ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে ৭২তম গণতন্ত্ৰ দিৱসৰ প্ৰাক্ সন্ধ্যা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণ

Posted On: 25 JAN 2021 7:41PM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল,

নমস্কাৰ!

 

বিশ্বৰ সবাতোকৈ বৃহৎ আৰু প্ৰাণৱন্ত গণতন্ত্ৰৰ ৭২তম গণতন্ত্ৰ দিৱসৰ প্ৰাক্ সন্ধ্যাত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো! বৈচিত্ৰতাৰে সমৃদ্ধ আমাৰ দেশত অনেক উৎসৱ পালন কৰা হয় আৰু বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় উৎসৱসমূহক সকলো দেশবাসীয়ে ৰাষ্ট্ৰপ্ৰেমৰ ভাৱনাৰে পালন কৰে৷ গণতন্ত্ৰ দিৱসৰ ৰাষ্ট্ৰীয় উৎসৱো আমি সম্পূৰ্ণ উৎসাহেৰে পালন কৰি, নিজৰ ৰাষ্ট্ৰীয় পতাকা তথা সংবিধানৰ প্ৰতি সন্মান আৰু আস্থা প্ৰকাশ কৰো৷

 

আজিৰ দিনটো দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়ৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ দিন৷ আজিৰ দিনটোতেই ৭১ বৰ্ষ পূৰ্বে আমি ভাৰতীয়সকলে আমাৰ অদ্বিতীয় সংবিধানক গৃহীত, অধিনিয়মিত তথা নিজৰ বাবে অৰ্পণ কৰিছিলো৷ সেয়ে আজিৰ দিনটো আমাৰ সকলোৰে বাবে সংবিধানৰ আধাৰভূত জীৱন-মূল্য গভীৰতাৰে চিন্তা কৰাৰ সুযোগ হিচাপে বিবেচিত হৈছে৷ সংবিধানৰ উদ্দেশ্যাৱলীত ৰেখাংকিত ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু বন্ধুত্বৰ জীৱন-মূল্য আমাৰ সকলোৰে বাবে এক আদৰ্শ৷ কেৱল শাসনৰ দায়িত্ব পালন কৰা লোকেই নহয় বৰঞ্চ আমি সকলো সাধাৰণ নাগৰিকেও এই আদৰ্শ দৃঢ়তাৰে, নিষ্ঠাৰে পালন কৰাটো ইয়াত আশা কৰা হৈছে৷  গণতন্ত্ৰক আধাৰ প্ৰদান কৰা এই চাৰিটা মূল্যবোধৰ ধাৰণাক সংবিধানৰ প্ৰাৰম্ভতেই ৰখাৰ সিদ্ধান্ত আমাৰ  গণ্যমান্য সংবিধান প্ৰণেতাসকলে বহু চিন্তা-চৰ্চা কৰি গ্ৰহণ কৰিছিল৷ বাল গংগাধৰ ‘তিলক’, লালা লাজপৎ ৰায়, মহাত্মা গান্ধী আৰু সুভাষ চন্দ্ৰ বসুৰ দৰে অনেক মহান জননায়ক আৰু চিন্তাবিদে আমাৰ স্বতন্ত্ৰতা সংগ্ৰামক অনুপ্ৰেৰিত কৰিছিল৷ মাতৃভূমিৰ স্বৰ্ণিল ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ পৰিকল্পনা পৃথক পৃথক আছিল যদিও ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু মৈত্ৰীত্বৰ মূল্যবোধৰ প্ৰতি তেওঁলোকৰ সপোনক একেডাল সূতাতে বান্ধিবলৈ প্ৰয়াস কৰিছিল৷ মই ভাবো যে আমি সকলোৱে অতীতলৈ গৈ এয়া অনুধাৱন কৰা উচিত যে এই মূল্যবোধ আমাৰ ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ বাবে কিয় আদৰ্শ হৈ পৰিছিল? ইয়াৰ উত্তৰ স্পষ্ট যে অনাদি কালৰ পৰা,  এই ভূমি আৰু  ইয়াৰ সভ্যতাই এই জীৱন-মূল্যক সজ্জিত কৰি আহিছে৷ ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু বন্ধুত্ব আমাৰ জীৱন দৰ্শনৰ শ্বাস্বত সিদ্ধান্ত৷ ইয়াৰ নিৰৱচ্ছিন্ন প্ৰবাহে,  সভ্যতাৰ আৰম্ভণিৰ পৰাই আমাৰ সকলোৰে জীৱনক সমৃদ্ধ কৰি আহিছে৷ প্ৰতিটো নতুন প্ৰজন্মৰ  দায়িত্ব হৈছে সময়ৰ লগে লগে এই মূল্যবোধৰ সাৰ্থকতা স্থাপন কৰা৷ আমাৰ স্বতন্ত্ৰতা সেনানীসকলে এই দায়িত্ব নিজৰ সময়ত অতিশয় পাৰদৰ্শিতাৰে পালন কৰিছিল৷ ঠিক সেইদৰে আজিৰ সময় আমিও সেই মূল্যবোধক সাৰ্থক আৰু উপযোগী কৰি তুলিব লাগিব৷ সেই সিন্ধান্তসমূহৰ আলোকিত পথত, আমাৰ বিকাশ যাত্ৰা নিৰন্তৰে প্ৰবাহমান হৈ থাকিব লাগিব৷

