গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰীক্ষণ, প্ৰতিৰোধ আৰু সতৰ্কতাৰ বাবে নিৰ্দেশাৱলী জাৰি কৰিছে

ক’ণ্টেইনমেন্ট জ’নৰ বাহিৰত সকলো গতিবিধিত অনুমতি

প্ৰতিৰোধী ব্যৱস্থাসমূহ পালন আৰু বিভিন্ন গতিবিধিত এছঅ’পি অব্যাহত ৰাখিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ

Posted On: 27 JAN 2021 6:11PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰীক্ষণ, প্ৰতিৰোধ আৰু সতৰ্কতাৰ বাবে আজি এক নিৰ্দেশাৱলী জাৰি কৰিছে। এই নিৰ্দেশাৱলী ১ ফেব্ৰুৱাৰী,২০২১ৰ পৰা ২৮ ফেব্ৰুৱাৰী,২০২১লৈ কাৰ্যকৰী হব।

নিৰ্দেশাৱলীৰ প্ৰধান উদ্দেশ্য হল কভিড-১৯ৰ সংক্ৰমণৰ বিৰুদ্ধে লাভ কৰা সফলতাৰ ধাৰাক আগুৱাই নিয়া। যোৱা চাৰিটা মাহত দেশত সক্ৰিয় আৰু নতুন সংক্ৰমণৰ ঘটনা নিৰন্তৰভাৱে হ্ৰাস পোৱা পৰিঘটনাৰ পৰাই সফলতাৰ প্ৰমাণ পোৱা গৈছে। মহামাৰীৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে উদ্ধাৰ পাবলৈ সাৱধানতা অটুট ৰখা আৰু নিৰীক্ষণ, প্ৰতিৰোধ তথা সতৰ্কতাৰ বাবে জাৰি কৰা নিৰ্দেশাৱলী কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই ক্ষেত্ৰত নিৰ্দেশাৱলী আৰু এছঅপি জাৰি কৰিছে।

 

নিৰীক্ষণ আৰু প্ৰতিৰোধঃ

  • আৱশ্যক অনুসৰি জিলা প্ৰশাসনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলীসমূহৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেইনমেন্ট জনত সুক্ষ্ম পৰ্যায়ত সতৰ্কতাৰে সীমা অংকণ কৰিব পাৰে। সীমা নিৰ্ধাৰিত কণ্টেইনমেন্ট জনৰ ভিতৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰদ্বাৰা জাৰি কৰা প্ৰতিৰোধী ব্যৱস্থাসমূহ অতি সতৰ্কতাৰে পালন কৰা হব।
  • স্থানীয় জিলা প্ৰশাসন, আৰক্ষী আৰু পৌৰ নিগম কৰ্তৃপক্ষই এই প্ৰতিৰোধী ব্যৱস্থাসমূহ কঠোৰভাৱে পালনৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই ক্ষেত্ৰত বিষয়াসকলৰ দায়িত্ব নিশ্চিত কৰিব।

ভিড-উপযুক্ত আচৰণঃ

  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কভিড-১৯ৰ উপযুক্ত আচৰণ প্ৰচাৰৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু ফেচ মাস্ক পিন্ধা, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো নিশ্চিত কৰিব।
  • ভিড-১৯ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নীতি-নিয়মসমূহ দেশৰ সকলো প্ৰান্তত অব্যাহত থাকিব।

