স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২০ দিন ধৰি ভাৰতৰ দৈনিক আৰোগ্য লাভে অতিক্ৰম কৰি আহিছে দৈনিক নতুন ঘটনাক

যোৱা ৭ দিন ধৰি প্ৰতি নিযুত জনসংখ্যাত সৰ্বনিম্ন নতুন ঘটনা আৰু নতুন মৃত্যুৰ ঘটনা লাভ কৰা দেশসমূহৰ অন্যতম হৈ আহিছে ভাৰত

Posted On: 27 JAN 2021 11:56AM by PIB Guwahati

ভাৰতৰ দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে। যোৱা ২০ দিন ধৰি দৈনিক আৰোগ্য লাভে অতিক্ৰম কৰি আহিছে দৈনিক নতুন ঘটনাক

আজি মুঠ আৰোগ্য লাভৰ ঘটনা হয় ১,০৩,৫৯,৩০৫ টা।

যোৱা ২৪ ঘন্টাত ১৩,৩২০ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হয়। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯৬.৯১% লৈ বৃদ্ধি পাইছে।

এই লেখে যোৱা কেইটামান সপ্তাহত দেশখনৰ সক্ৰিয় ঘটনাৰ সংখ্যাৰ দৈনিক পৰিৱৰ্তন সূচিত কৰিছে। যোৱা ২৪ ঘন্টাত ৰাষ্ট্ৰীয় টেলীত ১২,৬৮৯ টা দৈনিক নতুন ঘটনা সংযোজিত হয়।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ১,৭৬,৪৯৮ টা।

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ১.৬৫%।

যোৱা ৭ দিন ধৰি প্ৰতি নিযুত জনসংখ্যাত দৈনিক নতুন ঘটনা সৰ্বনিম্ন হৈ থকা ৰাষ্ট্ৰসমূহৰ অন্যতম হৈ আহিছে ভাৰত (৬৯)।

কেন্দ্ৰ-নেতৃত্বাধীন টেষ্ট, ট্ৰেক, ট্ৰিট, টেকন’ল’জিৰ অতিশয় সক্ৰিয় আৰু সুকৌশলী ব্যৱস্থাৰে এনে উসাহজনক ফলাফল লাভ কৰাটো সম্ভৱ হৈ উঠিছে। কেন্দ্ৰৰদ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড অৱ কেয়াৰ প্ৰট’কলৰ জৰিয়তে উচ্চ মানদণ্ডৰ মেডিকেল কেয়াৰৰ সংমিশ্ৰণত অধিক ও আগ্ৰাসী টেষ্টিং, দ্ৰুত নিৰীক্ষণ ও ট্ৰেকিঙেৰে আৰম্ভণিতে চিনাক্তকৰণ, হ’ম আইছ’লেশ্যনৰ তত্বাৱধানত আৰোগ্য লাভৰ অধিক সংখ্যা লাভ কৰা হৈছে।

চিকিসালয়, হ’ম আইছ’লেশ্যন তত্বাৱধানত উন্নীত আৰু ফলপ্ৰসূ ক্লিনিকেল ট্ৰিটমেন্ট, অ-আক্ৰমণাত্মক অক্সিজেন চাপ’ৰ্টৰ ব্যৱহাৰ, ষ্টেৰয়ড, এন্টিক’গুলেন্টৰ ব্যৱহাৰ আৰু দ্ৰুত আৰু সময়োচিত চিকিসাৰ অৰ্থে ৰোগীসকলক কঢ়িয়াবলৈ এম্বুলেন্সৰ সেৱা উন্নত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে নিৰলস প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক সঠিক পৰিমাণৰ ভেন্টিলেটৰ, পিপিই কিট, ড্ৰাগছ ইত্যাদিৰে সহায় আগবঢ়াইছে। আশা কৰ্মীসকলৰ নিৰলস প্ৰচেষ্টাই হ’ম আইছ’লেশ্যন তত্বাৱধানত ৰোগীসকলৰ ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেকিং অগ্ৰগতি নিশ্চিত কৰিছে।

টেলিমেডিচিন সেৱাসমূহৰ বাবে সক্ষম ডিজিটেল প্লেটফৰ্ম ‘ই সঞ্জীৱনী’এ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধত সফল হোৱাৰ সমান্তৰালভাৱে একেসময়তে অনা-ক’ভিড অতি প্ৰয়োজনীয় হেল্থকেয়াৰৰ বিধান আগবঢ়াইছে। তদুপৰি কেন্দ্ৰই চিকিসক পৰিচালিত আইচিইউসমূহৰ ক্লিনিকেল ব্যৱস্থাপনা সামৰ্থ্য নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। এইমছ, নতুন দিল্লীৰ ডমেইন বিশেষজ্ঞসকলৰদ্বাৰা ৰূপায়ণ কৰা ‘নেশ্যনেল ই-আইচিইউ অন ক’ভিড-১৯ মেনেজমেন্ট’ ব্যৱস্থাই ইয়াত নিৰলসভাৱে সহায় আগবঢ়াই আহিছে।