 

মোৰ মৰমৰ দেশবাসীসকল,

 

এই বিশাল জনসংখ্যাৰ আমাৰ দেশৰ খাদ্যান্ন তথা দুগ্ধজাত সামগ্ৰীৰ উৎপাদনত আত্মনিৰ্ভৰ কৰি তোলা আমাৰ কৃষক ভাই-ভনীসকলক সমূহ দেশবাসীয়ে হৃদয়েৰে অভিনন্দন জনাইছে৷ প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতি, অনেক প্ৰত্যাহ্বান আৰু ক’ভিডৰ বিপদৰ মাজতো আমাৰ কৃষক ভাই-ভনীসকলে কৃষি উৎপাদনত কোনো ধৰণে অভাৱৰ সন্মুখীন হ’বলৈ দিয়া নাই৷ এই কৃতজ্ঞ দেশ আমাৰ অন্নদাতা কৃষকসকলৰ কল্যাণৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিৱদ্ধ৷ যিধৰণে আমাৰ পৰিশ্ৰমী কৃষকে দেশৰ খাদ্য সুৰক্ষাক সুনিশ্চিত কৰাত সফল হৈছে, ঠিক সেইদৰে আমাৰ সেনাসকলেও কঠোৰ পৰিস্থিতিতো দেশৰ সীমাৰ সুৰক্ষা প্ৰদান কৰি আহিছে৷ লাডাখত স্থিত ছিয়াচিন আৰু গালৱান উপত্যকাত মাইনাছ ৫০ৰ পৰা ৬০ ডিগ্ৰী ছেণ্টিগ্ৰেড তাপমানত, বৰফেৰে ভৰা শীতাৰ্ত পৰিবেশৰ পৰা আৰম্ভ কৰি জয়ছালমেৰত ৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডতকৈও ওপৰৰ তাপমানৰ উষ্ণতাত-ভূমি, আকাশ আৰু বিশাল জলৰাশিত- আমাৰ সেনাসকলে ভাৰতৰ সুৰক্ষাৰ দায়িত্ব প্ৰতিপলে পালন কৰি আহিছে৷ আমাৰ সেনাসকলৰ সাহসিকতা, দেশ প্ৰেম আৰু বলিদানক লৈ আমি সকলো দেশবাসীয়ে গৌৰৱবোধ কৰো৷ খাদ্য সুৰক্ষা, সেনা সুৰক্ষা, প্ৰাকৃতিক বিপদ তথা ৰোগৰ পৰা সুৰক্ষা তথা বিকাশৰ বিভিন্ন ক্ষেত্ৰত আমাৰ বৈজ্ঞানিকসকলে নিজৰ অৱদানেৰে ৰাষ্ট্ৰীয় প্ৰয়াসক সৱলীকৃত কৰিছে৷ মহাকাশৰ পৰা আৰম্ভ কৰি খেতি-বাতিলৈ, শিক্ষণ সংস্থাৰ পৰা আৰম্ভ কৰি চিকিৎসালয়লৈ, বৈজ্ঞানিক সমাজে আমাৰ জীৱন আৰু কাম-কাজৰ মান উন্নত কৰিছে৷ অহৰ্নিশে পৰিশ্ৰম কৰি ক’ৰোনা ভাইৰাছক ‘ডি-কোড’ কৰি তথা অতিশয় কম সময়ৰ ভিতৰত প্ৰতিষেধক বিকশিত কৰি আমাৰ বৈজ্ঞানিকসকলে সমগ্ৰ মানৱতাৰ কল্যাণৰ হেতু এক নতুন ইতিহাস ৰচনা কৰিছে৷ দেশত এই মহামাৰীৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ তথা বিকশিত দেশসমূহৰ তুলনাত মৃত্যুৰ হাৰ সীমিত ৰখাৰ ক্ষেত্ৰত আমাৰ বৈজ্ঞানিকসকলে চিকিৎসক, প্ৰশাসন আৰু অন্য লোকৰ সৈতে ঐক্যৱদ্ধভাৱে অমূল্য অৱদান আগবঢ়াইছে ঠিক সেইদৰে আমাৰ সকলো কৃষক, জোৱান আৰু বৈজ্ঞানিক বিশেষ অভিনন্দনৰ পাত্ৰ আৰু কৃতজ্ঞ ৰাষ্ট্ৰই গণতন্ত্ৰৰ দিৱসৰ এই শুভক্ষণত এই সতীৰ্থসকলক অভিনন্দন জনাইছে৷