নিৰ্ধাৰিত এছঅপিৰ সঠিক পালনঃ

  • নিম্নোক্ত নিয়মসমূহৰ বাহিৰে কণ্টেইনমেন্ট জনৰ বাহিৰত সকলো গতিবিধিত অনুমতি জনোৱা হৈছে:
    • সামাজিক/ধৰ্মীয়/ক্ৰীড়া/বিনোদন/শিক্ষা/সংস্কৃতি/ধৰ্মীয় অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহৰ সক্ষমতাৰ ৫০শতাংশ লোকৰ সমাগমত ইতিমধ্যে অনুমতি দিয়া হৈছে। একেদৰে, বন্ধ স্থানত গ্ৰাইণ্ড অথবা স্পেচৰ পৰিধিৰ ওপৰত ভিত্তি কৰি ২০০ ব্যক্তিৰ সমাগমত অনুমতি দিয়া হৈছিল। এতিয়া ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এছঅপিৰ প্ৰতি লক্ষ্য ৰাখি এইধৰণৰ সমাগমত অনুমতি দিয়া হব।
    • চিনেমাগৃহ আৰু থিয়েটাৰক ৫০ শতাংশ দৰ্শকেৰে মুকলি কৰিবলৈ ইতিমধ্যে অনুমতি দিয়া হৈছে। এতিয়া তেওঁলোকক অধিক আসন ক্ষমতাৰে কাম পৰিচালনা কৰাৰ নিৰ্দেশ দিয়া হব, যাৰ বাবে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এক সংশোধিত এছঅপি জাৰি কৰিব।
    • ক্ৰীড়াবিদৰ ব্যৱহাৰৰ বাবে ছুইমিং পুল মুকলি কৰিবলৈ ইতিমধ্যে অনুমতি দিয়া হৈছে। এতিয়া সকলো ব্যৱহাৰকাৰীৰ বাবে ছুইমিং পুল মুকলি কৰাৰ অনুমতি লাভ কৰিব, যাৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এক সংশোধিত এছঅপি জাৰি কৰিব।
    • বিজনেছ টু বিজনেছ(বিটুবি) প্ৰদৰ্শনী প্ৰেক্ষাগৃহ মুকলি কৰাৰ অনুমতি ইতিমধ্যে দিয়া হৈছিল।  এতিয়া  সকলো ধৰণৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ মুকলি কৰিব পাৰিব, যাৰ বাবে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এক সংশোধিত এছঅপি জাৰি কৰিব।
  • যাত্ৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান ভ্ৰমণ পুনৰ মুকলিৰ ক্ষেত্ৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ সৈতে পৰামৰ্শক্ৰমে পৰিস্থিতি অনুসৰি এক সিদ্ধান্ত গ্ৰহণ কৰিব।
  • সময় সময়ে সলনি হোৱা এছঅপি বিভিন্ন গতিবিধিৰ বাবে নিৰ্ধাৰিত কৰা হৈছে। ইয়াৰ ভিতৰত আছেঃ যাত্ৰীবাহী ৰেলৰ চলাচল, বিমান ভ্ৰমণ, মেট্ৰ ৰেলসেৱা, স্কুল, উচ্চ শিক্ষা প্ৰতিষ্ঠান, হোটেল আৰু ৰেষ্টুৰেণ্ট, শ্বোপিং মল, মাল্টিপ্লেক্স আৰু বিনোদনমূলক উদ্যান, যোগ কেন্দ্ৰ আৰু জিম ইত্যাদি।

স্থানীয় সীমাবদ্ধতাসমূহঃ

  • আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত কোনো ব্যক্তিৰ চলাচল অথবা সামগ্ৰীৰ সৰবৰাহত কোনো সীমাবদ্ধতা নাথাকিব। এইধৰণৰ গতিবিধিৰ বাবে কোনো পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজন নাই।

দূৰ্বল তথা সংবেদনশীল লোকৰ সুৰক্ষাঃ

  • ৬৫বছৰ বয়সৰ ওপৰৰ লোক, আন ৰোগত আক্ৰান্ত লোক, গৰ্ভৱতী মহিলা আৰু ১০বছৰ বয়সৰ তলৰ শিশুক প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ পৰামৰ্শ দিয়া হৈছে।

আৰোগ্য সেতুৰ ব্যৱহাৰঃ

  • আৰোগ্য সেতু মোবাইল এপছ ব্যৱহাৰ কৰিবলৈ উদগণি যোগোৱা হব।

*******

NDW/RK/PK/AD/DDD/MS



(Release ID: 1692856) Visitor Counter : 210