিবেদন ২০২০ অনুসৰি বিশ্বৰ সবাতোকৈ অধিক এফডিআই লাভ কৰা দেশসমূহৰ সূচীত ভাৰত ২০১৮ৰ ১২ নং স্থানৰ পৰা  ২০১৯ চনত  ৯ নং স্থানলৈ উপনীত হৈছে৷

 

জিবিএঃ

সমীক্ষা অনুসৰি ভাৰতৰ জিবিএ-ত ৫৪ শতাংশ আৰু এফডিআই প্ৰবাহত ৮০ শতাংশ অৱদানৰ জৰিয়তে বৰ্তমানৰ সেৱা খণ্ডৰ গুৰুত্ব অনুধাৱন কৰিব পৰা হৈছে৷ ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ১৫খন মুঠ ৰাজ্য মূল্য সংবৰ্ধনৰ অৱদান ৫০ শতাংশতকৈও অধিক হৈছে৷ আনহাতে দিল্লী আৰু চণ্ডীগড়ত এই সংখ্যা আৰু অধিক হোৱা পৰিলক্ষিত হৈছে৷

 

পৰ্যটন খণ্ডঃ

সমীক্ষা অনুসৰি ক’ভিড-১৯ৰ ফলত পৰ্যটন খণ্ড নিম্নগামী হৈছে আৰু বৰ্তমানে অব্যাহত টীকাকৰণ অভিযানৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পুনৰুত্থানৰ অনুমান কৰা হৈছে৷ ই-পৰ্যটক ভিছাৰ ব্যৱস্থা ২০১৪ৰ ৪৬খন দেশৰ পৰা বৃদ্ধি হৈ ১৬৯ খন দেশত হোৱাৰ পৰা ভাৰতলৈ ই-ভিছাত অহা বিদেশী পৰ্যটকৰ সংখ্যা ২০১৫ৰ ৪.৪৫ লাখৰ পৰা বৃদ্ধি হৈ ২০১৯ চনত ২৯.২৮ লাখ হৈছে৷

 

আইটি-বিপিএম সেৱাঃ

সমীক্ষা অনুসৰি বৰ্ষ ২০২০-২১ত বিভিন্ন সংৰচনাগত সংস্কাৰ সাধন হৈছে৷ আইটি-বিপিএম উদ্যোগে উদ্ভাৱন আৰু দক্ষতা বৃদ্ধিৰ বাবে অ’এছপি দিশ নিৰ্দেশ আৰু নিউ আম্ব্ৰেলা এণ্টিটিক নমনীয়তা প্ৰদান কৰাৰ দ্বাৰা নীতিগত সংস্কাৰক স্বাগতম জনোৱা হৈছে৷

 

ষ্টাৰ্ট-আপ পৰিবেশ তন্ত্ৰঃ

সমীক্ষা অনুসৰি ক’ভিড-১৯ মহামাৰীৰ পিছতো ভাৰতৰ ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ বিকশিত হোৱা দেখা গৈছে৷ বিগত বৰ্ষত ১২টা নতুন ইউনিকৰ্ন সৃষ্টিৰ জৰিয়তে মুঠ ৩৮টা হৈছে৷

 

নৌ পৰিবহণঃ

সমীক্ষাত কোৱা হৈছে যে  বন্দৰলৈ জাহাজ অনা-নিয়াৰ সময় ২০১০-১১ৰ ৪.৬৭ দিনৰ তুলনাত প্ৰায় অৰ্ধেক হৈ ২০১৯-২০ত ২.৬২ দিন হৈছে৷

 

মহাকাশ খণ্ডঃ

সমীক্ষা অনুসৰি বিগত ছটা দশত ভাৰতৰ মহাকাশ খণ্ডত প্ৰভূত উত্থান হৈছে৷ ভাৰতে ২০১৯-২০ত মহাকাশ কাৰ্যসূচীত প্ৰায় ১.৮ বিলিয়ন ডলাৰ ব্যয় কৰিছে৷

 

**********

RM/DJN/MANN



(Release ID: 1693443) Visitor Counter : 171