 

মৰমৰ দেশবাসীসকল,

যোৱা বৰ্ষত যেতিয়া সমগ্ৰ মানৱতা এক ব্যাপক বিপদৰ সন্মুখীন হৈ থমকি ৰৈছিল, সেই সময়ত মই ভাৰতীয় সংবিধানৰ মূল তত্বৰ ওপৰত মন্থন কৰিছিলো৷ মই ভাবো যে আমাৰ সাংবিধানিক মৈত্ৰীৰ আদৰ্শৰ ভিত্তিতেই, এই সংকটৰ  সন্মুখীন হোৱাটো সম্ভৱ হৈছে৷ ক’ৰোনা ভাইৰাছৰূপী শত্রুৰ সন্মুখত দেশবাসীসকলে পৰিয়ালৰ দৰে ঐক্যৱদ্ধভাৱে অনুকৰণীয় ত্যাগ, সেৱা তথা বলিদানৰ পৰিচয় দি পৰস্পৰে পৰস্পৰক ৰক্ষা কৰিছে৷ মই ইয়াত সেই চিকিৎসক, নাৰ্ছ, স্বাস্থ্য-কৰ্মী, স্বাস্থ্য সেৱাৰ সৈতে জড়িত প্ৰশাসক আৰু চাফাই-কৰ্মীসকলৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো যিয়ে নিজৰ জীৱন বিপদাপন্ন কৰিও পীড়িতসকলৰ শুশ্ৰূষা কৰিছে৷ বহুতে নিজৰ প্ৰাণ হেৰুৱাইছে৷ এই মহামাৰীয়ে দেশৰ প্ৰায় ডেৰ লাখ নাগৰিকক নিজৰ কঠোৰ হাতোৰাত সামৰি ল’লে৷ সেই সকলো শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মই মোৰ সমবেদনা প্ৰকাশ কৰিছো৷ ক’ৰোনাৰ এই যুদ্ধত সন্মুখৰ শাৰীৰ যোদ্ধাৰ ৰূপত আমাৰ সাধাৰণ নাগৰিকে অসাধাৰণ ভূমিকা পালন কৰিছে৷ আগন্তুক প্ৰজন্মই যেতিয়া এই ইতিহাস অধ্যয়ন কৰিব, এই আকস্মিক সংকট যি সাহসেৰে আপোনালোকে সন্মুখীন হৈছে, তাৰ প্ৰতি তেওঁলোক শ্ৰদ্ধাৰে নতশিৰ হৈ পৰিব৷

