প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আবু ধাবিৰ যুৱৰাজ আৰু ইউএইৰ সশস্ত্ৰ বাহিনীৰ উপ সৰ্বোচ্চ কমাণ্ডাৰ শ্বেখ মহম্মদ বিন জায়েদ আল নাহ্যনৰ সৈতে বাৰ্তালাপ কৰে

प्रविष्टि तिथि: 28 JAN 2021 8:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আবু ধাবিৰ যুৱৰাজ আৰু ইউএইৰ সশস্ত্ৰ বাহিনীৰ উপ সৰ্বোচ্চ কমাণ্ডাৰ শ্বেখ মহম্মদ বিন জায়েদ আল নাহ্যনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে

 

দুয়োগৰাকী নেতাই দেশ দুখনত কভিড মহামাৰীৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে আৰু এনে এক সংকটৰ সময়তো ভাৰত আৰু ইউএইৰ মাজত সহযোগিতা বন্ধ নোহোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। 

 

তেওঁলোকে কভিড মহামাৰীৰ পিছত বিশ্বত ভাৰত-ইউএইৰ মাজৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ঘনিষ্ঠ পৰামৰ্শ আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়। এই সন্দৰ্ভত তেওঁলোকে ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কক অধিক বিবিধ কৰাৰ সুযোগৰ বিষয়ে আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ইউএইত বসবাস কৰা ভাৰতীয়সকলৰ কল্যাণৰ বাবে মহম্মদ বিন জায়েদ আল নাহ্যনে গ্ৰহণ কৰা ব্যক্তিগত উদ্যোগ আৰু যত্নৰ বাবে বিশেষভাৱে প্ৰশংসা কৰে।

  

দুয়োগৰাকী নেতাই আশা প্ৰকাশ কৰে যে কভিড সংকট সোনকালে দূৰ হ'ব আৰু অদূৰ ভৱিষ্যতে তেওঁলোকে ব্যক্তিভাৱে লগ পোৱাৰ বাবে অপেক্ষা কৰি আছে।

 

********

DS/AKJ/KG


(रिलीज़ आईडी: 1693073) आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam