ভাৰতীয় নিৰ্বাচন আয়োগ

২০২১ৰ ২৫ জানুৱাৰীত উদযাপন কৰা হ’ব ‘ৰাষ্ট্ৰীয় ভোটদাতা দিৱস’(এনভিডি)

‘আমাৰ ভোটদাতাসকলক সামৰ্থ্যবান, ততপৰ, নিৰাপদ আৰু তথ্য সমৃদ্ধ কৰা’-টো হ’ব এই বছৰৰ ‘এনভিডি’-ৰ প্ৰতিপাদ্য বিষয়বস্তু

Posted On: 24 JAN 2021 5:19AM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে অহা ২৫ জানুৱাৰীত একাদশ সংখ্যক ৰাষ্ট্ৰীয় ভোটদাতা দিৱস উদযাপন কৰিব।

ভাৰতৰ নিৰ্বাচন আয়োগৰ সৌজন্যত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দ। নতুন দিল্লীৰ অশোকা হোটেলত অনুষ্ঠিতব্য অনুষ্ঠানটোত সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্ছুৱেল মাধ্যমৰে সংযোজিত হব।

কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু বৈদ্যুতীন তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।

আমাৰ ভোটদাতাসকলক সামৰ্থ্যবান, তত্পৰ, নিৰাপদ আৰু তথ্য সমৃদ্ধ কৰা-টো হব এই বছৰৰ এনভিডি-ৰ প্ৰতিপাদ্য বিষয়বস্তু। ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ প্ৰক্ৰিয়া নিৰাপদে সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিস্থা দিৱসটিক ২০১১চনৰ পৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। প্ৰণিধানযোগ্য যে, ১৯৫০চনৰ ২৫ জানুৱাৰীক নিৰ্বাচন আয়োগৰ প্ৰতিস্থা দিৱস হিচাপে গণ্য কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে নাগৰিকসকলৰ মাজত নিৰ্বাচনৰ গুৰুত্ব, নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আদিৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটাসমূহ প্ৰদান কৰাৰ লগতে নিৰ্বাচন আয়োগৰ হেল ভোটাৰ শীৰ্ষক ৱেব ৰেডিঅ এটা আনুষ্যানিক ভাবে মুকলি কৰিব।

একেটা অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে ই-ইপিআইচি কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে পাঁচগৰাকী নতুন ভোটদাতালৈ ইলেক্টৰ ফটো আইডেণ্টিটি কাৰ্ড বিতৰণ কৰিব। ভোটদাতাসকলে এই ই-ইপিআইচি কাৰ্ড শীৰ্ষক ডিজিটেল কাৰ্ড ভোটাৰ হেল্পলাইন এপ্ আৰু https://voterportal.eci.gov.in/ and https://www.nvsp.in/ ৱেবছাইটৰ জৰিয়তে উপলব্ধ কৰিব পাৰিব।

শ্ৰী প্ৰসাদে নিৰ্বাচন আয়োগে যুগুতাই উলিওৱা তিনিখন প্ৰকাশনীৰো শুভ উন্মোচন কৰাৰ লগতে ইয়াৰ তিনিটা কপি ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব। এয়া হৈছে : ‘কনডাক্টটিং ইলেকশ্যন ডিউৰিং পেনডেমিক : এ ফটো জাৰ্ণী, এছভিইইপি এণ্ডেভউৰ্ছ : এৱাৰনেছ ইনিচিয়েটিভছ ডিউৰিং লোক সভা ইলেকশ্যন, ২০১৯ আৰু চলো কৰে মতদান

 

***

SBS/RP/KB



(Release ID: 1692040) Visitor Counter : 254