ভাৰতৰ ঘন জনবসতি, সাংস্কৃতিক পৰম্পৰাৰ বৈচিত্ৰতা তথা প্ৰাকৃতিক আৰু ভৌগোলিক প্ৰত্যাহ্বানৰ ফলত, ক’ৰোনাৰ পৰা ৰক্ষা উপায় উলিওৱাটো আমাৰ সকলোৰে বাবে এক প্ৰত্যাহ্বানমূলক কাম আছিল৷ প্ৰত্যাহ্বানৰ পিছতো এই ভাইৰাছৰ প্ৰকোপ হ্ৰাস কৰাত আমি যথেষ্ট সফল হৈছো৷ এই গুৰুতৰ প্ৰত্যাহ্বানৰ পিছতো আমি অনেক ক্ষেত্ৰত নিজৰ কাৰ্যকলাপ সফলতাৰে আগুৱাই নিছো৷ এই মহামাৰীৰ ফলত আমাৰ শিশু তথা যুৱচামৰ শিক্ষা প্ৰক্ৰিয়া ব্যাহত হোৱাৰ শংকাই দেখা দিছিল৷ কিন্তু আমাৰ সংস্থাসমূহ আৰু শিক্ষকসকলে নতুন প্ৰযুক্তিক ক্ষীপ্ৰতাৰে আঁকোৱালি এয়া সুনিশ্চিত কৰিছে যাতে বিদ্যাৰ্থীসকলৰ শিক্ষা নিৰন্তৰে অব্যাহত থাকে৷ বিহাৰৰ দৰে ঘন জনবসতিপূৰ্ণ ৰাজ্য তথা জম্মু-কাশ্মীৰ আৰু লাডাখৰ দৰে দুৰ্গম তথা প্ৰত্যাহ্বানমূলক ঠাইত স্বতন্ত্ৰ, নিৰপেক্ষ আৰু সুৰক্ষিত নিৰ্বাচন সম্পন্ন কৰোৱাটো আমাৰ গণতন্ত্ৰ তথা নিৰ্বাচন আয়োগৰ এক প্ৰশংসনীয় কাৰ্য হিচাপে বিবেচিত হৈছে৷ প্ৰযুক্তিৰ সহায়ত ন্যায়পালিকাই ন্যায় প্ৰদান কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ সফলতাৰ এনে ধাৰাৰ সূচী যথেষ্ট দীঘল৷

 

আৰ্থিক গতিবিধি আৰম্ভ কৰাৰ বাবে আনলকিং প্ৰক্ৰিয়া সাৱধানতাৰ সৈতে পৰ্যায়ক্ৰমে প্ৰণয়ন কৰা হৈছে৷ এই প্ৰক্ৰিয়া কাৰ্যকৰী প্ৰতীয়মান হৈছে তথা অৰ্থ ব্যৱস্থা পুনৰ শক্তিশালী হোৱাৰ ইংগিত পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ সূচনা কৰা জিএছটিৰ ৰেকৰ্ড বৃদ্ধি  আৰু বৈদেশিক বিনিয়োগৰ বাবে আকৰ্ষণীয় অৰ্থব্যৱস্থাৰ ৰূপত ভাৰত উদ্ভাসিত হোৱাৰ জৰিয়তে দ্ৰুত গতিত ‘অৰ্থনৈতিক পুনৰুদ্ধাৰ’ সূচীত হৈছে৷ চৰকাৰে মজলীয়া আৰু লঘূ উদ্যোগক উৎসাহিত কৰিছে; সহজ ঋণ প্ৰদান কৰি উদ্যমশীলতাক প্ৰসাৰিত কৰিছে আৰু ব্যৱসায়ত উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে অনেক পদক্ষেপ গ্ৰহণ কৰিছে৷  

 

মোৰ মৰমৰ দেশবাসীসকল,

 

বিগত বৰ্ষৰ বিপৰীত পৰিস্থিতিত আমাৰ সেই সংস্কাৰসমূহক জাগ্ৰত কৰা হৈছে যি আমাৰ লোকসকলৰ হৃদয়ত সদায়েই বিৰাজমান হৈছে৷ সময়ৰ দাবীৰ অনুৰূপে, আমাৰ দেশবাসীসকলে প্ৰতিটো ক্ষেত্ৰত নিজৰ ক্ষমতাসমূহ প্ৰদৰ্শিত কৰিছে আৰু নিজতকৈও প্ৰথমে আনক অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ সমস্ত মানৱতাৰ বাবে সহানুভূতি, সেৱা আৰু মৈত্ৰীৰ এই গভীৰ ভাৱনাই সহস্ৰ বৰ্ষজুৰি আমাক একত্ৰিত কৰি ৰাখিছে৷ আমি ভাৰতবাসী মানৱতাৰ বাবে জীয়াবও আৰু মৰিবও পাৰো৷ এই ভাৰতীয় আদৰ্শক মহান কবি মৈথিলী চৰণ গুপ্তই তেওঁৰ শব্দৰ দ্বাৰা এইদৰে ব্যক্ত কৰিছেঃ

উসী উদাৰ কী সদা, সজীৱ কীৰ্তি কুজতী;