২০২১ ৰ ২৭ জানুৱাৰীৰ পুৱা ৮ বজা পৰ্যন্ত, দেশজোৰা ক’ভিড-১৯ ৰ টিকাদান কাৰ্যক্ৰমটোৰ অধীনত ২০ লাখৰো অধিক (২০,২৯,৪৮০) হিতাধিকাৰীয়ে টিকা লাভ কৰিছে।

যোৱা ২৪ ঘন্টাত, ১৯৪ ছেচনজুৰি ৫,৬৭১ জন লোকে টিকা লাভ কৰিছে। অদ্যপি ৩৬,৫৭২ ছেচন সম্পন্ন কৰা হৈছে।

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

টিকা প্ৰদান কৰা হিতাধিকাৰী

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

২,৩৬৯

অন্ধ্ৰ প্ৰদেশ

১,৫৬,১২৯

অৰুণাচল প্ৰদেশ

৭,৩০৭

অসম

১৯,৮৩৭

বিহাৰ

৮৮,৪৫০

চণ্ডীগড়

১,৯২৮

চত্তীশগড়

৪০,০২৫

দাদৰা ও নগৰ হাভেলী

৩৪৫

দমন ও ডিউ

৩২০

১০

দিল্লী

৩৩,২১৯

১১

গোৱা

১,৭৯৬

১২

গুজৰাট

৯১,৯২৭

১৩

হাৰিয়ানা

১,০৫,৪১৯

১৪

হিমাচল প্ৰদেশ

১৩,৫৪৪

১৫

জম্মু ও কাশ্মীৰ

১৬,১৭৩

১৬

ঝাড়খণ্ড

১৮,৪১৩

১৭

কৰ্ণাটক

২,৩১,৬০৭

১৮

কেৰালা

৭১,৯৭৩

১৯

লাডাখ

৬৭০

২০

লক্ষদ্বীপ

৬৭৬

২১

মধ্য প্ৰদেশ

৬৭,০৮৩

২২

মহাৰাষ্ট্ৰ

১,৩৬,৯০১

২৩

মণিপুৰ

২,৪৮৫

২৪

মেঘালয়

২,৭৪৮

২৫

মিজোৰাম

৪,৮৫২

২৬

নাগালেণ্ড

৩,৬৭৫

২৭

উৰিষ্যা

১,৭৭,০৯০

২৮

পুডুচেৰী

১,৮১৩

২৯

পঞ্জাৱ

৩৯,৪১৮

৩০

ৰাজস্থান

১,৬১,৩৩২

৩১

ছিকিম

১,০৪৭

৩২

তামিল নাডু

৭৩,৯৫৩

৩৩

তেলেংগানা

১,৩০,৪২৫

৩৪

ত্ৰিপুৰা

১৯,৬৯৮

৩৫

উত্তৰ প্ৰদেশ

১,২৩,৭৬১

৩৬

উত্তৰাখণ্ড

১৪,৫৪৬

৩৭

পশ্চিম বংগ

১,২২,৮৫১

৩৮

অন্যান্য

৪৩,৬৭৫

মুঠ

২০,২৯,৪৮০

 

লাভ কৰা নতুন আৰোগ্য লাভৰ ঘটনাৰ ৮৪.৫২% হৈছে ৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৫,২৯০ টা নতুন আৰোগ্য লাভৰ ঘটনাৰে এদিনত আৰোগ্য লাভৰ সংখ্যা কেৰালাত সৰ্বাধিক। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ২,১০৬ লোকে আৰোগ্য লাভৰ সমান্তৰালভাৱে ইয়াৰ পাছতেই কৰ্ণাটকত আৰোগ্য লাভৰ সংখ্যা হৈছে ৭৩৮ টা।

নতুন ঘটনাৰ ৮৪.৭৩% হৈছে ৭ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

কেৰালাত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬,২৯৩ টা। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত এই সংখ্যা ২,৪০৫ টাৰ সমান্তৰালভাৱে কৰ্ণাটকত নতুন ঘটনাৰ সংখ্যা ৫২৯ টা।

নতুন মৃত্যুৰ ঘটনাৰ ৮৩.৯৪% সাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৪৭ টা। ইয়াৰ পাছতেই থকা কেৰালাত দৈনিক মৃত্যুৰ ঘটনা ১৯ আৰু চত্তীশগড়ত ১৪ টা।

যোৱা ৭ দিন ধৰি ভাৰতত প্ৰতি নিযুত জনসংখ্যাত মাত্ৰ ১ টা মৃত্যুৰ ঘটনা লাভ কৰি অহা হৈছে।

****

MV/SJ/SB



(Release ID: 1692868) Visitor Counter : 194