তথা উসী উদাৰ কো, সমস্ত সৃষ্টি পুজতী৷

অখণ্ড আত্মভাৱ জো, অসীম বিশ্ব মে ভৰে,

ৱহী মনুষ্য হে কি জো, মনুষ্য কি লিয়ে মৰে৷

মোৰ বিশ্বাস যে মানৱ মাত্ৰৰ বাবে অসীম প্ৰেম আৰু বলিদানৰ এই ভাৱনাই আমাৰ দেশক উন্নতিৰ শিখৰলৈ লৈ যাব৷ মোৰ বিচাৰত ২০২০ চনটোৰ পৰা শিকিবলগীয়া যথেষ্ট আছে৷ যোৱা বৰ্ষটোত প্ৰকৃতিয়ে অতিশয় কম সময়তে নিজৰ স্বচ্ছ আৰু নিৰ্মল স্বৰূপ পুনৰ লাভ কৰিছিল৷ এনে স্বচ্ছ-পৰিষ্কাৰ প্ৰাকৃতিক সৌন্দৰ্য বহু সময়ৰ পিছত পৰিলক্ষিত হৈছে৷ এইদৰে প্ৰকৃতিয়ে এক স্পষ্ট বাৰ্তা প্ৰকাশ কৰিছে যে সৰু সৰু প্ৰয়াস কেৱল আৱশ্যকতাই নহয়, বৰঞ্চ বৃহৎ প্ৰয়াসসমূহৰ পৰিপূৰকো হয়৷ মোৰ বিশ্বাস যে ভৱিষ্যতত  এইদৰে মহামাৰীসমূহৰ ক্ষতিশংকা হ্ৰাস কৰাৰ উদ্দেশ্যৰে, জলবায়ু পৰিৱৰ্তনৰ বিষয়টোক বিশ্বজনীন পৰ্যায়ত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব৷

 

মোৰ মৰমৰ দেশবাসীসকল,

 

বিপদক সম্পদলৈ ৰূপান্তৰিত কৰি প্ৰধানমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আহ্বান জনালে৷ আমাৰ প্ৰাণৱন্ত গণতন্ত্ৰ, আমাৰ কৰ্মঠ আৰু প্ৰতিভাৱান দেশবাসী- বিশেষকৈ আমাৰ যুৱচামে- আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণত আমাৰ প্ৰয়াস সৱলীকৃত কৰিছে৷  সামগ্ৰী আৰু সেৱাৰ বাবে আমাৰ দেশবাসীৰ প্ৰয়োজন পূৰণ কৰাৰ বাবে ঘৰুৱা প্ৰয়াসৰ দ্বাৰা তথা এই প্ৰয়াসত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰাও এই অভিযান সৱলীকৃত কৰিছে৷ এই অভিযানৰ অধীনত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যমিতাক উৎসাহিত কৰি তথা ষ্টাৰ্ট-আপক অধিক শক্তিশালী কৰি আৰ্থিক বিকাশৰ সৈতে ৰোজগাৰ সৃষ্টি কৰাতো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ আত্মনিৰ্ভৰ ভাৰত এক প্ৰকাৰে জন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷  এই অভিযান আমাৰ সেই ৰাষ্ট্ৰীয় সংকল্পসমূহক পূৰণ কৰাত সহায়ক হ’ব য’ত  নতুন ভাৰতৰ পৰিকল্পনাৰ অধীনত দেশৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ পৰ্যন্ত অৰ্থাৎ ২০২২ চন পৰ্যন্ত লক্ষ্য প্ৰাপ্তি নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰতিটো পৰিয়ালক বুনিয়াদী সুবিধাযুক্ত পকী ঘৰ প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ আয় দুগুণ কৰালৈ এনে মহত্বপূৰ্ণ লক্ষ্যৰ দিশত অগ্ৰসৰ হৈ আমি আমাৰ স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষৰ এক ঐতিহাসিক ক্ষণত উপনীত হ’ম৷ নতুন ভাৰতৰ সমাবেশী সমাজৰ নিৰ্মাণ কৰাৰ বাবে আমি শিক্ষা, স্বাস্থ্য, পোষণ, বঞ্চিত বৰ্গৰ উত্থান আৰু মহিলাসকলৰ কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷ প্ৰতিকূল পৰিস্থিতিৰ পৰা কিবা নহয় কিবা এটা যে শিকিব পাৰি সেয়া আমি অনুধাৱন কৰিছো৷ সেইসমূহৰ সন্মুখীন হৈ আমাৰ শক্তি তথা আত্মবিশ্বাস বৃদ্ধি হয়৷ এই আত্মবিশ্বাসৰ সৈতে ভাৰতে বিভিন্ন ক্ষেত্ৰত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ সম্পূৰ্ণ গতিৰে অগ্ৰসৰ হোৱা আমাৰ আৰ্থিক সংস্কাৰৰ পৰিপূৰকৰ ৰূপত নতুন আইন সৃষ্টি কৰি, কৃষি আৰু শ্ৰমৰ ক্ষেত্ৰত এনে সংস্কাৰ সাধন কৰা হৈছে যি দীৰ্ঘ সময়ৰ পৰা প্ৰতীক্ষিত হৈ আছিল৷ প্ৰাৰম্ভিক অৱস্থাত এই সংস্কাৰৰ বিষয়সমূহত আশংকা উৎপন্ন হ’ব পাৰে৷ কিন্তু ইয়াত কোনো সন্দেহ নাই যে কৃষকৰ কল্যাণৰ বাবে চৰকাৰ সম্পূৰ্ণধৰণে সমৰ্পিত৷ সংস্কাৰৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যাপক সংস্কাৰ উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে৷ এই সংস্কাৰো দীৰ্ঘ সময় ধৰি প্ৰতীক্ষিত আছিল৷ এয়াও কৃষি তথা শ্ৰম সংস্কাৰৰ সমানেই গুৰুত্বপূৰ্ণ, ইয়াৰ দ্বাৰা অধিক সংখ্যক লোকৰ জীৱন প্ৰভাৱিত হ’ব৷ ২০২০ চনত ঘোষিত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ত প্ৰযুক্তিৰ সৈতে পৰম্পৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে এনে এক নতুন ভাৰতৰ আধাৰশিলা স্থাপন কৰা হৈছে যি আন্তৰ্জাতিক মঞ্চত জ্ঞান কেন্দ্ৰৰ ৰূপত উদ্ভাসিত হোৱাৰ আকাংক্ষা পৰিলক্ষিত হৈছে৷ নতুন শিক্ষা প্ৰণালীয়ে বিদ্যাৰ্থীসকলৰ অন্তৰ্ৱতী প্ৰতিভাক বিকশিত কৰিব আৰু তেওঁলোকক জীৱনক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সক্ষম কৰি তুলিব৷ সকলো ক্ষেত্ৰতে সংকল্প আৰু দৃঢ়তাৰ সৈতে আগবঢ়াৰ সুন্দৰ পৰিণাম প্ৰদৰ্শিত হৈছে৷ ক’ৰোনাৰ প্ৰায় এবছৰৰ অপ্ৰত্যাশিত অগ্নি পৰীক্ষাৰ পিছতো ভাৰত হতাশ হোৱা নাই, বৰঞ্চ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ উজ্বলি উঠিছে৷ আমাৰ দেশত আৰ্থিক মন্দাৱস্থা সামান্য সময়ৰ বাবেহে থাকিল৷ এতিয়া আমাৰ অৰ্থ ব্যৱস্থা পুনৰ গতিশীল হৈছে৷ আত্মনিৰ্ভৰ ভাৰতে ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষাৰ বাবে স্বয়ং প্ৰতিষেধক প্ৰস্তুত কৰিছে৷ এতিয়া বিশাল পৰিসৰত টীকাকৰণৰ যি অভিযান চলিব ধৰিছে সেয়া ইতিহাসতো সবাতোকৈ বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হ’ব৷ এই প্ৰকল্পক সফল কৰি তোলাত প্ৰশাসন তথা স্বাস্থ্য  সেৱাৰ সৈতে জড়িত লোকসকল সম্পূৰ্ণ তৎপৰতাৰে কাৰ্যৰত হৈ আছে৷ মই দেশবাসীক আহ্বান জনাম যে আপোনালোক সকলো, দিশ-নিৰ্দেশ অনুসৰি, নিজৰ স্বাস্থ্যৰ কল্যাণৰ বাবে এই প্ৰতিষেধকৰূপী সঞ্জীৱনীৰ লাভ আদায় কৰক৷ আপোনালোকৰ স্বাস্থ্যই আপোনালোকৰ উন্নতিৰ পথ মুকলি কৰিব৷ আজি ভাৰতক প্ৰকৃততেই ‘ফাৰ্মাচী অব্ দা ৱৰ্ল্ড’ বুলি কোৱা হয়৷ কিয়নো আমি অনেক দেশৰ জনসাধাৰণৰ পীড়া হ্ৰাস কৰাত আৰু মহামাৰীক নিয়ন্ত্ৰণ কৰাত সহায়কাৰী ঔষধ তথা স্বাস্থ্য সেৱাৰ অন্য উপকৰণ, বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছো৷ এতিয়া আমি প্ৰতিষেধকো অন্য দেশলৈ প্ৰেৰণ কৰি আছো৷

 

মোৰ মৰমৰ দেশবাসীসকল,

যোৱা বৰ্ষত বিভিন্ন পৰ্যায়ত অনেক প্ৰত্যাহ্বানৰ সন্মুখীন আমি হৈছো৷ আমি আমাৰ সীমাত প্ৰসাৰণবাদী গতিবিধিৰ সন্মুখীন হ’বলগীয়া হৈছো৷ কিন্তু আমাৰ সাহসী সেনাসকলে ইয়াক হেলাৰঙে ওফৰাই পেলাইছে৷ ইয়াৰ বাবে আমাৰ ২০ জন জোৱানে বীৰগতি লাভ কৰিছে৷ সমগ্ৰ দেশবাসী সেই অমৰ জোৱানসকলৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ব৷ অৱশ্যে আমি শান্তিৰ বাবে নিজৰ দায়িত্বত অটল আছো৷ তথাপিও আমাৰ স্থলসেনা, বায়ু সেনা আৰু নৌসেনা- আমাৰ সুৰক্ষাৰ বিৰুদ্ধে যিকোনো দুঃসাহস বিফল কৰাৰ বাবে  পূৰ্ণ প্ৰস্তুতিৰ সৈতে সষ্টম হৈ আছে৷ প্ৰত্যেক পৰিস্থিতিত, আমাৰ ৰাষ্ট্ৰৰ হিতৰ ৰক্ষাৰ বাবে আমি সম্পূৰ্ণৰূপে সষ্টম৷ ভাৰতৰ সুদৃঢ় তথা সিদ্ধান্তভিত্তিক বিষয়সমূহ আন্তৰ্জাতিক মহলে ভালদৰেই জানে৷

ভাৰতে প্ৰগতিৰ পথত আগবাঢ়ি বিশ্ব দৰবাৰত নিজৰ সমুচিত স্থান নিৰ্ধাৰণ কৰিছে৷ বিগত কেইটামান বৰ্ষত ভাৰতৰ প্ৰভাৱক্ষেত্ৰ অধিক বিস্তৃত হৈছে তথা ইয়াত বিশ্বৰ ব্যাপক ক্ষেত্ৰ অন্তৰ্ভুক্ত হৈছে৷ যি অসাধাৰণ সমৰ্থনৰ সৈতে এই বৰ্ষটোত ভাৰতে অস্থায়ী সদস্যৰ ৰূপত নিৰাপত্তা পৰিষদত প্ৰৱেশ কৰিছে, তাৰ জৰিয়তে ভাৰতৰ বৰ্ধিত প্ৰভাৱ প্ৰদৰ্শিত হৈছে৷ বিশ্ব দৰবাৰৰ বিভিন্ন ৰাজনেতাৰ সৈতে আমাৰ সম্বন্ধৰ গভীৰতা বহুগুণে বৃদ্ধি হৈছে৷ আমাৰ প্ৰাণৱন্ত গণতন্ত্ৰৰ ভেঁটিত ভাৰতে এক দায়িত্বশীল আৰু বিশ্বস্ত ৰাষ্ট্ৰৰ ৰূপত নিজৰ সহযোগিতা আগবঢ়াইছে৷

এই সন্দৰ্ভত আমাৰ সকলোৰে হিতাৰ্থে আমি সকলোৱে সংবিধানত নিহিত আদৰ্শক, সূত্ৰ বাক্যৰ দৰে সৰ্বদা মনত ৰখাটো আৱশ্যক৷ মই এয়া পূৰ্বেও কৈছো আৰু পুনৰ দোহাৰিব বিচাৰিছো যে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শক মন্থন কৰাটো আমাৰ দিনচৰ্যাৰ এক অংশ হ’ব লাগে৷ আমি যথাসম্ভৱ প্ৰয়াস কৰিব লাগে যাতে সমাজৰ এজনো সদস্য  দুখী অথবা অভাৱগ্ৰস্ত হ’ব নালাগে৷ সমতা আমাৰ গণতন্ত্ৰৰ মহান যজ্ঞৰ বীজ মন্ত্ৰ হিচাপে বিবেচিত হৈছে৷ সামাজিক সমতাৰ আদৰ্শই প্ৰত্যেক ব্যক্তিৰ গৰিমা সুনিশ্চিত কৰে, য’ত আমাৰ গাঁওবাসী, মহিলা, অনুসূচীত জাতি তথা জনজাতিসহিতে বঞ্চিত দুৰ্বল বৰ্গৰ লোক, দিব্যাংগ তথা বয়সস্থ, সকলো লোক অন্তৰ্ভুক্ত আছে৷ আৰ্থিক সমতাৰ আদৰ্শই সকলোৰে বাবে সুযোগৰ সমতা আৰু পিছ পৰি থকা লোকসকলৰ সহায়তা সুনিশ্চিত কৰাৰ আমাৰ সাংবিধানিক দায়িত্বক স্পষ্ট কৰি তোলে৷ সহানুভূতিৰ ভাৱনা পৰোপকাৰৰ কাৰ্যৰ দ্বাৰাই অধিক শক্তিশালী হয়৷ পৰস্পৰৰ ভ্ৰাতৃত্ববোধৰ নৈতিক আদৰ্শই আমাৰ পথ প্ৰদৰ্শকৰ ৰূপত আমাৰ অনাগত সামূহিক যাত্ৰাৰ পথ প্ৰশস্ত কৰিব৷ আমি সকলোৱে ‘সাংবিধানিক নৈতিকতা’ৰ সেই পথত নিৰন্তৰে আগবাঢ়িব লাগিব যাৰ উল্লেখ বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰে ৪ নৱেম্বৰ ১৯৪৮ তাৰিখে সংবিধানৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ সময়ত, সংবিধানৰ সভাৰ ভাষণত  কৰিছিল৷  তেওঁ স্পষ্টভাৱে কৈছিল যে ‘সাংবিধানিক নৈতিকতা’ৰ অৰ্থ হ’ল- সংবিধানত নিহিত মূল্যৰ সৰ্বোপৰি পালন কৰা৷

 

মোৰ মৰমৰ দেশবাসীসকল,

আমাৰ গণতন্ত্ৰৰ স্থাপনাৰ উৎসৱ পালন কৰাৰ এই উপলক্ষত মোৰ ধ্যান বিদেশত স্থিত আমাৰ ভাই-ভনীসকললৈও গৈছে৷ প্ৰবাসী ভাৰতীয়সকল আমাৰ দেশৰ গৌৰৱ৷ আন দেশত স্থিত ভাৰতীয়সকলে বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰিছে৷ তাৰে কিছু সংখ্যক লোকে ৰাজনৈতিক নেতৃত্বৰ উচ্চস্তৰত প্ৰৱেশ কৰিছে, আৰু অনেক লোকে বিজ্ঞান, কলা, শিক্ষা, সমাজ সেৱা আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো বহুমূলীয়া অৱদান আগবঢ়াইছে৷ আপোনালোক সকলো প্ৰবাসী ভাৰতীয়ই নিজৰ বৰ্তমানৰ কৰ্মভূমিৰো গৌৰৱ বৃদ্ধি কৰিছে৷ আপোনালোকৰ পূৰ্বজৰ ভূমি ভাৰতৰ পৰা মই আপোনালোক সকলোলৈ আন্তৰিক শুভকামনা জনাইছো৷ আমাৰ সশস্ত্ৰবাহিনী, অৰ্ধসামৰিক আৰক্ষীৰ জোৱান, প্ৰায় সকলোৱে পৰিয়ালৰ পৰা দূৰৈত থাকি উৎসৱ পালন কৰে৷ সেই সকলো জোৱানকো মই বিশেষভাৱে অভিনন্দন জনাইছো৷

 

মই পুনৰবাৰ আপোনালোক সকলো দেশবাসীক গণতন্ত্ৰৰ দিৱসৰ শুভকামনা জনাইছো৷

ধন্যবাদ!

জয় হিন্দ!



(Release ID: 1692316) Visitor Counter : 3328